সমললৈ যাওক

স্লিপিং বিউটি (১৯৫৯ চনৰ ছবি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্লিপিং বিউটী

ছবিগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক তত্ত্বাৱধায়ক পৰিচালক:
ক্লাইড গেৰোনিমি
ক্ৰম পৰিচালক:
এৰিক লাৰছন
উলফগ্যাং ৰাইথাৰমেন
লেছ ক্লাৰ্ক
কাহিনী আৰ্ডমেন পেনাৰ
জো ৰিনাল্ডি
উইনষ্টন হিবলাৰ
বিল পিট
টেড চিয়াৰ্ছ
ৰালফ ৰাইট
মিল্ট বাণ্টা
ভিত্তি চাৰ্লছ পেৰল্টৰ "স্লিপিং বিউটী"
প্ৰযোজক ৱাল্ট ডিজনী
অভিনয়ত মেৰী কষ্টা
বিল শ্বাৰ্লি
এলেনোৰ অডলী
ভাৰ্না ফেল্টন
বাৰবাৰা লুডী
বাৰবাৰা জো এলেন
টেইলৰ হোমছ
বিল থম্পছন
সম্পাদনা ৰয় এম ব্ৰুৱাৰ জুনিয়ৰ
ডনাল্ড হেলিডে’
সংগীত পৰিচালক জৰ্জ ব্ৰুঞ্চ
প্ৰযোজনা
কোম্পানী
ৱাল্ট ডিজনী প্ৰডাকচনচ
পৰিবেশক বুয়েনা ভিষ্টা ফিল্ম ডিষ্ট্ৰিবিউচন
মুক্তি
২৯ জানুৱাৰী, ১৯৫৯
দৈৰ্ঘ্য
৭৫ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ৬ নিযুত ডলাৰ[1]
সৰ্বমুঠ আয়-45 কোটি টকা ৫১.৬ নিযুত ডলাৰ[2]

স্লিপিং বিউটী (ইংৰাজী: Sleeping Beauty; জন্ম: ১৯৫৯) — ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী প্ৰডাকচনচৰদ্বাৰা নিৰ্মিত আৰু বুয়েনা ভিষ্টা ফিল্ম ডিষ্ট্ৰিবিউচনৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত। কাহিনীটোত ৰাজকুমাৰী ঔৰোৰাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যাক দুষ্ট পৰী মেলেফিচেণ্টে তাইৰ ১৬বছৰীয়া জন্মদিনত যঁতৰৰ টাকুৰীত আঙুলি ফুটি মৃত্যু হ’ব বুলি অভিশাপ দিছিল। তিনিগৰাকী দয়ালু পৰীয়ে ঔৰোৰাক ৰক্ষা কৰে আৰু অভিশাপটো সংশোধন কৰি দিয়ে যাতে তাই এক গভীৰ নিদ্ৰাত নিমগ্ন হয় আৰু কেৱল "প্ৰকৃত প্ৰেমৰ চুমা"ইহে তাইক সাৰ পোৱাব পাৰে। ছবিখনৰ নিৰ্মাণত ক্লাইড গেৰোনিমিয়ে তত্ত্বাৱধান কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰিছিল উলফগ্যাং ৰাইথাৰমেন, এৰিক লাৰছন আৰু লেছ ক্লাৰ্কে। ইয়াত মেৰী কষ্টা, বিল শ্বাৰ্লি, এলেনোৰ অডলী আৰু ভাৰ্না ফেল্টনে কণ্ঠদান কৰিছে।

১৯৫০ চনত স্লিপিং বিউটীৰ কাম আৰম্ভ হৈছিল। ছবিখন সম্পূৰ্ণ কৰিবলৈ প্ৰায় এটা দশক সময় লাগিছিল আৰু ইয়াৰ নিৰ্মাণত ব্যয় হৈছিল ৬ নিযুত ডলাৰ, যি সেই সময়ৰ ডিজনীৰ আটাইতকৈ ব্যয়-বহুল এনিমেটেড ছবি আছিল। ইয়াৰ অনন্য চিত্ৰশৈলী আইভিণ্ড আৰ্লেৰদ্বাৰা পৰিকল্পিত আছিল, যি প্ৰাক-নৱ-জাগৰণ কালৰ ইউৰোপীয় কলাৰদ্বাৰা অনুপ্ৰাণিত আছিল। ইয়াৰ সংগীত আৰু গানসমূহ জৰ্জ ব্ৰুঞ্চে ৰচনা কৰিছিল, যিবোৰ ১৮৮৯ চনৰ পিয়তৰ চাইকভস্কিৰ বালিখেলা (ballet) দ্য স্লিপিং বিউটীৰ ওপৰত ভিত্তি কৰি নিৰ্মিত আছিল। লেডী এণ্ড দ্য ট্ৰাম্প (১৯৫৫) ৰ পিছত এয়া আছিল এনামৰ্ফিক ৱাইডস্ক্ৰীণত চিত্ৰগ্ৰহণ কৰা ডিজনীৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেটেড ছবি।[3]

১৯৫৯ চনৰ ২৯ জানুৱাৰীত ছবিগৃহত মুক্তি পোৱাৰ পিছত ছবিখনে সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। যদিও ইয়াৰ কলা-নিৰ্দেশনা আৰু সংগীতৰ প্ৰশংসা কৰা হৈছিল, বহুতে ইয়াৰ কাহিনী আৰু চৰিত্ৰসমূহক সমালোচনা কৰিছিল। প্ৰাৰম্ভিক মুক্তিৰ সময়ত ছবিখন বক্স অফিচত বিফল হৈছিল আৰু ইয়াৰ বাবে এনিমেচন ষ্টুডিঅ’ৰ বহু কৰ্মীক কামৰপৰা অব্যাহতি দিবলগীয়া হৈছিল। অৱশ্যে পিছলৈ হোৱা পুনৰ মুক্তিৰ সময়ত ছবিখন সফল হয়[4] আৰু বৰ্তমান ইয়াক ডিজনীৰ অন্যতম শ্ৰেষ্ঠ কলাত্মক সৃষ্টি বুলি গণ্য কৰা হয়। ছবিখনে ৩২সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ সংগীতৰ মনোনয়ন লাভ কৰিছিল।

২০১৪ চনত মেলেফিচেণ্টৰ দৃষ্টিভংগীৰে এই ছবিখনৰ এটা লাইভ-একচন সংস্কৰণ মেলেফিচেণ্ট মুক্তি দিয়া হয়, যাৰ এটা চিকুৱেল মেলেফিচেণ্ট: মিষ্ট্ৰেছ অফ ইভিল ২০১৯ চনত মুক্তি পায়। সেই একে বছৰতে লাইব্ৰেৰী অফ কংগ্ৰেছে স্লিপিং বিউটীক "সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ" বুলি গণ্য কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীয়নত সংৰক্ষণৰ বাবে নিৰ্বাচন কৰে।

চতুৰ্দশ শতিকাৰ ইউৰোপত ৰজা ষ্টিফেন আৰু ৰাণী লিয়াৰ ঘৰত এগৰাকী কন্যা সন্তানৰ জন্ম হয়। তেওঁলোকে কন্যাৰ নাম থয় ঔৰোৰা আৰু ৰাজ্যৰ সকলো প্ৰজাক ৰাজকুমাৰীক আদৰিবলৈ আমন্ত্ৰণ জনাই এটা বন্ধৰ দিন ঘোষণা কৰে। ঔৰোৰাৰ নামকৰণৰ অনুষ্ঠানত তাইক ষ্টিফেনৰ বন্ধু ৰজা হিউবাৰ্টৰ পুত্ৰ ৰাজকুমাৰ ফিলিপৰ সৈতে বাগদান কৰোৱা হয়, যাতে তেওঁলোকৰ দুয়োখন ৰাজ্য ভৱিষ্যতে একত্ৰিত হয়। তিনিগৰাকী দয়ালু পৰী— ফ্ল’ৰা, ফনা আৰু মেৰীৱেদাৰে ঔৰোৰাক একোটাকৈ বৰদান দিয়ে। ফ্ল’ৰা আৰু ফনাই তাইক সৌন্দৰ্য আৰু সুমধুৰ কণ্ঠৰ বৰদান দিয়াৰ পাছতে তাত দুষ্ট পৰী মেলেফিচেণ্টৰ আবিৰ্ভাব হয়। অনুষ্ঠানলৈ আমন্ত্ৰণ নজনোৱাৰ বাবে খঙত একাকাৰ হৈ মেলেফিচেণ্টে ঔৰোৰাক অভিশাপ দিয়ে যে: তাইৰ ১৬বছৰীয়া জন্মদিনৰ সূৰ্যাস্তৰ আগতে ঔৰোৰাই এটা যঁতৰৰ টাকুৰীত আঙুলি ফুটাই মৃত্যুবৰণ কৰিব। মেৰীৱেদাৰৰ যাদু এই অভিশাপ সম্পূৰ্ণৰূপে মচি পেলাবলৈ পৰ্যাপ্ত নাছিল, সেয়েহে তাই নিজৰ বৰদান ব্যৱহাৰ কৰি অভিশাপটো অলপ কোমল কৰি দিয়ে। তাই কয় যে ঔৰোৰাৰ মৃত্যু নহয়, বৰঞ্চ তাই এক গভীৰ নিদ্ৰাত নিমগ্ন হ’ব আৰু কেৱল "প্ৰকৃত প্ৰেমৰ চুমা"ইহে সেই যাদু ভাঙিব পাৰিব।

ৰজা ষ্টিফেনে ভয় খাই ৰাজ্যৰ সকলো যঁতৰ জ্বলাই দিবলৈ নিৰ্দেশ দিয়ে। তিনিগৰাকী পৰীয়ে ঔৰোৰাক এটা গোপন ঠাইত লুকুৱাই ৰখাৰ আৰু ১৬ বছৰ বয়সলৈকে তাইক নিজাকৈ ডাঙৰ-দীঘল কৰাৰ এক পৰিকল্পনা কৰে। ৰজা আৰু ৰাণীয়ে অনিচ্ছাসত্ত্বেও এই কথাত সন্মতি দিয়ে। পৰীকেইগৰাকীয়ে হাবিৰ মাজৰ এটা জুপুৰি-ঘৰলৈ গুচি যায় আৰু যাদু পৰিত্যাগ কৰি সাধাৰণ মানুহৰ দৰে জীৱন-যাপন কৰিবলৈ লয়। তেওঁলোকে ঔৰোৰাৰ নাম সলাই 'ব্ৰায়াৰ ৰোজ' ৰাখে।

ঔৰোৰাৰ ১৬বছৰীয়া জন্মদিনত পৰীকেইগৰাকীয়ে তাইক বৰণ বুটলিবলৈ হাবিলৈ পঠিয়াই দিয়ে যাতে তেওঁলোকে তাইৰ বাবে এটা চাৰপ্ৰাইজ পাৰ্টি সাজু কৰিব পাৰে। হাবিত ঔৰোৰাই গীত গাই থকা অৱস্থাত এতিয়া এজন সুদৰ্শন যুৱক হৈ পৰা ফিলিপৰ চকু তাইৰ ওপৰত পৰে। দুয়োৰে মাজত প্ৰেমৰ ভাব গঢ়ি উঠে যদিও তেওঁলোকে কোনেও কাৰো নাম বা পৰিচয় প্ৰকাশ নকৰে। ঔৰোৰাই ফিলিপক সেইদিনা সন্ধিয়া তেওঁলোকৰ জুপুৰিটোলৈ আমন্ত্ৰণ জনায়। ইফালে, ঔৰোৰাৰ জন্মদিনৰ পোছাকৰ ৰঙক লৈ ফ্ল’ৰা আৰু মেৰীৱেদাৰৰ মাজত হোৱা তৰ্কই মেলেফিচেণ্টৰ পোহনীয়া কাউৰী ডায়াব্ল’ৰ দৃষ্টি আকৰ্ষণ কৰে। ঔৰোৰাই ঘৰলৈ উভতি আহি তাইৰ অভিভাৱককেইগৰাকীক কয় যে তাই এজন ল’ৰাৰ প্ৰেমত পৰিছে। পৰীকেইগৰাকীয়ে তাইৰ আচল পৰিচয় প্ৰকাশ কৰে (যিটো ডায়াব্ল’ই গোপনে শুনি থাকে) আৰু তাইক সেই ল’ৰাজনক পুনৰ কেতিয়াও লগ নধৰিবলৈ কয়। ইফালে, ফিলিপেও তেওঁৰ দেউতাকক লগ পোৱা ছোৱালীজনীৰ বিষয়ে কয় আৰু তাইক বিয়া কৰাব বিচাৰে বুলি জনায়। ৰজা হিউবাৰ্টে তেওঁক বুজাবলৈ চেষ্টা কৰিও বিফল হয়।

সূৰ্যাস্তৰ ঠিক আগমুহূৰ্তত পৰীকেইগৰাকীয়ে ঔৰোৰাক জন্মদিনৰ উৎসৱৰ বাবে ৰাজপ্ৰাসাদলৈ লৈ আহে। মেলেফিচেণ্টে এটা উজ্জ্বল পোহৰৰ দৰে আবিৰ্ভাৱ হৈ ঔৰোৰাক সন্মোহিত কৰি এটা কোঠালৈ লৈ যায়। তাত মেলেফিচেণ্টে সৃষ্টি কৰা এটা যঁতৰৰ টাকুৰীত ঔৰোৰাই আঙুলি ফুটাই দিয়ে আৰু লগে লগে এক গভীৰ নিদ্ৰাত ঢলি পৰে। পৰীকেইগৰাকীয়ে শুই থকা ঔৰোৰাক আটাইতকৈ ওখ দুৰ্গটোত শুৱাই থয় আৰু যাদূৰ সহায়ত গোটেই ৰাজ্যখনকে নিদ্ৰাত পেলাই দিয়ে যাতে ঔৰোৰা সাৰ পোৱাৰ পিছতহে তেওঁলোক সাৰ পায়। সেই সময়তে ফ্ল’ৰাই হিউবাৰ্ট আৰু ষ্টিফেনৰ কথা-বতৰা শুনি বুজি পায় যে ফিলিপেই সেই ল’ৰাজন আছিল যাক ঔৰোৰাই হাবিত লগ পাইছিল। তেওঁলোকে লৰালৰিকৈ জুপুৰিটোলৈ যায় যদিও দেখে যে মেলেফিচেণ্টে ফিলিপক ইতিমধ্যে অপহৰণ কৰিছে।

মেলেফিচেণ্টে ফিলিপক ঔৰোৰাৰ প্ৰকৃত পৰিচয় দিয়ে আৰু নিজৰ কাৰাগাৰত বন্দী কৰি থয়। পৰীকেইগৰাকীয়ে ফিলিপক উদ্ধাৰ কৰে আৰু তেওঁক যাদুকৰী 'সত্যৰ তৰোৱাল' (Sword of Truth) আৰু 'গুণৰ ঢাল' (Shield of Virtue) প্ৰদান কৰে। মেলেফিচেণ্টে ষ্টিফেনৰ ৰাজপ্ৰাসাদৰ চাৰিওফালে কাইটৰ এখন ঘন অৰণ্য সৃষ্টি কৰে যদিও ফিলিপে সেয়া অতিক্ৰম কৰি আগবাঢ়ি যায়। খঙত একাকাৰ হৈ মেলেফিচেণ্টে এটা বিয়াগোম জুই নিৰ্গত কৰা ড্ৰেগনৰ ৰূপ ধৰে। পৰীকেইগৰাকীয়ে ফিলিপৰ তৰোৱালখনত যাদু কৰি দিয়ে আৰু ফিলিপে তৰোৱালখন মেলেফিচেণ্টৰ বুকুলৈ লক্ষ্য কৰি দলিয়াই দিয়ে, যাৰ ফলত মেলেফিচেণ্টৰ মৃত্যু হয়।

ফিলিপে ঔৰোৰাক বিচাৰি উলিয়ায় আৰু এটা চুমাৰে তাইক জগাই তোলে। লগে লগে সমগ্ৰ ৰাজ্যৰ মানুহৰে নিদ্ৰা ভঙ্গ হয়। ঔৰোৰা আৰু ফিলিপ ৰাজকীয় নৃত্য কক্ষলৈ নামি আহে, য’ত ঔৰোৰা মাক-দেউতাকৰ সৈতে পুনৰ মিলিত হয় আৰু ফিলিপৰ সৈতে আনন্দৰে নাচিবলৈ ধৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Thomas 1994.
  2. "Sleeping Beauty". IMDbBox Office Mojo. https://www.boxofficemojo.com/title/tt0053285/ আহৰণ কৰা হৈছে: January 5, 2012.
  3. Maltin 1987.
  4. Smith, Dave. ""Sleeping Beauty" Movie History". Disney Archives. http://disney.go.com/vault/archives/movies/sleeping/sleeping.html আহৰণ কৰা হৈছে: January 28, 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]