সমললৈ যাওক

সৰোজ চুৰামণি গোপাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰোজ চুৰামণি গোপাল
জন্ম ২৫ জুলাই, ১৯৪৪ (৮১ বছৰ)
মথুৰা, উত্তৰ প্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান সৰোজিনী নাইডু চিকিৎসা মহাবিদ্যালয়, অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, নতুন দিল্লী
পেচা শিশু অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু একাডেমিক
সক্ৰিয় হৈ থকা সময় ১৯৭৩ চনৰ পৰা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ড. বি চি ৰয় বঁটা
কমনৱেলথ মেডিকেল বৃত্তি
INSA জ্যেষ্ঠ ফেল'শ্বিপ
ইণ্ডো জাৰ্মান ফেল'শ্বিপ
ইণ্ডো ফিনিছ ফেল'শ্বিপ
বিশ্ববিদ্যালয় অনুদান আয়োগৰ ফেল'শ্বিপ
ৰাষ্ট্ৰপতি পদক
শুশীলা নায়াৰ শ্বিল্ড
ডাঃ ড. মৃদুলা ৰোহতাগী বক্তৃতা বঁটা
কৰ্ণেল ড. সংগম লাল বক্তৃতা বঁটা

সৰোজ চুৰামণি গোপাল (ইংৰাজী: Saroj Chooramani Gopal; জন্ম ২৫ জুলাই ১৯৪৪) এজন ভাৰতীয় চিকিৎসক আৰু চিকিৎসা শিক্ষাবিদ। চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৩ চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।[1] পেডিয়াট্ৰিক চাৰ্জাৰীত এম. চি. এইচ. লাভ কৰা তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা।[2]

সৰোজ চুৰামণি গোপালৰ জন্ম হৈছিল ১৯৪৪ চনৰ ২৫ জুলাইত, ভাৰতৰ উত্তৰ প্ৰদেশৰ তীৰ্থযাত্ৰী চহৰ মথুৰাত।[3] স্কুলীয়া শিক্ষাৰ পিছত চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ বাছি লৈ ১৯৬৬ চনত আগ্ৰাৰ সৰোজিনী নাইডু চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেখন কলেজতে এম এছ কৰে, ১৯৬৯ চনত।[4] ইয়াৰ পাছত ১৯৭৩ চনত নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা শিশু শল্যচিকিৎসাত এম. চি. এইচ. লাভ কৰে, ভাৰতত শিশু শল্যচিকিৎসাত এই ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী মহিলা।[4]

১৯৭৩ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপকত যোগদান কৰি সৰোজ গোপালৰ কেৰিয়াৰ আৰম্ভ হয় আৰু ২০০৮ চনত অৱসৰ লোৱালৈকে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা অধীক্ষক আৰু চিকিৎসা অনুষদৰ ডীন হিচাপে কাম কৰে।[3] সেই বছৰতে তেওঁ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিৰ (কেজিএমইউ) উপাচাৰ্য হিচাপে নিৰ্বাচিত হয় আৰু মায়াৱতীৰ দিনত কিছুদিনৰ বাবে ছাত্ৰপতি শ্বাহুজী মহাৰাজ মেডিকেল ইউনিভাৰ্চিটি নামেৰে থকা বিশ্ববিদ্যালয়খনৰ মুৰব্বী হোৱা প্ৰথম মহিলা হিচাপে বিবেচিত হয়।[2][5] ২০১১ চনত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।[6]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

শিশু অস্ত্ৰোপচাৰৰ কেইবাটাও কৌশলৰ পথ প্ৰদৰ্শক সৰোজ চূৰমণি গোপালে প্ৰকাশ কৰা বহু গৱেষণামূলক প্ৰবন্ধৰ উপৰিও কেজিএমইউৰ কাৰ্যকালত তেওঁ কৰা উন্নয়নমূলক প্ৰচেষ্টাৰ বাবেও পৰিচিত বুলি জানিব পৰা গৈছে।[7]

সৰোজ গোপালে জৈৱ চিকিৎসা গৱেষণা কেন্দ্ৰৰ সন্মানীয় অধ্যাপকৰ পদত অধিষ্ঠিত।[8] ১৯৯৮ চনত ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ পেডিয়াট্ৰিক চাৰ্জনৰ সভানেত্ৰী আছিল, যাৰ বৰ্তমান তেওঁ সদস্য।[3][7] তেওঁ নতুন দিল্লীৰ নেশ্যনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ এক্সপাৰ্ট পেনেলৰ সদস্য, বহু বিশ্ববিদ্যালয়ৰ সৈতে পৰীক্ষক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰিদৰ্শক হিচাপে কাম কৰি আহিছে। বৰ্তমান তেওঁ নতুন দিল্লীৰ নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ সভানেত্ৰী।

এছ’চিয়েশ্যন অৱ চাৰ্জনছ অৱ ইণ্ডিয়া, ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু ইণ্ডিয়ান একাডেমী অৱ মেডিকেল ছায়েন্সৰ দৰে পেছাদাৰী সংস্থাৰ সদস্যও।[3][7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Padma 2013". 26 January 2013. http://www.thehindu.com/news/national/list-of-padma-awardees/article4345496.ece। আহৰণ কৰা হৈছে: 10 October 2014. 
  2. 2.0 2.1 "At 79, paediatric surgeon back in the classroom, enrols for PhD at IIT Kanpur" (en ভাষাত). The Indian Express. 2024-01-12. https://indianexpress.com/article/india/79-paediatric-surgeon-classroom-enrols-phd-iit-kanpur-9106072/। আহৰণ কৰা হৈছে: 2024-05-17. 
  3. 3.0 3.1 3.2 3.3 "Vidwan". Vidwan. 2014. http://vidwan.inflibnet.ac.in/searchr.php?id=17683। আহৰণ কৰা হৈছে: 24 October 2014. 
  4. 4.0 4.1 "BHU". BHU. 2014. Archived from the original on 23 December 2013. https://web.archive.org/web/20131223130848/http://www.bhu.ac.in/ims/paedsurg/flist.htm। আহৰণ কৰা হৈছে: 24 October 2014. 
  5. "Press Information Bureau". Information & Public Relations Department, U.P.. 23 July 2012. Archived from the original on 24 October 2014. https://web.archive.org/web/20141024154715/http://information.up.nic.in/View_engnews.aspx?id=54। আহৰণ কৰা হৈছে: 24 October 2014. 
  6. "KGMU". KGMU. 2014. Archived from the original on 23 November 2015. https://web.archive.org/web/20151123184643/http://kgmu.org/vc.php। আহৰণ কৰা হৈছে: 24 October 2014. 
  7. 7.0 7.1 7.2 "BHU IMS". BHU IMS. 2014. Archived from the original on 24 October 2014. https://web.archive.org/web/20141024155908/http://www.bhu.ac.in/entranceresult/ims/paedsurg/flist.htm। আহৰণ কৰা হৈছে: 24 October 2014. 
  8. "CBMR". CBMR. 2014. http://cbmr.res.in/hprofessor.php। আহৰণ কৰা হৈছে: 24 October 2014.