সমললৈ যাওক

সৰস্বতী ৰানে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰস্বতী ৰানে

সৰস্বতী মানে (পিছত ৰানে), ১৯৩৭ চনৰ দ্য ইণ্ডিয়ান লিচ্ছেনাৰৰ এটা সংখ্যাত
পৃষ্ঠভূমি
জন্ম ৪ অক্টোবৰ, ১৯১৩
মিৰাজ, বোম্বে প্ৰেচিডেঞ্চি, ব্ৰিটিছ ভাৰত
মৃত্যুৰ তাৰিখ ১০ অক্টোবৰ, ২০০৬ (৯৩ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
সংগীতৰ ধৰণ খয়াল, থুমৰি, গজল
পেচা হিন্দুস্তানী কণ্ঠ সংগীত
সক্ৰিয়তাৰ বছৰ ১৯৩৩-২০০৬

সৰস্বতী ৰানে (ইংৰাজী: Saraswati Rane ; ৪ অক্টোবৰ, ১৯১৩ - ১০ অক্টোবৰ, ২০০৬) হিন্দুস্তানী শাস্ত্ৰীয় ধাৰাৰ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ কিৰানা ঘৰাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খানৰ কন্যা। তেওঁৰ পৰিয়ালৰ দীঘলীয়া আৰু মহান সংগীতৰ পৰম্পৰা আছিল। তেওঁ কিৰানা ঘৰানা শৈলীৰ কণ্ঠ সংগীতৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ তেওঁৰ ককায়েক সুৰেশবাবু মানে আৰু বায়েক হীৰাবাই বৰোদেকৰৰ পৰা লাভ কৰিছিল, যিসকল নিজেই তেওঁলোকৰ সময়ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দিগগজ আছিল।[1] পিছলৈ তেওঁ বায়েক হীৰাবাই বৰোদেকৰৰ সৈতেও বিশেষকৈ যুগলবন্দী গাইছিল।[2]

প্ৰাৰম্ভিক জীৱন আৰু প্ৰশিক্ষণ

[সম্পাদনা কৰক]

১৯১৩ চনৰ ৪ অক্টোবৰত তেওঁৰ জন্ম হৈছিল। পিতৃ আছিল কিৰানা ঘৰানাৰ প্ৰতিষ্ঠাপক ওস্তাদ আব্দুল কৰিম খান (১৮৭২–১৯৩৭) আৰু মাতৃ আছিল তাৰাবাই মানে। এক সাংগীতিক পৰিবেশৰ মাজত তেওঁ ডাঙৰ-দীঘল হয়। স্বামীৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত মাক তাৰাবাইয়ে পাঁচোটা সন্তানৰ নাম সলনি কৰে; সেয়েহে সকিনা কুমাৰী সৰস্বতী মানে হৈ পৰিল। তেওঁক ককায়েক সুৰেশবাবু মানেই সংগীতৰ শিক্ষা দিয়ে। পিছলৈ ১৯৩০ চনৰ পিছত বায়েক হীৰাবাই বৰদেকৰৰ পৰাও শিকিবলৈ আৰম্ভ কৰে।

সংগীতৰ জ্ঞান বৃদ্ধিৰ বাবে তেওঁ আল্লাদিয়া খানৰ ভতিজা, জয়পুৰ ঘৰানাৰ ওস্তাদ নত্থন খান, গোৱালিয়ৰ ঘৰানাৰ অধ্যাপক বি আৰ দেওধৰ আৰু পণ্ডিত মাষ্টৰ কৃষ্ণৰাও ফুলমবৰীকৰৰ দৰে বিভিন্ন ঘৰানাৰ ওস্তাদৰ পৰাও তালিম (প্ৰশিক্ষণ) লাভ কৰে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]