সৱিতা আম্বেদকাৰ
ডাঃ সৱিতা আম্বেদকাৰ | |
---|---|
![]() ডাঃ সৱিতা আম্বেদকাৰ | |
জন্ম | শাৰদা কৃষ্ণৰাও কবীৰ ২৭ জানুৱাৰী, ১৯০৯ দাদৰ, বম্বে প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত (এতিয়া মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ২৯ মে', ২০০৩ (৯৪ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | মাই (মা), মাইসাহেব আম্বেদকাৰ |
শিক্ষা | এমবিবিএচ |
শিক্ষানুষ্ঠান | গ্ৰাণ্ট মেডিকেল কলেজ, মুম্বাই, মহাৰাষ্ট্ৰ। |
পেচা | সমাজকৰ্মী, চিকিৎসক |
জনা যায় | সামাজিক সক্ৰিয়তা |
উল্লেখযোগ্য কৰ্ম | ড° আম্বেদকাৰঞ্চ্য সহবাসত |
ৰাজনৈতিক আন্দোলন | দলিত বৌদ্ধ আন্দোলন |
দাম্পত্যসঙ্গী | বি. আৰ. আম্বেদকাৰ (বি. ১৯৪৮; মৃ. ১৯৫৬) |
আত্মীয়-স্বজন | আম্বেদকাৰ পৰিয়াল চাওক। |
ডাঃ সৱিতা ভীমৰাও আম্বেদকাৰ (ইংৰাজী: Savita Ambedkar; ২৭ জানুৱাৰী ১৯০৯ - ২৯ মে' ২০০৩) এগৰাকী ভাৰতীয় সমাজকৰ্মী, চিকিৎসক আৰু বি. আৰ. আম্বেদকাৰৰ দ্বিতীয় পত্নী।
বি আৰ আম্বেদকাৰক কিতাপ লিখাৰ সময়ছোৱাত তেওঁ বহুবাৰ তেওঁক সহায় কৰিছিল আৰু তেওঁৰ অন্যতম প্ৰেৰণাৰ উৎস আছিল। আম্বেদকাৰে তেওঁৰ বুদ্ধ আৰু তেওঁৰ ধৰ্ম্ম নামৰ গ্ৰন্থখনৰ প্ৰস্তাৱনাত তেওঁক আঠাইশ বছৰলৈ আয়ুস বৃদ্ধি কৰাৰ কৃতিত্ব দিছিল।[1][2][3]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯০৯ চনৰ ২৭ জানুৱাৰীত বম্বেত কবীৰপন্থী পৰিয়ালত শাৰদা কৃষ্ণৰাও কবীৰ নামেৰে জন্ম হৈছিল সৱিতা আম্বেদকাৰৰ। তেওঁৰ মাকৰ নাম জানকী আৰু দেউতাকৰ নাম কৃষ্ণৰাও বিনায়ক কবীৰ। তেওঁৰ পৰিয়ালটো মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি জিলাৰ ৰত্নাগিৰি তহচিলত অৱস্থিত ডৰ্লে গাঁৱৰ। পাছলৈ তেওঁৰ পিতৃয়ে ৰত্নাগিৰিৰ পৰা বোম্বাইলৈ প্ৰব্ৰজন কৰিছিল। ছাৰ ৰাও বাহাদুৰ এছ. কে. বোলে পথত, দাদৰ পশ্চিমত, "কবুতৰখানা" (পাৰ চৰাইৰ ঘৰ)ৰ ওচৰত কবীৰ পৰিয়ালে মাট্ৰুচায়াত থকা ছাহৰুৰ ঘৰত ভাড়াঘৰ লৈছিল।[4][5][6]
সৱিতাৰ প্ৰাৰম্ভিক শিক্ষা পুণেত সম্পূৰ্ণ হৈছিল। ১৯৩৭ চনত তেওঁ ব'ম্বেৰ গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা এম.বি.বি.এছ ডিগ্ৰী সম্পূৰ্ণ কৰে। পঢ়া-শুনা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক গুজৰাটৰ এখন ডাঙৰ চিকিৎসালয়ত প্ৰথম শ্ৰেণীৰ চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু কেইমাহমানৰ অসুস্থতাৰ পাছত তেওঁ চাকৰি এৰি ঘৰলৈ উভতি আহে। তেওঁৰ আঠজন ভাই-ভনীৰ ভিতৰত ছয়জনৰ আন্তঃবৰ্ণ বিবাহ হৈছিল। সেই সময়ত ই ভাৰতৰ সামাজিক নিয়ম বিৰুদ্ধ আছিল। সৱিতাই কৈছিল,"আমাৰ পৰিয়ালে আন্তঃবৰ্ণ বিবাহৰ বিৰোধিতা কৰা নাছিল, কিয়নো সমগ্ৰ পৰিয়ালটো শিক্ষিত আৰু প্ৰগতিশীল আছিল।" [7][4]
মৃত্যু
[সম্পাদনা কৰক]স্বামীৰ মৃত্যুৰ পাছত সৱিতা আম্বেদকাৰ অকলশৰীয়া হৈ পৰিছিল। পাছত তেওঁ কিছু সময়ৰ বাবে পুনৰ দলিত আন্দোলনত যোগদান কৰিছিল। ২০০৩ চনৰ ১৯ এপ্ৰিলত তেওঁ উশাহ লোৱাত অসুবিধা অনুভৱ কৰিছিল আৰু জে. জে. চিকিৎসালয়ত ভৰ্তি হৈছিল। ২০০৩ চনৰ ২৯ মে'ত মুম্বাইৰ জে. জে. চিকিৎসালয়ত ৯৪ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।[8][6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Pritchett, Frances. "00_pref_unpub". Columbia.edu. http://www.columbia.edu/itc/mealac/pritchett/00ambedkar/ambedkar_buddha/00_pref_unpub.html। আহৰণ কৰা হৈছে: 13 November 2018.
- ↑ (mr-IN ভাষাত). 3 December 2017. https://www.loksatta.com/lekha-news/the-buddha-and-his-dhamma-dr-b-r-ambedkar-1594868/.
- ↑ (en ভাষাত). https://timesofindia.indiatimes.com/india/pm-expresses-grief-over-death-of-savita-ambedkar/articleshow/47857884.cms.
- ↑ 4.0 4.1 (hi ভাষাত). https://www.patrika.com/noida-news/why-there-was-anger-over-baba-saheb-dr-bhimrao-ambedkar-s-second-marriage-news-in-hindi-1553264/.
- ↑ (hi-IN ভাষাত). 21 June 2018. https://www.forwardpress.in/2018/06/dr-savita-bhimrao-ambedkar-jinake-lie-ambedkar-se-mahatvpurn-kuchh-bhi-n-tha/.
- ↑ 6.0 6.1 . May 29, 2003. https://timesofindia.indiatimes.com/city/mumbai/b-r-ambedkars-widow-passes-away/articleshow/47838403.cms.
- ↑ Sukhadeve, P. V. (mr ভাষাত). Maaisahebanche Agnidivya. Kaushaly Prakashan. পৃষ্ঠা. 17.
- ↑ "President, PM condole Savita Ambedkar's death". The Hindu. 30 May 2003. Archived from the original on 17 October 2015. https://web.archive.org/web/20151017053455/http://www.thehindu.com/2003/05/30/stories/2003053002081300.htm.