হং ইং
| হং ইং | |
|---|---|
| জন্ম | ২১ ছেপ্টেম্বৰ, ১৯৬২ (৬৩ বছৰ) চংকিং, চীন |
| পেচা | ঔপন্যাসিক, কবি |
| ভাষা | চীনা |
| মাতৃশিক্ষায়তন | লু চুন লিটাৰেৰী ইনষ্টিটিউট ফুডান বিশ্ববিদ্যালয় |
| সময় | ১৯৮১–বৰ্তমান |
| ধৰণ | কবিতা, উপন্যাস |
| দাম্পত্যসংগী | ঝাও ইহেন (১৯৯১–২০০৩; বিবাহ বিচ্ছেদ) |
| সন্তান | ১ |
হং ইং (ইংৰাজী: Hong Ying; চীনা: 虹影; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৬২) এগৰাকী প্ৰখ্যাত চীনা লেখিকা আৰু কবি। তেওঁৰ উপন্যাসসমূহৰ বাবে তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে।
জীৱনী
[সম্পাদনা কৰক]হং ইংৰ জন্ম ১৯৬২ চনৰ ২১ ছেপ্টেম্বৰত চীনৰ চংকিংত হৈছিল। তেওঁৰ জন্মৰ সময়ছোৱা চীনৰ 'গ্ৰেট লিপ ফৰৱাৰ্ড'ৰ অন্তিম পৰ্যায় আছিল। ১৮ বছৰ বয়সৰপৰাই তেওঁ লিখা-মেলা আৰম্ভ কৰিছিল। তাৰ অলপ পাছতে তেওঁ ঘৰ এৰি পৰৱৰ্তী দহ বছৰ ধৰি চীনৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত তেওঁ কবিতা আৰু চুটি গল্পৰ জৰিয়তে এগৰাকী লেখিকা হিচাপে নিজৰ স্বকীয় শৈলীৰ অন্বেষণ কৰিছিল। বেইজিঙৰ লু চুন একাডেমী আৰু চাংহাইৰ ফুডান বিশ্ববিদ্যালয়ত চুটি কালৰ বাবে অধ্যয়ন কৰাৰ পাছত, হং ইং ১৯৯১ চনত লণ্ডনলৈ গুচি যায় আৰু তাত লেখিকা হিচাপে স্থিতি লয়। ২০০০ চনত তেওঁ পুনৰ বেইজিংলৈ উভতি আহে।
সাহিত্যিক কৃতি
[সম্পাদনা কৰক]ইংৰাজী ভাষাত হং ইংৰ আটাইতকৈ পৰিচিত উপন্যাসসমূহ হ’ল— কে: দ্য আৰ্ট অৱ লাভ, চামাৰ অৱ বিত্ৰায়েল, পীকক ক্ৰাইজ আৰু তেওঁৰ আত্মজীৱনী ডাউটাৰ অৱ দ্য ৰিভাৰ। হং ইংৰ সাহিত্যিক কৰ্মৰাজি বিশটা ভাষাত প্ৰকাশ পাইছে আৰু কেইবাখনো দেশৰ 'বেষ্টচেলাৰ' তালিকাত স্থান লাভ কৰিছে। ২০০৫ চনত তেওঁৰ উপন্যাস কে: দ্য আৰ্ট অৱ লাভৰ বাবে তেওঁ 'প্ৰাইজ অৱ ৰোম' বঁটা লাভ কৰিছিল। তেওঁৰ কেইবাখনো গ্ৰন্থ ইতিমধ্যে দূৰদৰ্শন ধাৰাবাহিক আৰু চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰা হৈছে বা সেইবোৰৰ কাম চলি আছে।
হং ইং চীনত বাস কৰা সমকামীসকলৰ কাহিনীৰ প্ৰতি দীৰ্ঘদিন ধৰি আগ্ৰহী আছিল। এই বিষয়টো তেওঁৰ চুটি গল্প সংকলন এ লিপষ্টিক কল্ড ৰেড পেপাৰ: ফিক্সন এবাউট গে এণ্ড লেচবিয়ান লাভ ইন চাইনা ১৯৯৩–১৯৯৮ত বিতংকৈ অন্বেষণ কৰিছে। তেওঁ নিজৰ কামত মানুহৰ জীৱনৰ সংগ্ৰাম, দুৰ্দশা আৰু ইতিহাসৰ ওপৰত গুৰুত্ব দিবলৈ ভাল পায়। এগৰাকী লেখিকা হিচাপে তেওঁ বিশ্বাস কৰে যে সমসাময়িক চীনত দৃশ্যমানতা আৰু সহানুভূতিৰ বাবে সংগ্ৰাম কৰি থকা প্ৰান্তীয় গোটসমূহৰ জীৱনৰ অন্বেষণ কৰাটো তেওঁৰ অন্যতম দায়িত্ব।
শেহতীয়া বছৰবোৰত হং ইং শিশুৰ বাবেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল: মিমিড’লা: দ্য ৰিভাৰ চাইল্ড;[1] দ্য গাৰ্ল ফ্ৰম দ্য ফ্ৰেন্স ফ’ৰ্ট; দ্য লেজেণ্ড অৱ লিয়া আৰু নিউ মুন ৰাইজ।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হং ইং ১৯৫৩ চনত জন্মগ্ৰহণ কৰা এজন বেংকাৰ আৰু ব্যৱসায়ীৰ পৰা লেখক হোৱা এডাম উইলিয়ামছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উইলিয়ামছ এগৰাকী চতুৰ্থ প্ৰজন্মৰ ব্ৰিটিছ নাগৰিক, যাৰ পৰিয়ালৰ দূৰ প্ৰাচ্যৰ সৈতে ঔপনিৱেশিক সম্পৰ্ক আছিল। তেওঁলোক ২০০৯ চনৰ পৰা বিবাহিত আৰু তেওঁলোকৰ চিৰিল নামৰ এগৰাকী কন্যা সন্তান আছে। তেওঁলোক লণ্ডন আৰু ইটালীৰ মাৰ্চেত বসবাস কৰে।[3][4]
উপন্যাসসমূহ
[সম্পাদনা কৰক]- ফাৰ গোজ দ্য গাৰ্ল (১৯৯৪)
- চামাৰ অৱ বিত্ৰায়েল (১৯৯৫)
- ডাউটাৰ অৱ দ্য ৰিভাৰ (১৯৯৭)
- কে (১৯৯৯)
- আনন্দ (২০০১)
- দ্য পীকক ক্ৰাইজ (২০০২)
- লৰ্ড অৱ চাংহাই (২০০৩)
- ডেথ ইন চাংহাই (২০০৫)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jia, Mei (2016). "Finding wonderland". usa.chinadaily.com.cn. https://usa.chinadaily.com.cn/epaper/2016-05/25/content_25460543.htm। আহৰণ কৰা হৈছে: 2025-08-26.
- ↑ চীনত দ্বিভাষিক গ্ৰন্থ হিচাপে প্ৰকাশিত, নিকোলাছ স্মিথৰ দ্বাৰা অনূদিত, চেৰী ডেনমেনৰ দ্বাৰা অলংকৃত। http://www.chinadailyasia.com/lifestyle/2015-05/06/content_15259796.html Archived 2020-10-12 at the Wayback Machine
- ↑ "About the author Adam Williams". https://www.adam-williams.net/biography.
- ↑ Archived at Ghostarchive and the Adam Williams marries Chinese author Hong Ying in Italian hill-top village!. YouTube. Archived from the original on 2020-04-28. Retrieved 2026-03-20.: Adam Williams marries Chinese author Hong Ying in Italian hill-top village!. YouTube.