সমললৈ যাওক

সৰস্বতী গোড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰস্বতী গোড়া
জন্ম 28 September 1912 (1912-09-28)
ভাৰত
মৃত্যু ১৯ আগষ্ট, ২০০৬ (৯৩ বছৰ)
বিজয়াৱাড়া, ভাৰত
পেচা সমাজকৰ্মী
জনা যায় নাস্তিক কেন্দ্ৰৰ সহ-প্ৰতিষ্ঠাপক।
দাম্পত্যসঙ্গী গোড়া
সন্তান ৯, লাৱনম
চেন্নুপতি বিদ্যা সহ।
আত্মীয়-স্বজন হেমলাথা লাভনাম (বোৱাৰী)
বঁটা, সন্মান, পুৰস্কাৰ আদি যমুনালাল বাজাজ বঁটা (১৯৯৯)

সৰস্বতী গোড়া (ইংৰাজী: Saraswathi Gora; ২৮ ছেপ্টেম্বৰ ১৯১২ – ১৯ আগষ্ট ২০০৬) হ'ল এগৰাকী ভাৰতীয় সমাজকৰ্মী যিগৰাকীয়ে‍ বহু বছৰ ধৰি নাস্তিক কেন্দ্ৰৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, অস্পৃশ্যতা আৰু জাতি ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল।

১৯৩০-ৰ দশকত সৰস্বতীয়ে স্বামী গোড়াৰ সৈতে দেৱদাসী আৰু বিধৱাৰ পুনৰ্বিবাহত বিজয়ী হৈছিল আৰু সম্পন্ন কৰিছিল। তেওেঁলাকে অস্পৃশ্যতা আৰু জাতি ব্যৱস্থা বিলুপ্ত কৰাৰ বাবে আৰু সমাজ সংস্কাৰৰ দিশত কৰা প্ৰচেষ্টাৰ বিষয়ে জানিব পাৰি ১৯৪৪ চনত মহাত্মা গান্ধীৰ সেৱাগ্ৰামত থকা মহাত্মা গান্ধীৰ আশ্ৰমলৈ নিমন্ত্ৰণ কৰা হয় আৰু তাতেই দুসপ্তাহ থাকে।[1]

স্বামীৰ সৈতে সৰস্বতীয়ে ১৯৪০ চনত নাস্তিক কেন্দ্ৰ স্থাপন কৰে। তেওঁলোকৰ লক্ষ্য আছিল নাস্তিকতা, যুক্তিবাদ আৰু গান্ধীবাদৰ ওপৰত ভিত্তি কৰি মানৱীয় মূল্যবোধৰ প্ৰচাৰ কৰা।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ তেওঁ এগৰাকী ৰাজনৈতিক কৰ্মী, ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাগাৰত বন্দী হৈছিল। ডেৰ-দুবছৰীয়া পুত্ৰ নিয়ন্তাক লৈ তেওঁ জেললৈ গৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁৰ আত্মজীৱনী মাই লাইফ উইথ গোড়া ২০১২ চনত প্ৰকাশ পাইছিল (তেলেগু ভাষাত)। ২০০৬ চনৰ ১৯ ​​আগষ্টত বিজয়াৱাদাত হাওঁফাওঁৰ সংক্ৰমণৰ বাবে তেওঁৰ মৃত্যু হয়।[2]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

২০০০ চনত কৰ্ণাটক চৰকাৰে প্ৰদান কৰা বাসৱপুৰস্কাৰৰ বাবে তেওঁ নিৰ্বাচিত হয়। তেওঁ মানৱতাবাদৰ বাবে জি. ডি. বিৰলা আন্তঃৰাষ্ট্ৰীয় বঁটা, জামনালাল বাজাজ বঁটা (১৯৯৯), জানকী দেৱী বাজাজ বঁটা আৰু পটি শ্ৰীৰামুলু তেলেগু বিশ্ববিদ্যালয়ৰ বঁটা লাভ কৰিছে।[3][4][5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Saraswathi Gora selected for Basava Puraskar". The Hindu. 5 April 2001. http://www.thehindu.com/2001/04/05/stories/0405402h.htm. [সংযোগবিহীন উৎস]
  2. "Saraswathi Gora passes away". The Hindu. 20 August 2006. Archived from the original on 21 October 2012. https://web.archive.org/web/20121021123416/http://www.hindu.com/2006/08/20/stories/2006082015870900.htm. 
  3. "Jamnalal Bajaj Awards Archive". Jamnalal Bajaj Foundation. http://www.jamnalalbajajfoundation.org/awards/archives/2010. 
  4. . 19 August 2006. http://www.oneindia.com/2006/08/19/veteran-freedom-fighter-saraswathi-gora-dies-1155971480.html. 
  5. . 5 April 2001. http://www.thehindu.com/2001/04/05/stories/0405402h.htm. [সংযোগবিহীন উৎস]