সৰস্বতী বিশ্বেশ্বৰ
| সৰস্বতী বিশ্বেশ্বৰ | |
|---|---|
| নাগৰিকত্ব | ভাৰত |
| জাতীয়তা | ভাৰতীয় |
| ক্ষেত্ৰ | আণৱিক জৈৱপদাৰ্থবিজ্ঞান |
| কৰ্মস্থান | কাৰ্নেগী মেলন বিশ্ববিদ্যালয় ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান |
| শিক্ষানুষ্ঠান | বাংগালুৰু বিশ্ববিদ্যালয় |
| দাম্পত্যসঙ্গী | চি. ভি বিশ্বেশ্বৰ |
| সতি-সন্ততি | দুগৰাকী কন্যা |
সৰস্বতী বিশ্বেশ্বৰ (ইংৰাজী: Saraswathi Vishveshwara; জন্ম ১৯৪৬) আণৱিক জৈৱপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত বিশেষজ্ঞতা থকা ভাৰতীয় জৈৱপদাৰ্থবিজ্ঞানী। তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ মলিকুলাৰ বায়’ফিজিক্স ইউনিটৰ অধ্যাপিকা। তেওঁ গণনামূলক জীৱবিজ্ঞানৰ ওপৰত কাম কৰে আৰু তেওঁৰ গৱেষণা মূলতঃ জৈৱ ব্যৱস্থাত গঠন-কাৰ্য্যৰ সম্পৰ্ক স্পষ্ট কৰাত কেন্দ্ৰিত। প্ৰটিনৰ দৰে বৃহৎ অণুৰ কাৰ্য্যকলাপ বুজিবলৈ গণনামূলক-গাণিতিক কৌশল ব্যৱহাৰ কৰাটো তেওঁৰ গৱেষণাৰ এটা মূল দিশ।
শিক্ষা
[সম্পাদনা কৰক]সৰস্বতীয়ে বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (বি.এছ.চি.) আৰু স্নাতকোত্তৰ (এম.এছ.চি.) শিক্ষা আহৰণ কৰিছিল। জৈৱ ৰসায়ন বিজ্ঞানত এম.এছ.চি কৰাৰ পাছত হাণ্টাৰ কলেজৰ ডেভিদ বেভেৰিজৰ তত্ত্বাৱধানত নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিৰ পৰা পিএইচ.ডি. কৰে। তেওঁ কোৱাণ্টাম কেমিষ্ট্ৰীত ডক্টৰেট ডিগ্ৰী আহৰণ কৰিছিল।[1]
বৃত্তিগত অভিজ্ঞতা
[সম্পাদনা কৰক]ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত বিশ্বেশ্বৰ পিটচবাৰ্গৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ত প'ষ্ট ডক্টৰেল ফেল' হয়। তেওঁ সুপৰিচিত কোৱাণ্টাম ৰসায়নবিদ তথা নোবেল বঁটা বিজয়ীজন পপলৰ সৈতে কাম কৰিছিল। তেওঁ ভাৰতলৈ উভতি আহি ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত মলিকুলাৰ বায়'ফিজিক্স ইউনিটত প'ষ্ট-ডক্টৰেল ফেল' হিচাপে যোগদান কৰিছিল। তেওঁ এগৰাকী অনুষদৰ সদস্য আৰু প্ৰাধ্যাপক হৈ পৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সৰস্বতীৰ স্বামী তথা পদাৰ্থ বিজ্ঞানী আৰু ভাৰতৰ ব্লেক হোল মেন হিচাপে পৰিচিত ড° চি. ভি. বিশ্বেশ্বৰৰ ২০১৭ চনত মৃত্যু হয়। সৰস্বতীয়ে চি. ভি. বিশ্বেশ্বৰ ৰাজহুৱা বক্তৃতা শৃংখলাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিছিল।[2] তেওঁলোকৰ কন্যা হৈছে পদাৰ্থ বিজ্ঞানী স্মিতা বিশ্বেশ্বৰ।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Godbole, Rohini (2008). Lilavati's Daughters: The Women Scientists of India. প্ৰকাশক Bangalore: Indian Academy of Sciences. পৃষ্ঠা. 344–45. ISBN 978-8184650051. http://www.ias.ac.in/womeninscience/liladaug.html। আহৰণ কৰা হৈছে: 14 October 2014.
- ↑ "Black Hole Man of India lives on in many lectures". newindianexpress.com. 16 January 2018. https://www.newindianexpress.com/cities/bengaluru/2018/jan/15/black-hole-man-of-india-lives-on-in-many-lectures-1754833.html.
- ↑ Wiltfong, Rebecca (January 6, 2021). "Perspective from Smitha Vishveshwara: On Life, Quantum Physics, the Universe, and Compassion". UIUC Physics. https://physics.illinois.edu/news/perspective-from-smitha-vishveshwara। আহৰণ কৰা হৈছে: 2023-03-17.