সমললৈ যাওক

সৰ্বনাম পদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সৰ্বনাম পদ (ইংৰাজী: Pronoun) হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ। অৰ্থাৎ, বাক্যত বিশেষ্য পদ পুনৰাবৃত্তি নকৰি, তাক প্ৰতিষ্ঠাপন কৰিবলৈ ব্যৱহৃত পদক সৰ্বনাম বোলে।[1]

বিশেষ্য পদৰ সলনি ব্যৱহৃত পদক সৰ্বনাম বোলা হয়। উদাহৰণস্বৰূপে — মই, তুমি, সি, তাই, তেওঁ, তেখেত, আমালোক, তোমালোক ইত্যাদি।[2]

শ্ৰেণীবিভাগ

[সম্পাদনা কৰক]

বৈশিষ্ট্যৰ আধাৰত অসমীয়াত সৰ্বনাম পদ চাৰিটা প্ৰধান ভাগত বিভক্ত —[3]

  1. ব্যক্তিবোধক সৰ্বনাম (Personal Pronoun)
  2. স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
  3. কালবোধক সৰ্বনাম (Pronominal Adverb of Time)
  4. বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)

ব্যক্তিবোধক সৰ্বনাম

[সম্পাদনা কৰক]

ব্যক্তি বা প্ৰাণীবাচক বিশেষ্যৰ সলনি ব্যৱহৃত পদক ব্যক্তিবোধক সৰ্বনাম বোলা হয়।[4] উদাহৰণ — মই, আমি, তুমি, তই, সি, তাই, তেখেত, সিহঁত, আমালোক, তোমালোক ইত্যাদি।

ব্যক্তিবোধক সৰ্বনাম তিনিটা পুৰুষত বিভক্ত —[5]

  • প্ৰথম পুৰুষ — যিজনে কথা কয় (মই, আমি)।
  • দ্বিতীয় পুৰুষ — যিজনৰ লগত কথা কোৱা হয় (তই, তুমি, আপুনি)।
  • তৃতীয় পুৰুষ — যিজনৰ বিষয়ে কথা কোৱা হয় (সি, তাই, তেওঁ, তেখেত, সিহঁত)।

বি.দ্ৰ.: ব্যক্তিবোধক সৰ্বনামৰ বিভিন্ন বিভক্তিৰূপকেই তিৰ্যক ৰূপ (Oblique Form) বোলা হয়। উদাহৰণ — “তুমি”ৰ ৰূপ “তোমাক”, “তোমাৰ”, “তোমালোকক” ইত্যাদি।[6]

স্থানবোধক সৰ্বনাম

[সম্পাদনা কৰক]

স্থান বা অৱস্থান বুজোৱা বিশেষ্যৰ সলনি ব্যৱহৃত পদক স্থানবোধক সৰ্বনাম বোলা হয়।[7] উদাহৰণ — ইয়াত, তাত, ক’লৈ, ইয়ালৈ, তালৈ আদি।

কালবোধক সৰ্বনাম

[সম্পাদনা কৰক]

সময় বা কাল সূচক বিশেষ্যৰ সলনি ব্যৱহৃত পদক কালবোধক সৰ্বনাম বোলা হয়।[8] উদাহৰণ — আজি, কালি, পৰহি, যেতিয়া, কাইলৈ, সেইদিনা আদি।

বিশেষণবোধক সৰ্বনাম

[সম্পাদনা কৰক]

সংজ্ঞা শব্দৰ আগত থকা সৰ্বনাম যি পদবাচক বস্তুৰ বৈশিষ্ট্য বা পৃথকতা সূচায়, তাক বিশেষণবোধক সৰ্বনাম বোলা হয়।[9] উদাহৰণ — ইমান, যিমান, তিমান, কেনেকৈ, এনেকৈ, যেনেকৈ আদি।

বৈশিষ্ট্য

[সম্পাদনা কৰক]
  • সৰ্বনাম বিশেষ্যৰ প্ৰতিষ্ঠাপক পদ।
  • ই বাক্যত পুনৰাবৃত্তি ৰোধ কৰে।
  • ব্যক্তিবোধক সৰ্বনামত বিভক্তি ৰূপ দেখা যায়।
  • বিশেষণবোধক সৰ্বনাম সদায় সংজ্ঞা শব্দৰ আগত থাকে।[10]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). masrur360.com. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  2. "অধ্যায় ০৬ – পদ: সৰ্বনাম" (as ভাষাত). oakokho.com. https://ab.oakokho.com/অধ্যায়-০৬/পদ-সৰ্বনাম. [সংযোগবিহীন উৎস]
  3. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). masrur360.com. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  4. "সৰ্বনাম পদ" (as ভাষাত). dainiksakori.com. https://dainiksakori.com/sorbonam-pod/. 
  5. "অধ্যায় ০৬ – পদ: সৰ্বনাম" (as ভাষাত). oakokho.com. https://ab.oakokho.com/অধ্যায়-০৬/পদ-সৰ্বনাম. [সংযোগবিহীন উৎস]
  6. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). masrur360.com. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  7. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). masrur360.com. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  8. "সৰ্বনাম পদৰ শ্ৰেণী বিভাগ" (as ভাষাত). masrur360.com. https://masrur360.com/সৰ্বনাম-পদৰ-শ্ৰেণী-বিভাগ-class/. 
  9. "অধ্যায় ০৬ – পদ: সৰ্বনাম" (as ভাষাত). oakokho.com. https://ab.oakokho.com/অধ্যায়-০৬/পদ-সৰ্বনাম. [সংযোগবিহীন উৎস]
  10. "সৰ্বনাম পদ" (as ভাষাত). dainiksakori.com. https://dainiksakori.com/sorbonam-pod/.