সৰ্বানী বসু
সৰ্বানী বসু | |
---|---|
কৰ্মস্থান | য়ালে বিশ্ববিদ্যালয় আৰহুচ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | মাদ্ৰাজ বিশ্ববিদ্যালয় পুণা বিশ্ববিদ্যালয় |
সৰ্বানী বসু এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু ইয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপিকা৷ তেখেতে এছ'চিয়েচন অৱ ইউনিভাৰ্চিটিজ ফৰ ৰিচাৰ্চ ইন এষ্ট্ৰ'নমিৰ পৰিচালনা সমিতিৰ সদস্য আৰু আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো।
শিক্ষা
[সম্পাদনা কৰক]১৯৮৬ চনত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বসুৱে স্নাতক ডিগ্ৰী লাভ কৰে।[1] তেখেতে সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় আৰু মুম্বাই বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰি ১৯৯৩ চনত পি এইচ ডি লাভ কৰে।[1]
গৱেষণা
[সম্পাদনা কৰক]১৯৯৩ চনত বসুয়ে লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট গৱেষক হিচাপে যোগদান কৰে, তাৰ পিছত আৰহাছ বিশ্ববিদ্যালয়লৈ যায়।[1] ১৯৯৬ চনত তেখেতে ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সমিতিৰ পৰা এম কে ভাইনু বাপ্পু স্বৰ্ণ পদক লাভ কৰে৷[2] ১৯৯৭ চনত তেখেতে প্ৰিন্সটন বিশ্ববিদ্যালয়ত ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ সদস্য হিচাপে যোগদান কৰে।[1][3][4] ২০০০ চনত তেখেতক ইয়েল বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি দিয়া হয় আৰু ২০০৫ চনত তেওঁক অধ্যাপিকালৈ পদোন্নতি দিয়া হয়।[1] ২০০২ চনত তেখেতে হেলমেন ফেমিলি ফেকাল্টি ফেল’শ্বিপ লাভ কৰে। সূৰ্য্যৰ গঠন আৰু গতিবিদ্যাৰ প্ৰতি তেখেত আগ্ৰহী আছিল, আৰু নক্ষত্ৰীয় দোলন ব্যৱহাৰ কৰি সেইবোৰ অধ্যয়ন কৰিছিল।[5][6] হেলিঅ’ছিছমিক ওলোটাবোৰ নিৰীক্ষণ কৰি বসুয়ে সূৰ্য্যৰ ভিতৰত কি কি প্ৰক্ৰিয়া সংঘটিত হয় সেইটো নিৰ্ধাৰণ কৰে।[7][8] তেখেতে হেলিঅ'ছিছম'লজীৰ ওপৰত এখন কিতাপৰ অধ্যায় লিখিছে৷[9]
বসুৱে সমনীয়াৰ দ্বাৰা পৰ্যালোচিত বৈজ্ঞানিক আলোচনীত ২০০ খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে আৰু ইয়াত ৮২ টা H-index আছে।[10] তেখেতে বিদ্যালয়লৈ গৈ যুৱক-যুৱতীসকলৰ সৈতে তেখেতৰ গৱেষণাৰ বিষয়ে আলোচনা কৰে। [11][12]
সন্মান আৰু পুৰস্কাৰ
[সম্পাদনা কৰক]২০১৫ চনত বসু আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্সৰ ফেলো নিৰ্বাচিত হয়।[13] ২০১৭ চনত তেখেতে উইলিয়াম চেপলিনৰ সৈতে "এষ্টেৰ'ইজমিক ডাটা এনালাইছিছ ফাউণ্ডেশ্যন এণ্ড টেকনিকছ" প্ৰকাশ কৰে।[14] সূৰ্য্যৰ আভ্যন্তৰীণ গঠনৰ বিষয়ে আমাৰ বুজাবুজিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৮ চনত তেখেতে আমেৰিকান এষ্ট্ৰ’নমিকেল ছ’চাইটিৰ জৰ্জ এলেৰী হেল বঁটা লাভ কৰে।[15][16][17] ভাৰ্জিনিয়াত অনুষ্ঠিত হোৱা ত্ৰিবাৰ্ষিক পৃথিৱী-সূৰ্য্য শীৰ্ষ সন্মিলনত তেখেতক এই বঁটা প্ৰদান কৰা হয়।[18] তেখেত ২০২০ চনত আমেৰিকান এষ্ট্ৰ'নমিকেল ছ'চাইটিৰ লেগেচি ফেলো নিৰ্বাচিত হয়।[19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Sarbani Basu, CV". www.astro.yale.edu. http://www.astro.yale.edu/basu/cv.html। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ "Professor M. K. Vainu Bappu Gold Medal | Astronomical Society of India". www.astron-soc.in. http://www.astron-soc.in/vainu_bappu। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ "Sarbani Basu". https://www.ias.edu/scholars/sarbani-basu.
- ↑ Kumar, Pawan; Basu, Sarbani (1999). "Line Asymmetry of Solar p-Modes: Properties of Acoustic Sources". The Astrophysical Journal খণ্ড 519 (1): 396–399. doi:10.1086/307369.
- ↑ "Sarbani Basu". www.astro.yale.edu. http://www.astro.yale.edu/basu/। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ Basu, Sarbani (2016). "Global Seismology of the Sun". Living Reviews in Solar Physics খণ্ড 13 (1): 2. doi:10.1007/s41116-016-0003-4. ISSN 2367-3648.
- ↑ "Sarbani Basu". Interseismology. Archived from the original on 2018-05-21. https://web.archive.org/web/20180521021353/http://www.interseismology.org/sarbani-basu.html। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ Basu, Sarbani; Antia, H.M. (2008). "Helioseismology and solar abundances". Physics Reports খণ্ড 457 (5–6): 217–283. doi:10.1016/j.physrep.2007.12.002. ISSN 0370-1573.
- ↑ Basu, Sarbani (January 2014). Asteroseismology. প্ৰকাশক Cambridge: Cambridge University Press. পৃষ্ঠা. 87–122. doi:10.1017/CBO9781139333696.005. ISBN 9781139333696. https://www.cambridge.org/core/books/asteroseismology/studying-stars-through-frequency-inversions/A81DCF056DB368B5C8C24542905D7F47.
- ↑ "Sarbani Basu - Google Scholar Citations". scholar.google.co.uk. https://scholar.google.co.uk/citations?user=1whFMuUAAAAJ&hl=en। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ Morning Meeting, 1/24/17: Sarbani Basu, Professor of Astronomy, Yale University, 2017-01-24, https://vimeo.com/200882944, আহৰণ কৰা হৈছে: 2018-05-20
- ↑ "4/30/18: Public Evening Lecture: Dr. Sarbani Basu, Yale Univ.". www.as.arizona.edu. https://www.as.arizona.edu/calendar/43018-public-evening-lecture-dr-sarbani-basu-yale-univ। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ "Basu elected Fellow of AAAS". astronomy.yale.edu. https://astronomy.yale.edu/news/basu-elected-fellow-aaas। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ Basu, Sarbani; Chaplin, William J. (5 September 2017). Asteroseismic Data Analysis. Princeton University Press. ISBN 9780691162928. https://press.princeton.edu/titles/11170.html। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ . 2018-01-11. https://news.yale.edu/2018/01/11/sarbani-basu-wins-2018-george-ellery-hale-prize.
- ↑ "2018 Hale Prize for Solar Astronomy Goes to Sarbani Basu". www.spaceref.com. http://www.spaceref.com/news/viewpr.html?pid=52200। আহৰণ কৰা হৈছে: 2018-05-20.[সংযোগবিহীন উৎস]
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2021-11-29. https://web.archive.org/web/20211129225741/https://www.indiaabroad.com/campus/yale-astronomer-sarbani-basu-wins-george-ellery-hale-prize/article_bc39b7b8-05fa-11e8-b016-b7951c3c5f82.html.
- ↑ "Home - TESS 2018". connect.agu.org. https://connect.agu.org/tess2018/home। আহৰণ কৰা হৈছে: 2018-05-20.
- ↑ "AAS Fellows". AAS. https://aas.org/grants-and-prizes/aas-fellows। আহৰণ কৰা হৈছে: 27 September 2020.