সমললৈ যাওক

সৰ্বেপল্লী ৰাধাকৃষ্ণন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰ্বেপল্লী ৰাধাকৃষ্ণন
ৰাষ্ট্ৰপতি, ভাৰত
কাৰ্যকাল
১৩ মে’ ১৯৬২ – ১৩ মে’ ১৯৬৭
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
গুজলাৰিলাল নন্দ (Acting)
লাল বাহাদুৰ শাস্ত্ৰী
গুজলাৰিলাল নন্দ (Acting)
ইন্দিৰা গান্ধী
উপ ৰাষ্ট্ৰপতি জাকিৰ হুছেইন
পূৰ্বসূৰী ৰাজেন্দ্ৰ প্ৰসাদ
উত্তৰসূৰী জাকিৰ হুছেইন
ভাৰতৰ উপৰাষ্ট্ৰপতি
কাৰ্যকাল
১৩ মে’ ১৯৫২ – ১২ মে’ ১৯৬২
ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ
পূৰ্বসূৰী Position established
উত্তৰসূৰী জাকিৰ হুছেইন
ব্যক্তিগত তথ্য
জন্ম ৫ ছেপ্টেম্বৰ, ১৮৮৮
তিৰুটানি, তামিল নাডু, ভাৰত
মৃত্যু ১৭ এপ্ৰিল, ১৯৭৫ (৮৬ বছৰ)
চেন্নাই, ভাৰত
ৰাজনৈতিক দল নিৰ্দলীয়
দাম্পত্যসঙ্গী চিভকামু, লেডী ৰাধাকৃষ্ণন
সন্তান ৫জনী পুত্ৰী
১জন পুত্ৰ
শিক্ষানুষ্ঠান ভোৰহিছ কলেজ
মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজ
জীৱিকা দাৰ্শনিক
অধ্যাপক

ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণন (তেলেগু: సర్వేపల్లి రాధాకృష్ణ; তামিল: சர்வபள்ளி ராதாகிருஷ்ணன்; ইংৰাজী: Sarvepalli Radhakrishnan) (উচ্চাৰণ, ৫ ছেপ্টেম্বৰ ১৮৮৮ – ১৭ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল[1] (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল।[2]

১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণনে জন্ম গ্ৰহণ কৰে[3]। তেওঁ দেউতাকৰ নাম আছিল সৰ্বেপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল[3]। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণন বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল।

শিক্ষা আৰু চৰিত্ৰ গঠন

[সম্পাদনা কৰক]

ৰাধাকৃষ্ণনৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণনক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়[4]। বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাহ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণনৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণনে ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে[5]। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণনে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণন ডাঙৰ হৈছিল।[2]। ৰাধাকৃষ্ণনৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণনক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ‘অনাৰ্ছ’ বিষয় হিচাপে ল’ব তাক লৈ ৰাধাকৃষ্ণন কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ‘দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণনক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ‘অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণনৰ ‘থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনক তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণনৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণনৰ দাৰ্শনিক চিন্তাৰ গভীৰতা পৰিলক্ষিত হয়।[2]

দাম্পত্য জীৱন

[সম্পাদনা কৰক]

১৯০৩ চনত ১৬ বছৰ বয়সত 'শিৱাকামু'ৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ। সেয়ে বিবাহৰ তিনি বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়।

কৰ্ম জীৱন

[সম্পাদনা কৰক]
সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ চিত্ৰ সম্বলিত ডাকটিকট, ১৯৬৭ চন
সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ চিত্ৰ সম্বলিত ডাকটিকট, ১৯৮৯ চন

এগৰাকী শিক্ষক হিচাপে ৰাধাকৃষ্ণনৰ কৰ্মজীৱনৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-

  • দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
  • কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক, ১৯২১-৩১;
  • অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
  • Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
  • বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২।

ইয়াৰ বাহিৰেও তেওঁ

  • মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
  • চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
  • লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণনে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ[2]:-

  • Chairman, University Education Commission (1948);
  • Chairman of the Executive Board of UNESCO (1948);
  • President of UNESCO (1952);
  • Representative of the Calcutta University at the Congress of Philosophy,
  • Harvard University (May,1962).

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণনে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰিছিল।[2]। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণন ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে।[2]

ৰচনাসমূহ

[সম্পাদনা কৰক]

বিশ্বৰ মহানতম দাৰ্শনিকৰূপে দাঙি ধৰা তেওঁৰ দাৰ্শনিক ৰচনাসমূহৰ মাজৰ কিছুমান তলত দিয়া হ’ল[2]:-

  • The Ethics of the Vedanta and its Material Presuppoliton (1908);
  • The Philosophy of Rabindranath Tagor (1918);
  • The Reign of Religion in Contemporary Philosophy (1920);
  • Indian Philosophy (2 volumes 1923 and 1927);
  • The Hindu view of Life (1926); The religion we Need (1928);
  • Kalki or The Future of Civilization (1929);
  • An Idealist view of Life (1932);
  • East and West in Religion (1933),
  • Freedom and Culture (1936);
  • The Heart of Hinduism (1936);
  • My Search for Truth (Autobiography 1937)
  • Gautama the Buddha (1938);
  • Eastern Religion and Western Thought (1939);
  • Mahatma Gandhi (1939); India and China (1944);
  • Education, Politics and War (1944):
  • The Religion and Society (1947);
  • The Bhagavadgita (1948);
  • Great Indians (1949);
  • The Dhammapada (1950);
  • The Religion of the spirit and the Worlds Need (1952).

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]

সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত ভিত্তি কৰি বৰ্তমানলৈকে বহুতো গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰে মাজৰ কিছুমান হৈছে:

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. TeluguOne
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 গ্ৰন্থ: আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা - কনকসেন ডেকা, পৃষ্ঠা নং - ৩১৮ৰ পৰা ৩২২, প্ৰকাশক: নিৰোদ কুমাৰ ভৰালী, দিছপুৰ প্ৰিণ্ট হাউছ, গুৱাহাটী-৬।
  3. 3.0 3.1 "TeluguOne". TeluguOne. http://www.teluguone.com/splevents/general/index.jsp?filename=srkrishna05.htm। আহৰণ কৰা হৈছে: 2011-08-31. 
  4. Sarvepalli Gopal: Radhakrishnan; a Biography (1989) p. 11
  5. Sarvepalli Gopal: Radhakrishnan; a Biography (1989) p.15

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]