সমললৈ যাওক

সৱিতা পুনিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৱিতা পুনিয়া

পুনিয়াই অৰ্জুন বঁটা গ্ৰহণ কৰা অৱস্থাত, ২০১৮
ব্যক্তিগত তথ্য
জন্ম১১ জুলাই, ১৯৯০ (৩৫ বছৰ)[1]
ঝান্সাল, হনুনগড় জিলা, ৰাজস্থান, ভাৰত
স্থানগ’লৰক্ষক[2]
জ্যেষ্ঠ কেৰিয়াৰ
বৰ্ষদলখেল(গ'ল)
২০০৯–হকী হাৰিয়ানা
ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ
২০২৫–সুৰমা হকী ক্লাৱ
ৰাষ্ট্ৰীয় দল
বৰ্ষদলখেলগ'ল
২০০৯–ভাৰত৩০১(0)

সৱিতা পুনিয়া (ইংৰাজী: Savita Punia; জন্ম: ১১ জুলাই ১৯৯০)[3] এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতৰ মহিলা হকী জাতীয় দলৰ সদস্য।[4] তেওঁ গ'লৰক্ষক হিচাপে খেলে আৰু ভাৰতৰ গ্ৰেট ৱাল বুলি জনা যায়।[5] ২০২০ চনৰ অলিম্পিকত তেওঁৰ প্ৰদৰ্শনক ব্যাপকভাৱে‍ প্ৰশংসা কৰা হয়।[6]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

সৱিতা পুনিয়াৰ জন্ম হৈছিল ৰাজস্থানৰ হনুনগড় জিলাৰ ঝান্সাল গাঁৱত। উন্নত স্কুলীয়া শিক্ষাৰ বাবে তেওঁক জিলা সদৰলৈ পঠিওৱা হৈছিল। তেওঁ ক্ৰীড়া একাডেমীত নামভৰ্তি কৰিছিল। ককাক মহিন্দৰ সিঙে হকী খেলিবলৈ তেওঁক উৎসাহিত কৰাত তেওঁ হিছাৰত থকা ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষৰ কেন্দ্ৰত যোগদান কৰে।[7] প্ৰথম বছৰবোৰত তেওঁ সুন্দৰ সিং খৰাবৰপৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু পাছলৈ আজাদ সিং মালিকৰপৰা তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[8] প্ৰথম অৱস্থাত তেওঁ খেলৰ প্ৰতি বেছি আগ্ৰহ নাছিল, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া তেওঁৰ দেউতাকে খেলৰ সা-সঁজুলিৰ বাবে ২০ হাজাৰ টকা খৰচ কৰিলে‍ তেওঁ খেলক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ প্ৰতি দায়ৱদ্ধ হৈ পৰিল। ২০০৭ চনত লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় শিবিৰৰ বাবে পুনিয়াক বাছি লোৱা হৈছিল আৰু তেওঁ এজন শীৰ্ষ গ’লৰক্ষকৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷[9]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০৮ চনত পুনিয়াই প্ৰথমবাৰৰ বাবে চাৰিখন দেশৰ মাজত নেদাৰলেণ্ড আৰু জাৰ্মানীত অনুষ্ঠিত হোৱা খেলৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰে।[10] ২০১১ চনত ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১০০ খনতকৈও অধিক খেলত তেওঁ অংশগ্ৰহণ কৰিছে। ২০০৭ চনত তেওঁৰ বয়স যেতিয়া মাত্ৰ ১৭ বছৰ হৈছিল তেতিয়াই তেওঁ জাতীয় দলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ ২০০৯ চনত জুনিয়ৰ এছিয়া কাপত দলৰ সদস্যা হিচাপে অংশগ্ৰহণ কৰিছিল৷ ২০১৩ চনত মালয়েছিয়াত অনুষ্ঠিত হোৱা অষ্টম মহিলা এছিয়া কাপত অংশগ্ৰহণ কৰি পেনাল্টি শ্বুট আউটত দুটা গুৰুত্বপূৰ্ণ সম্ভাৱ্য গ’ল ৰক্ষা কৰি তেওঁ ভাৰতক ব্ৰঞ্জৰ পদক লাভ কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল৷ ২০১৪ চনৰ ইঞ্চিয়ন এছিয়ান গেমছত ব্ৰঞ্জৰ পদক বিজয়ী দলটোৰ তেওঁ এগৰাকী সদস্যা আছিল৷

২০১৬ চনত জাপানৰ বিৰুদ্ধে শেষ মুহূৰ্তত পেনাল্টি কৰ্ণাৰ বিশেষভাৱে প্ৰতিহত কৰি‍ ভাৰতক ১-০ গ’লৰ অগ্ৰগতি প্ৰদান কৰাত সহায় কৰি তেওঁ তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছিল৷ ৩৬ বছৰৰ পাছত দলক ৰিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত তেওঁ সহায় কৰিছিল। ২০১৮ চনৰ এছিয়া কাপত তেওঁ চীনৰ বিৰুদ্ধে ফাইনেলত আচৰিত ধৰণৰ প্ৰতিৰোধ গঢি় তুলিছিল, ইয়াৰ যোগেদি তেওঁ টুৰ্ণামেণ্টৰ গ'লৰক্ষক বঁটা লাভ কৰিছিল আৰু দলে ২০১৮ চনৰ লণ্ডনত অনুষ্ঠিত হোৱা বিশ্বকাপ স্লট লাভ কৰিবলৈ সক্ষম হৈছিল৷[11]

নিউজিলেণ্ডৰ হক’ছ বে কাপত তেওঁ ফলপ্ৰসূ প্ৰদৰ্শন আগবঢ়াইছিল আৰু তেওঁৰ দলটোক প্ৰতিযোগিতাখনত ৬ নম্বৰ স্থান দখল কৰাত সহায় কৰিছিল।[12]

তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে মহিলা হকী বিশ্ব লীগৰ ২য় ৰাউণ্ডৰ অন্তিমখন খেলত চিলিক পৰাস্ত কৰাত মহিলা ভাৰতীয় দলটোক সহায় কৰিছিল৷[13]

২০১৬ চনত দিয়া এক সাক্ষাৎকাৰত পুনিয়াই প্ৰকাশ কৰে যে তেওঁক হাৰিয়ানা চৰকাৰৰ মেডেল লাও, নৌকৰী পাও আঁচনি, ২০১৮ৰ অধীনত চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু তেওঁ চাকৰি নাপালে৷ এবছৰৰ পাছতো তেওঁ কৈছিল, একো সলনি হোৱা নাই।

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]

ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগ বঢে়াৱা অসাধাৰণ প্ৰদৰ্শন আৰু অৱদানৰ বাবে‍ ২০১৫ চনত তেওঁক হকী ইণ্ডিয়া বাৰ্ষিক বঁটা বলজিৎ সিং গ’লকীপাৰ বঁটা প্ৰদান কৰা হয়, ই তেওঁক দেশৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে প্ৰমাণ কৰে। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ১ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে।[14]

বছৰ পুৰস্কাৰ শ্ৰেণী ফলাফল প্ৰসঙ্গ.
২০২৫ হকী ইণ্ডিয়া বঁটা বছৰৰ শ্ৰেষ্ঠ গ’লৰক্ষক বিজয়ী
বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ বিজয়ী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Goalie Savita Punia, who stood like a wall, loved listening to hockey commentary on radio as a child". TribuneIndia. Archived from the original on 2022-01-05. https://web.archive.org/web/20220105020839/https://www.tribuneindia.com/news/haryana/goalie-savita-punia-who-stood-like-a-wall-loved-to-listen-to-hockey-commentary-on-radio-as-child-291861। আহৰণ কৰা হৈছে: 2021-08-07. 
  2. "Who is Savita Punia? Five things to know about India's unflappable hockey goalkeeper". Olympics. https://olympics.com/en/featured-news/who-is-savita-punia-five-things-to-know-about-india-s-unflappable-hockey-goalkee। আহৰণ কৰা হৈছে: 2021-08-07. 
  3. "Savita Punia". Forbes India. Archived from the original on 2022-01-05. https://web.archive.org/web/20220105020830/https://www.forbesindia.com/thirtyprofile2018/savita-punia/1679/53। আহৰণ কৰা হৈছে: 2021-08-05. 
  4. "Savita Punia: From lugging kit on Haryana roadways buses to Olympic glory". Indian Express. 6 August 2021. https://indianexpress.com/article/olympics/savita-punia-haryana-roadways-buses-kit-tokyo-2020-glory-7434502/। আহৰণ কৰা হৈছে: 2021-08-07. 
  5. "Wall of India! Social Media Hails Savita Punia as Indian Women's Hockey Team Reach Semis". News18. 2 August 2021. https://www.news18.com/news/sports/wall-of-india-social-media-hail-savita-punia-as-indian-womens-hockey-team-reach-semis-4035050.html। আহৰণ কৰা হৈছে: 2021-08-07. 
  6. "Savita "The Wall" Punia, #ChakDeIndia Trend As Hockey Team Reaches Semis". NDTV. https://www.ndtv.com/offbeat/tokyo-olympics-savita-the-wall-punia-chakdeindia-trend-as-hockey-team-reaches-semis-2500434। আহৰণ কৰা হৈছে: 2021-08-07. 
  7. Sen, Debayan (19 July 2018). "Savita Punia fulfills grandfather's dream to become world's best". ESPN. http://www.espn.in/field-hockey/story/_/id/24129387। আহৰণ কৰা হৈছে: 22 July 2018. 
  8. "Savita Punia: 10 things to know about India's female hockey goalkeeper at Rio Olympics 2016". 14 July 2016. https://www.sportskeeda.com/hockey/rio-olympics-2016-know-your-indian-olympian-10-things-know-about-savita-punia. 
  9. "Savita Punia fulfills grandfather's dream to become world's best" (en ভাষাত). ESPN. http://www.espn.in/field-hockey/story/_/id/24129387/savita-punia-haryana-schoolgirl-became-indian-women-hockey-team-no1-goalkeeper. 
  10. Patwardhan, Deepti (14 March 2018). "Savita Punia: India's lady in shining armour". livemint.com. https://www.livemint.com/Sports/wIy8yhBxyaBzdVKgb0xphL/Savita-Punia-Indias-lady-in-shining-armour.html. 
  11. "Savita Punia – Forbes India Magazine" (en-US ভাষাত). Forbes India. Archived from the original on 27 July 2018. https://web.archive.org/web/20180727110845/http://www.forbesindia.com/thirtyprofile2018/savita-punia/1679/53। আহৰণ কৰা হৈছে: 28 July 2018. 
  12. "Once reluctant player, Savita Punia keeps India in Olympic chase" (en-US ভাষাত). The Indian Express. 7 July 2015. http://indianexpress.com/article/sports/hockey/once-reluctant-player-savita-punia-keeps-india-in-olympic-chase/. 
  13. "India Women's team beat Chile via penalty shootout in Hockey World League Round 2 final". http://indiatoday.intoday.in/story/india-chile-womens-hockey-world-league-final/1/925068.html. 
  14. "Savita Punia: 10 things to know about India's female hockey goalkeeper at Rio Olympics 2016". 14 July 2016. https://www.sportskeeda.com/hockey/rio-olympics-2016-know-your-indian-olympian-10-things-know-about-savita-punia.