সৰ্বেশ্বৰ চক্ৰৱৰ্তী
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| সৰ্বেশ্বৰ চক্ৰৱৰ্তী | |
|---|---|
| জন্ম | জুন ১৯১৭ |
| মৃত্যু | ১২ এপ্ৰিল ১৯৭২ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | নাট্যকাৰ, অভিনেতা, পৰিচালক |
| উল্লেখযোগ্য কৰ্ম | অভিমান, কংকন, মণিৰাম দেৱান |
সৰ্বেশ্বৰ চক্ৰৱৰ্তী (জন্ম: জুন ১৯১৭ – মৃত্যু: ১২ এপ্ৰিল ১৯৭২) এগৰাকী খ্যাতনামা অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক। তেওঁ কৈশোৰ কালৰে পৰা কামৰূপ নাট্য সমিতিৰ সৈতে জড়িত আছিল আৰু মঞ্চ, অনাঁতাৰ আৰু চলচ্চিত্ৰ – এই তিনিওটা মাধ্যমতে নাট্য চৰ্চা কৰিছিল।
জন্ম
[সম্পাদনা কৰক]তেওঁৰ জন্ম ১৯১৭ চনৰ জুন মাহত হৈছিল।
কৰ্মজীৱন
[সম্পাদনা কৰক]সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মণিৰাম দেৱান (১৯৫৪) চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। লগতে তেওঁ বহুতো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহ হ'ল:
- পাৰঘাট (১৯৪৯)
- বদন বৰফুকন (১৯৪৭)
- লাচিত বৰফুকন (১৯৬১)
- মণিৰাম দেৱান (১৯৫৪)
- ভক্ত প্ৰহ্লাদ (১৯৫৮)
- নৰকাসুৰ (১৯৬২)
ৰচনাসমূহ
[সম্পাদনা কৰক]নাটক
[সম্পাদনা কৰক]- অভিমান (১৯৫৮)
- কংকন (১৯৫৬)
- অধিকাৰ
- নিশাৰ শেৱালি
মৃত্যু
[সম্পাদনা কৰক]নাট্যজগতৰ এইগৰাকী বিশিষ্ট ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯৭২ চনৰ ১২ এপ্ৰিল তাৰিখে মৃত্যুবৰণ কৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬৫, প্ৰথম প্ৰকাশ: ২০০৬