হʼপটুন জলপ্ৰপাত
| হʼপটুন জলপ্ৰপাত | |
|---|---|
হʼপটুন জলপ্ৰপাত | |
| অৱস্থান | অটৱে ৰেঞ্জছ, ভিক্টোৰিয়া, অষ্ট্ৰেলিয়া |
| স্থানাংক | 38°40′04″S 143°34′13″E / 38.66778°S 143.57028°Eস্থানাংক: 38°40′04″S 143°34′13″E / 38.66778°S 143.57028°E[1] |
| Type | প্লাঞ্জ |
| Elevation | ৩১৪ মিটাৰ (১,০৩০ ফুট) |
| Total height | ৪৫–৪৯ মিটাৰ (১৪৮–১৬১ ফুট) |
| Number of drops | ১ |
| Watercourse | আয়াৰ নদী |
হʼপটুন জলপ্ৰপাত (ইংৰাজী: Hopetoun Falls) হʼল অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ অটৱেজ অঞ্চলত অৱস্থিত আয়াৰ নদীৰ ওপৰত থকা এটা জলপ্ৰপাত।
অৱস্থান আৰু বৈশিষ্ট্য
[সম্পাদনা কৰক]জলপ্ৰপাতটো বীচ ফৰেষ্ট অঞ্চলৰ প্ৰায় ৫ কিলোমিটাৰ (৩.১ মাইল) দক্ষিণে সাগৰ পৃষ্ঠৰপৰা ৩১৪ মিটাৰ (১,০৩০ ফুট) উচ্চতাত অৱস্থিত আৰু ইয়াৰ উচ্চতা ৪৫–৪৯ মিটাৰ (১৪৮–১৬১ ফুট)ৰ ভিতৰত।[2] হʼপটুন জলপ্ৰপাতটো এপʼলʼ বেʼ – বীচ ফৰেষ্ট পথৰ কাষতে, বিউচাম্প জলপ্ৰপাতৰ টাৰ্ণঅফৰপৰা প্ৰায় ৪ কিলোমিটাৰ (২.৫ মাইল) দক্ষিণে আৰু উপকূলীয় চহৰ এপʼলʼ বেʼৰপৰা প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) উত্তৰ-পশ্চিমত অৱস্থিত।
পৰ্যটকৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ লগতে হʼপটুন জলপ্ৰপাতৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। জলপ্ৰপাতটোত সুনিৰ্মিত তথা সুৰক্ষিত চিৰিৰ এটা বৃহৎ গোট আছে যিয়ে এটা প্ৰাকৃতিক চোতালৰ মাজেৰে জলপ্ৰপাতটোৰ একেবাৰে তলত থকা এখন দৰ্শন মঞ্চ লৈ লৈ যায়। হʼপটুন জলপ্ৰপাতটো এটা আয়তাকাৰ ৰূপত ৩০ মিটাৰ তললৈ নামি আহে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Hopetoun Falls: 3622". Vicnames. Government of Victoria. 2 May 1966. Archived from the original on 12 May 2014. https://web.archive.org/web/20140512221444/https://services.land.vic.gov.au/vicnames/place.html?method=edit&id=3622। আহৰণ কৰা হৈছে: 9 May 2014.
- ↑ "Map of Hopetoun Falls, VIC". Bonzle Digital Atlas of Australia. Archived from the original on 23 September 2015. https://web.archive.org/web/20150923223906/http://www.bonzle.com/c/a?a=p&p=252866&cmd=sp। আহৰণ কৰা হৈছে: 9 May 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত হʼপটুন জলপ্ৰপাত সম্পৰ্কীয় মিডিয়া ফাইল।