সৰস্বতী (ভাস্কৰ্য্য)
বছৰ | ২০১৩ |
---|---|
প্ৰকাৰ | ভাষ্কৰ্য্য |
বিষয় | সৰস্বতী আৰু বাৰাক ওবামাকে ধৰি তিনিগৰাকী শিক্ষাৰ্থী। |
আয়তন | (১৬ ফুট ) |
অৱস্থিতি | ৱাশ্বিংটন ডি.চি., আমেৰিকা যুক্তৰাষ্ট্ৰ |
সৰস্বতী হৈছে একে নামৰ হিন্দু দেৱীৰ বৰ্হি ভাস্কৰ্য্য, ইণ্ডোনেছিয়াৰ দূতাবাসৰ বাহিৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ এম্বেচি ৰ'ত স্থাপন কৰা হৈছে।
বৰ্ণনা আৰু ইতিহাস
[সম্পাদনা কৰক]বালিৰ একাধিক ভাস্কৰ্য্যশিল্পীয়ে সৃষ্টি কৰা এই ভাষ্কৰ্য্য ২০১৩ চনত স্থাপন কৰা হৈছিল।[1][2] ১৬ ফুট (৪.৯ মিটাৰ) উচ্চতাৰ সোণালী আৰু বগা ৰঙৰ মূৰ্তিটোত হিন্দু দেৱী সৰস্বতীয়ে পদুমৰ ওপৰত থিয় হৈ থকা আৰু ভৰিত তিনিজন কণমানি ছাত্ৰক চিত্ৰিত কৰা হৈছে, ইয়াৰে এজন হৈছে বাৰাক ওবামা।[2]
সৰস্বতী
[সম্পাদনা কৰক]সৰস্বতী (সংস্কৃত: सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।[3] তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।[4]
বাৰাক অ'বামা
[সম্পাদনা কৰক]বাৰাক হুছেইন অ'বামা (ইংৰাজী: Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "A Hindu Goddess Arrives to Bless Embassy Row". NPR. June 30, 2013. https://www.npr.org/2013/06/30/197146433/hindu-goddess-blesses-embassy-row। আহৰণ কৰা হৈছে: October 14, 2015.
- ↑ 2.0 2.1 Ghouse, Mike (June 19, 2013). "Goddess Saraswati Statue with Barack Obama Symbolizes Relationship Between Indonesia and the U.S.". The Huffington Post. http://www.huffingtonpost.com/mike-ghouse/goddess-saraswati-statue-_b_3460615.html.
- ↑ Kinsley, David (1988). Hindu Goddesses: Vision of the divine feminine in the Hindu religious traditions. University of California Press. ISBN 0-520-06339-2. https://archive.org/details/hindugoddessesvi0000kins.
- ↑ Encyclopaedia of Hinduism, p. 1214; Sarup & Sons, ISBN 978-81-7625-064-1
- ↑ American President A Reference Resource |archive url= http://millercenter.org/president/obama/essays/biography/1 Archived 2014-12-07 at the Wayback Machine