সমললৈ যাওক

স্মৃতি মোৰাৰকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্মৃতি মোৰাৰকা

স্মৃতি মোৰাৰকা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা মহিলাৰ বাবে ছফিয়া কলেজ
লৰেটো কলেজ, কলকাতা
পেচা সমাজ কৰ্মী
জনা যায় হাতেৰে বোৱা কাপোৰক পুনৰুজ্জীৱিত কৰা, মানসিক স্বাস্থ্যৰ পোষকতা কৰা
দাম্পত্যসঙ্গী গৌতম মোৰাৰকা[1]
সন্তান উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; সমলবিহীন refসমূহৰ অৱশ্যেই এটা নাম থাকিব লাগিব।
বঁটা, সন্মান, পুৰস্কাৰ আদি "মহিলা শক্তি বঁটা" নাৰী শক্তিপুৰস্কাৰ (২০১৯)

স্মৃতি মোৰাৰকা ইংৰাজী: : Smriti Morarka ;হাতেৰে বোৱা কাপোৰ পুনৰুজ্জীৱিত কৰি মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰা এগৰাকী ভাৰতীয় সমাজ কৰ্মী। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা তেখেতে আগবঢ়োৱা আদৰ্শৰ স্বীকৃতি স্বৰূপে "মহিলা শক্তি বঁটা" নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰে।[2]

মোৰাৰ্কাই ৱেলহাম গাৰ্লছ স্কুল,[1][বিফল পৰীক্ষণ] ছফিয়া কলেজ ফৰ উইমেন আৰু কলকাতাৰ লৰেটো কলেজত শিক্ষা গ্ৰহণ কৰিছিল য'ত তেওঁ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।[3] তাইৰ পৰিয়ালে শিল্প সংগ্ৰহ কৰিছিল। মাকে বাৰাণসীত ইণ্ড’লজী, ধৰ্ম আৰু সাংস্কৃতিক অধ্যয়নৰ বিশেষীকৃত এখন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল। কাৰ্চীত তেওঁ এনে কিছুমান শিপিনীক সাক্ষাত কৰিছিল যিসকলে নিজৰ তাঁতশালত বোৱা কামৰ বাবে ক্ৰেতা বিচাৰি পোৱা নাছিল ।[4]

মোৰাৰ্কাই ১৯৯৮ চনত "তন্তুবি" নামৰ এটা ব্ৰেণ্ড আৰম্ভ কৰিছিল[1] যাৰ লক্ষ্য আছিল তেওঁলোকৰ বোৱা কাপোৰ বিক্ৰী কৰা,[5] যদিও এই উদ্যোগটো সাধাৰণতে অৱনতি অভিমুখী হৈছিল।[5] "তন্তুবি" হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ "তাঁতি"। তেওঁ তন্তুবিক নিজৰ তৃতীয় সন্তানৰ দৰে বিবেচনা কৰিছিল, আৰু তেওঁৰ সৈতে কাম কৰা ৮০-১০০ গৰাকী তাঁতীৰ দ্বাৰা তাঁতশালত সৃষ্টি কৰা শিল্প কৰ্মৰ বাবে সপ্তাহৰ ছয় দিন ব্যস্ত হৈ থাকে।[1]

তেওঁ উপলব্ধি কৰিলে যে তেওঁ ব্যৱসায় কৰাৰ ধৰণটো উন্নত কৰাৰ প্ৰয়োজন আছে। তেওঁ জানিছিল যে যদিও হাতেৰে বোৱা সামগ্ৰীবোৰ ব্যয়বহুল হ'ব লাগিব, কিন্তু তেওঁ দেখিছিল যে ইয়াৰ গুণগত মান অতুলনীয়,[6] যদিও উদ্যোগটো "এডাল সূতাৰ ওপৰত অৱলম্বিত"।[7] পূৰ্বে কাপোৰবোৰ ডিলাৰসকলে অতি সস্তাতে কিনিছিল আৰু তাৰ পিছত অধিক দামত বিক্ৰী কৰিছিল। তেওঁ তাঁতিসকলৰ বাবে ন্যায়সংগত লাভ নিশ্চিত কৰা এক নতুন মডেল গঢ়ি তুলিলে। প্ৰায় ৫০,০০০ টকাত বিক্ৰী হোৱা শাৰী সৃষ্টিত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।[8]

২০১৯ চনত তেওঁক নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰা হয়।[2] ৰাষ্ট্ৰপতি ভৱনত "২০১৮" বঁটা প্ৰদান কৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত আছিল।[9] মৰাৰ্কা মানসিক স্বাস্থ্যৰ সৈতে জড়িত মনোৎসৱ ফাউণ্ডেশ্যনৰ এগৰাকী ট্ৰাষ্টী।[3]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

উদ্যোগপতি গৌতম আৰ মোৰাৰকাৰ সৈতে তেওঁৰ বিবাহ হয়।[10][11] তেওঁলোকৰ দুটা সন্তান আছে।[citation needed]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 "Weaving a success story" (en-US ভাষাত). The Financial Express. 2005-09-04. https://www.financialexpress.com/archive/weaving-a-success-story/75061/। আহৰণ কৰা হৈছে: 2020-05-22. 
  2. 2.0 2.1 LSChunav. "स्मृति मोरारका को नारी शक्ति पुरस्कार, बुनकरी कला को संकट से उबारने पर राष्ट्रपति ने किया सम्मानित" (hi ভাষাত). www.loksabhachunav.com. https://www.loksabhachunav.com/news/smriti-morarka-got-nari-shakti-puraskar। আহৰণ কৰা হৈছে: 2020-05-21. [সংযোগবিহীন উৎস]
  3. 3.0 3.1 "Smriti G Morarka - trustee" (en-US ভাষাত). Monotsav.com. https://www.manotsav.com/team/smriti-g-morarka/। আহৰণ কৰা হৈছে: 2020-05-21. 
  4. "We should provide Indian crafts a secure environment to thrive: Smriti Morarka" (en-US ভাষাত). The Indian Express. 2018-12-11. https://indianexpress.com/article/lifestyle/fashion/smriti-morarka-benaras-weavers-fashion-turkish-embassy-5470804/। আহৰণ কৰা হৈছে: 2020-04-28. 
  5. 5.0 5.1 Panicker, Anahita (2018-05-05). "In this documentary, Varanasi's sari weavers talk about their craft and its present state of decline" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/in-this-documentary-varanasis-sari-weavers-talk-about-their-craft-and-its-present-state-of-decline/article23774217.ece. 
  6. WCD, Ministry of (2019-03-08). "Ms. Smriti Morarka - #NariShakti Puraskar 2018 Awardee in Individual category.pic.twitter.com/ymtdopI9Hq" (en ভাষাত). @ministrywcd. https://twitter.com/ministrywcd/status/1104014419036524544। আহৰণ কৰা হৈছে: 2020-04-29. 
  7. "Hanging on a Thread" (en-IN ভাষাত). The Indian Express. 2018-08-08. https://indianexpress.com/article/lifestyle/art-and-culture/hanging-on-a-thread-national-handloom-day-varanasi-weavers-5296625/। আহৰণ কৰা হৈছে: 2020-05-21. 
  8. "Restoring the old Varanasi weave to its original glory" (en-US ভাষাত). The Sunday Guardian Live. 2018-12-15. https://www.sundayguardianlive.com/lifestyle/restoring-old-varanasi-weave-original-glory। আহৰণ কৰা হৈছে: 2020-04-28. [সংযোগবিহীন উৎস]
  9. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2020-04-11. 
  10. "IIFL - BSE/NSE, India Stock Market Recommendations, Live Stock Markets, Sensex/Nifty, Commodity Market, Financial News, Mutual Funds". https://www.indiainfoline.com/article/news-sector-others/mr-gr-morarka-chairman-md-dwarikesh-sugar-industries-113111400266_1.html. 
  11. "Weave will rock you in style - Times of India". 16 October 2001. https://timesofindia.indiatimes.com/bombay-times/Weave-will-rock-you-in-style/articleshow/519435565.cms.