সমললৈ যাওক

স্মিতা টাণ্ডী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্মিতা টাণ্ডী

তাণ্ডীয়ে ২০১৬ চনৰ নাৰি শক্তিপুৰস্কাৰ লাভ কৰে।
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা আৰক্ষী কনিষ্টবল
নিয়োগকৰ্তা ভাৰতীয় আৰক্ষী সেৱা
জনা যায় ফেচবুক সক্ৰিয়তা

স্মিতা টাণ্ডী (ইংৰাজী: : Smita Tandi; জন্ম প্ৰায় ১৯৯২) ছত্তীশগড় ৰাজ্যৰ এগৰাকী ভাৰতীয় আৰক্ষী কনিষ্টবল। চিকিৎসাৰ বাবে ধন দিব নোৱাৰা লোকসকলক সহায়ৰ বাবে এটা পুঁজি স্থাপন কৰি মানৱীয় প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

স্মিতা টাণ্ডীয়ে আৰক্ষী কনিষ্টবল হিচাপে কাম কৰে।[1] ২০১৩ চনত আৰক্ষীৰ বাবেও কাম কৰা দেউতাক অসুস্থ হৈ পৰে আৰু চিকিৎসাৰ বাবে পৰিয়ালে ধন দিব নোৱাৰাৰ বাবে তেওঁৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত তাণ্ডীয়ে চিকিৎসা লাভ কৰিব নোৱাৰা লোকসকলৰ বাবে জীৱনদ্বীপ নামৰ এটা পুঁজি স্থাপন কৰে।[2] ২০১৫ চনত এই পুঁজিৰ প্ৰচাৰৰ বাবে ফেচবুক একাউণ্ট খুলিছিল আৰু বিশ মাহৰ পিছত তেওঁৰ প্ৰায় ৭.২ লাখ (৭২০,০০০) অনুগামী আহিল।[1][3] ইয়াৰ পিচত যেতিয়াি টাণ্ডীয়ে সহায়ৰ বাবে অনুৰোধ পায়, তেতিয়াই তেওঁ ব্যক্তিজনক লগ কৰে আৰু যদি কাহিনীটো সঁচা হয়, তেন্তে তেওঁ তাৰ পিছত ফেচবুকত এই বিষয়ে পোষ্ট কৰে আৰু ধনৰ বাবে আবেদন জনায়।[1]

টাণ্ডীয়ে তেওঁৰ মানৱীয় প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে ২০১৬ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।[4] তেওঁৰ উৰ্ধতন বিষয়াসকলে তেওঁৰ সক্ৰিয়তাৰ কথা শুনি টাণ্ডীক ভিলাই মহিলাৰ হেল্পলাইনত ছ’চিয়েল মিডিয়াৰ অভিযোগৰ সৈতে মোকাবিলা কৰা পদলৈ স্থানান্তৰ কৰে ।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

স্মিতা টাণ্ডিৰ জন্ম প্ৰায় ১৯৯২ চনত হৈছিল, আৰু তেওঁ ছত্তীশগড়ৰ দুর্গ চহৰত বসবাস কৰে। [1]তেওঁ ভলীবল খেলাত ছত্তীশগড়ৰ প্ৰতিনিধিত্ব কৰে।[1] ২০১৮ চনত, টাণ্ডিয়ে বিলাসপুৰ আৰু ভাটাপাৰাৰ মাজৰ ৰেলযাত্ৰাত তেওঁৰ ওপৰত চলা যৌন নিৰ্যাতনৰ এক ঘটনা প্ৰকাশ কৰিছিল। তেওঁৰ আক্ৰমণকাৰীক ৰেলৱে সুৰক্ষা বাহিনীয়ে (RPF) গ্ৰেপ্তাৰ কৰিছিল।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 Mishra, Ritesh (1 November 2016). "With over 7 lakh followers, Chhattisgarh cop makes Facebook platform to help" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india-news/with-over-7-lakh-followers-chhattisgarh-cop-makes-facebook-platform-to-help/story-pv27W34MbBYIYu2ELlZJOP.html. 
  2. Singh, Sanjay (7 March 2018). "International Women's Day: India's 6 most powerful women who defeated all odds". Tech Observer. Archived from the original on 30 October 2020. https://web.archive.org/web/20201030072152/https://techobserver.in/2018/03/07/international-womens-day-indias-6-most-powerful-women-who-defeated-all-odds-to-follow-their-passion/. 
  3. "She is no glam doll, yet she has 7 lakh FB fans: This Chhattisgarh cop deserves a standing ovation". InUth. 2 November 2016. Archived from the original on 6 November 2016. https://web.archive.org/web/20161106174049/http://www.inuth.com/india/smita-tandi-facebook-chhattisgarh-police-crowd-funding/. 
  4. Gupta, Moushumi Das (4 March 2017). "Nari Shakti in many forms: ISRO scientists, Sheroes, a driver to get top honours" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india-news/nari-shakti-in-many-forms-isro-scientists-sheroes-a-driver-to-get-top-honours/story-7iXeBR6fytzBVqqjaNo8iN.html. 
  5. News Desk (26 January 2018). "President Medal Awardee Inspector Smita Tandi Harassed on Moving Train; Accused Arrested" (en ভাষাত). India News. https://www.india.com/news/india/president-medal-awardee-inspector-smita-tandi-harassed-on-moving-train-accused-arrested-after-she-tweets-her-ordeal-2863902/.