সৰিতা লামিছানে
| সৰিতা লামিছানে | |
|---|---|
২০০৭ চনত কাঠমাণ্ডুৰ এটা অনুষ্ঠানত সৰিতা লামিছানে। | |
| স্থানীয় নাম | सरिता लामिछाने |
| জন্ম | নৱেম্বৰ ২৫ , ১৯৭৫ (৫০ বছৰ) কাঠমাণ্ডু, নেপাল |
| শিক্ষা | বি.এড. (পদ্মা কন্যা কেম্পাছ) |
| শিক্ষানুষ্ঠান | ত্ৰিভুৱন বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, মডেল |
| জনা যায় | মুক্তি (টেলি-ধাৰাবাহিক) |
| দাম্পত্যসঙ্গী | ঋষি লামিছানে |
| সন্তান | সমৃদ্ধি লামিছানে (কন্যা) |
সৰিতা লামিছানে (ইংৰাজী: Sarita Lamichhane; জন্ম: ২৫ নৱেম্বৰ ১৯৭৫) এগৰাকী নেপালী অভিনেত্ৰী, যিয়ে টেলিভিছন ধাৰাবাহিক মুক্তিত কৰা কামৰ বাবে পৰিচিত।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]সৰিতা কাঠমাণ্ডুৰ বাসিন্দা। তেওঁ ১৯৭৫ চনৰ ২৫ নৱেম্বৰত ঝাপা জিলাৰ এটা পৰিয়ালত ৰঘুবীৰ পাণ্ডে আৰু মীৰা দেৱী পাণ্ডেৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। লামিছানেই ১৯৮৯ চনত নেপাল চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল, ইয়াৰ পিছত ১৯৯২ চনত উচ্চতৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ (H.S.E.B) পৰা ইণ্টাৰমিডিয়েট শিক্ষা লাভ কৰে আৰু ১৯৯৪ চনত ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত স্নাতক (বি.এড.) ডিগ্ৰী অৰ্জন কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]সৰিতাই নেপাল টেলিভিছনত (NTV) সম্প্ৰচাৰিত হোৱা মুক্তিৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।[2] তেওঁ চেতনা কো দিয়ো (NTV), আচানক (NTV), দুই দিন কো জিন্দাগানী (NTV), গহনা (NTV), জানকী (NTV), সীতা (NTV), চাহনা মানকো (কান্তিপুৰ টেলিভিছন), পৰিচয় (নিজস্ব প্ৰডাকচন- প্ৰযোজক, সৰ্বাধিক টিআৰপি লাভ কৰা NTV ধাৰাবাহিক) আদি টেলি-ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[3]
চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও সৰিতাই মিচেছ নেপাল ইণ্টাৰনেশ্যনেল ২০১৫, মিষ্টাৰ/মিচেছ ৰাজধানী ২০১৫, মিছ ইউথ নেপাল ২০১৫, ইনাছ এৱাৰ্ড ২০১৭ (INAS Award 2017), ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০১৫, ইনাছ এৱাৰ্ড ২০১৫, ফান এৱাৰ্ড ২০১৬ (FAAN AWARD 2016) আৰু নেফটা এৱাৰ্ড ২০১৭ (NEFTA Award 2017)ৰ বিচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ কেইবাটাও মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু জনহিতকৰ কাম-কাজতো জড়িত হৈছিল। ২০১৪ চনত তেওঁ নেপাল চলচ্চিত্ৰ শিল্পী সন্থাৰ [FAAN] সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ ঋষি লামিছানেৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ এজনী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sarita Lamichhane, biography of the TV serial queen". Nepaliactress. 2015-11-25. http://nepaliactress.com/sarita-lamichhane-biography-of-the-tv-serial-queen/। আহৰণ কৰা হৈছে: 2017-11-26.
- ↑ "5 things about Sarita Lamichhane". My Republica. 2017-01-22. http://www.myrepublica.com/news/13540। আহৰণ কৰা হৈছে: 2017-11-26.
- ↑ "Sarita Lamichhane got out of frame of Rishi Lamichhane after disagreements". Medianp. https://videos.medianp.tv/sarita-lamichhane-got-out-of-frame-of-rishi-lamichhane-after-disagreements/। আহৰণ কৰা হৈছে: 2017-11-26.[সংযোগবিহীন উৎস]