সমললৈ যাওক

সৰলা গ্ৰেৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰলা গ্ৰেৱাল
নৱম মধ্যপ্ৰদেশৰ ৰাজ্যপাল
কাৰ্যকাল
৩১ মাৰ্চ ১৯৮৯ – ৫ ফেব্ৰুৱাৰী
মুখ্যমন্ত্ৰী মোটিলাল ভোৰা
শ্যামা চৰণ শুক্লা
পূৰ্বসূৰী কিঝেকেথিল চাণ্ডী
উত্তৰসূৰী এম এ খান
ব্যক্তিগত তথ্য
জন্ম ৪ অক্টোবৰ ১৯২৭
মৃত্যু ২৯ জানুৱাৰী, ২০০২ (৭৪ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান হন্স ৰাজ মহিলা মহাবিদ্যালয়

সৰলা গ্ৰেৱাল (ইংৰাজী: : Sarla Grewal ৪ অক্টোবৰ ১৯২৭ – ২৯ জানুৱাৰী ২০০২) ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল, যেতিয়া তেওঁ ১৯৫২ চনত আই এ এছত যোগদান কৰিছিল।মধ্যপ্ৰদেশৰ ৰাজ্যপাল (১৯৮৯–১৯৯০) আছিল। ৰাজীৱ গান্ধীৰ প্ৰধান সম্পাদিকা আছিল।[1][2][3][4]

ওপৰত উল্লেখ কৰা পদবোৰৰ উপৰিও চিমলাৰ প্ৰথম উপায়ুক্ত, ডব্লিউ এইচ অ’ আৰু ইউনিচেফৰ প্ৰধানমন্ত্ৰীৰ সচিব আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

জাট শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা গ্ৰেৱালে হন্স ৰাজ মহিলা মহাবিদ্যালয় ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৫২ চনত আই এ এছত যোগদান কৰে।তাৰ পিছত ১৯৫৬ চনত ডেপুটি কমিছনাৰ হিচাপে ভাৰতৰ ভিতৰতে দেশজুৰি এই পদত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা হিচাপে কাৰ্য নিৰ্বাহ কৰে। স্বাস্থ্য, শিক্ষা আৰু সমাজ কল্যাণমূলক আঁচনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি উন্নয়নশীল দেশসমূহৰ সমাজ সেৱাৰ ওপৰত এল এছ ইত ব্ৰিটিছ কাউন্সিল বৃত্তি লাভ কৰে।

১৯৬৩ চনত পঞ্জাৱত স্বাস্থ্য সচিব হোৱাৰ লগতে তেওঁৰ কাৰ্যকালত পঞ্জাবে ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণৰ বাবে চাৰিটা বঁটা লাভ কৰে। ১৯৮৫ চনত গ্ৰেৱালক প্ৰধানমন্ত্ৰীৰ সম্পাদক নিযুক্তি দিয়া হয়। জীৱনৰ পিছৰ কালছোৱাত তেওঁ ট্ৰিবিউন ট্ৰাষ্টৰ অধ্যক্ষ হয় যিটো তেওঁ মৃত্যুৰ আগলৈকে চলাই থাকে।[5]

মৃত্যুৃৃ ২০০২ চনৰ ২৯ জানুৱাৰীত পালমোনাৰী যক্ষ্মা আৰু দীৰ্ঘদিনীয়া বৃক্ক বিকলতাৰ বাবে গ্ৰেৱালৰ মৃত্যু হয়।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]