সমললৈ যাওক

স্মিতা থাকৰে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্মিতা থাকৰে
জন্ম মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৯৭ –বৰ্তমান
দাম্পত্যসঙ্গী জয়দেৱ থাকৰে (বি. ভুল: অযোগ্য সময়এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ)

স্মিতা থাকৰে ইংৰাজী: : Smita Thackeray ;এগৰাকী ভাৰতীয় সমাজ কৰ্মী তথা চলচ্চিত্ৰ প্ৰযোজক। ৰাহুল প্ৰডাকচন আৰু মুক্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক। মহিলা সুৰক্ষা, এইচ আই ভি/এইডছ সজাগতা আৰু মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আহিছে। ১৯৯৯ চনৰ জুন মাহত মুক্তি পোৱা হিন্দী ভাষাৰ কমেডী ছবি হাছিনা মান জায়েগীত তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায় আৰু বিশ্বজুৰি ২৭ কোটি টকা উপাৰ্জন কৰে। তেতিয়াৰ পৰাই তেওঁ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগত ব্যাপকভাৱে কাম কৰে।[1]

আৰম্ভণিৰ জীৱন

[সম্পাদনা কৰক]

১৯৫৮ চনৰ ১৭ আগষ্টত[2] মুম্বাইৰ এটা মধ্যবিত্তীয় মহাৰাষ্ট্ৰীয় পৰিয়ালত স্মিতা থাকৰেৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম মধুকৰ চিত্ৰে আৰু কুণ্ডা চিত্ৰে। ছাবিলদাস গাৰ্লছ হাইস্কুল, দাদাৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল। সৰুতে মাৰাঠী শাস্ত্ৰীয় গায়কীৰ প্ৰশিক্ষণ লাভ কৰিছিল। মুম্বাইৰ ৰূপৰেল কলেজৰ পৰা জেনেটিক্সত সন্মান সহ বিজ্ঞানত স্নাতক (বি এছ চি) ডিগ্ৰী লাভ কৰে।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

থাকৰে প্ৰথমে চেণ্টুয়াৰ হোটেলত কাম কৰিছিল য'ত তেওঁ সৰু ষ্টাইপেণ্ডৰ বাবে প্ৰশাসনিক আৰু পৰিচালনাৰ কামবোৰ চম্ভালিছিল।[3] তেখেতে ১৯৯৭ চনত মুক্তি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ হিচাপে কাম কৰে। ২০০১ চনৰ পৰা ২০০৩ চনলৈকে তেওঁ ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সংস্থা (IMPPA)[4] ৰ সভানেত্ৰী আছিল।[5][6] আইএমপিপিএত থকা সময়ছোৱাত তেওঁ পাইৰেচি আৰু সংবাদ মাধ্যমৰ পুনৰ বিতৰণৰ বিষয়ে কথোপকথন আৰম্ভ কৰিছিল, বিশেষকৈ মুক্তিৰ পিছত টেলিভিছন আৰু অন্যান্য সংবাদ মাধ্যমত ছবি আৰু বিষয়বস্তুৰ নৈতিক প্ৰদৰ্শনৰ বিষয়ে।[7]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • ইণ্ডিয়ান চলচ্চিত্ৰ প্ৰযোজক সংস্থাই ২০০৮ চনৰ ১৬ ছেপ্টেম্বৰত ৬৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত প্ৰশংসা বঁটা প্ৰদান কৰে।।[8]
  • এল আৰ এক্টিভ অইলে ২০১৩ চনত ভাৰত সমাজলৈ সমাজ সেৱা আৰু ৰাজনীতিত অপৰিসীম অৱদানৰ বাবে মহিলা প্ৰেৰণা বঁটা প্ৰদান কৰে।[9]
  • HEX World এ সামাজিক অৱদানৰ বাবে নিউজ মেকাৰছ এচিভমেণ্ট ২০১০ উপস্থাপন কৰিছিল[10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

স্মিতা থাকৰে মধুকৰ চিত্ৰে আৰু কুণ্ডা চিত্ৰেৰ কন্যা। তেওঁৰ দুগৰাকী ভগ্নী আছে, নাম স্বাতী আৰু সুষমা। তেওঁলোক উপনগৰ মুম্বাইৰ এটা মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। ১৯৮৬ চনত বাল থাকৰেৰ পুত্ৰ জয়দেৱ থাকৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ২০০৪ চনত বিবাহ বিচ্ছেদ হয়,[11] যদিও তেওঁ নিজৰ শহুৰেকৰ ঘৰ 'মাতোশ্ৰী'ত থাকিবলৈ লয়।[citation needed] তেওঁৰ দুজন পুত্ৰ আছে, ডাঙৰ জন ৰাহুল থাকৰে তেওঁৰ আৰু সৰু জন আইশ্বৰী থাকৰে । ৰাহুল আৰু আইশ্বৰী, আমেৰিকান স্কুল অৱ বম্বেৰ পৰা স্নাতক হয়। ৰাহুলে টৰন্টো ফিল্ম স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু বৰ্তমান তেওঁ এজন মাৰাঠী আৰু হিন্দী চলচ্চিত্ৰ লেখক/পৰিচালক[12][13] আৰু চলচ্চিত্ৰ নিৰ্মাতা।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "From receptionist to powerful socialite, Smita Thackeray has come a long way". India Today. https://www.indiatoday.in/magazine/profile/story/19990712-from-receptionist-to-powerful-socialite-smita-thackeray-has-come-a-long-way-824557-1999-11-30। আহৰণ কৰা হৈছে: 13 April 2019. 
  2. "Ayushmann Khurrana, Darshan Kumaar and many celebs at Smita Thackeray's birthday". PINKVILLA. Archived from the original on 12 November 2016. https://web.archive.org/web/20161112112337/http://www.pinkvilla.com/entertainment/photos/339541/ayushmann-khurrana-darshan-kumaar-and-many-celebs-smita-thackeray-s। আহৰণ কৰা হৈছে: 15 August 2018. 
  3. "From receptionist to powerful socialite, Smita Thackeray has come a long way". India Today. 30 November 1999. https://www.indiatoday.in/magazine/profile/story/19990712-from-receptionist-to-powerful-socialite-smita-thackeray-has-come-a-long-way-824557-1999-11-30। আহৰণ কৰা হৈছে: 30 August 2018. 
  4. "Smita Thackeray has a plan. Or three". The Times of India. https://timesofindia.indiatimes.com/bombay-times/Smita-Thackeray-has-a-plan-Or-three/articleshow/19586582.cms। আহৰণ কৰা হৈছে: 23 July 2018. 
  5. "Smita Thackeray elected president of Film Federation of India". India Today. 17 December 2001. https://www.indiatoday.in/magazine/signposts/story/20011217-smita-thackeray-elected-president-of-film-federation-of-india-774865-2001-12-17। আহৰণ কৰা হৈছে: 24 August 2018. 
  6. "Smita Thackeray re-elected Impaa president". The Times of India. 22 September 2002. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Smita-Thackeray-re-elected-Impaa-president/articleshow/23492599.cms। আহৰণ কৰা হৈছে: 24 August 2018. 
  7. "Smita Thackeray for strict action on piracy". The Times of India. https://timesofindia.indiatimes.com/city/lucknow/Smita-Thackeray-for-strict-action-on-piracy/articleshow/21002818.cms। আহৰণ কৰা হৈছে: 25 July 2018. 
  8. "IMPPA Awards". The Times of India. https://photogallery.indiatimes.com/events/mumbai/imppa-awards/articleshow/3541233.cms। আহৰণ কৰা হৈছে: 20 February 2019. 
  9. "Women's Prerna Awards'13". The Times of India. https://photogallery.indiatimes.com/awards/awards-and-honours/womens-prerna-awards13/articleshow/19474028.cms। আহৰণ কৰা হৈছে: 23 August 2018. 
  10. Hungama, Bollywood (4 May 2010). "Smita Thackeray received Newsmakers Achievers Awards 2010 | Parties & Events – Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/news/parties-and-events/smita-thackeray-received-newsmakers-achievers-awards-2010/। আহৰণ কৰা হৈছে: 20 February 2019. 
  11. "Defiant daughter-in-law adds to Sena woes". প্ৰকাশক Kolkota: The Telegraph. https://www.telegraphindia.com/india/defiant-daughter-in-law-adds-to-sena-woes/cid/574808। আহৰণ কৰা হৈছে: 20 February 2019. 
  12. Deepali S Dhingra. "Why it's films for this Thackeray grandson". The Times of India (Bombay Times). 
  13. "BT Exclusive: Smita Thackeray's son Rahul to direct biopic on Bal Thackeray titled 'Saheb'". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/BT-Exclusive-Smita-Thackerays-son-Rahul-to-direct-biopic-on-Bal-Thackeray-titled-Saheb/articleshow/48501954.cms। আহৰণ কৰা হৈছে: 31 August 2018.