সমললৈ যাওক

হকীকত (১৯৬৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হকীকত

পোষ্টাৰ
পৰিচালক চেতন আনন্দ
ৰচনা চেতন আনন্দ
প্ৰযোজক চেতন আনন্দ
অভিনয়ত ধৰ্মেন্দ্ৰ
বলৰাজ সাহানী
প্ৰিয়া ৰাজবংশ
সঞ্জয় খান
চিত্ৰগ্ৰহণকাৰী সদানন্দ
সম্পাদনা এম ডি যাদৱ ৰাও
সংগীত পৰিচালক মদন মোহন
কাইফি আজমী (গীত)[1]
পৰিবেশক হিমালয় ফিল্মছ
মুক্তি
১৯৬৪ (1964)
দৈৰ্ঘ্য
১৮৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

হকীকত (ইংৰাজী: Haqeeqat) ১৯৬৪ চনৰ চেতন আনন্দৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজনাত হিন্দী ভাষাত নিৰ্মিত এখন ভাৰতীয় যুদ্ধবিষয়ক নাট্যধৰ্মী ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, বলৰাজ সাহনী, প্ৰিয়া ৰাজবংশ, সুধীৰ, সঞ্জয় খান আৰু বিজয় আনন্দে। ছবিখনৰ সংগীত মদন মোহনৰ আৰু গীতৰ কথা কাইফী আজমীৰ। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ ঘটনাৰাজিৰ আধাৰত নিৰ্মিত এই ছবিখনত লাডাখৰ সৈন্যৰ এটা সৰু প্লেটুনে শত্ৰুৰ বৃহৎ গোট এটাৰ বিৰুদ্ধে থিয় দিছিল। লাডাখৰ ৰেজাংলাৰ যুদ্ধক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখনত মেজৰ শেইতান সিঙৰ নেতৃত্বত ১৩, কুমাওঁ অহীৰ কোম্পানীৰ অন্তিম মৰ্চাৰ কাল্পনিক সংস্কৰণ দেখুওৱা হৈছে। অৱশ্যে ছবিখনে কেৱল যুদ্ধৰ প্ৰতিনিধিত্ব কৰাই নহয়, ইয়াত সাধাৰণ সৈনিকজনৰ ওপৰত যুদ্ধই পেলোৱা প্ৰভাৱৰো নাটকীয় পুনৰাবৃত্তি কৰা হৈছে। চেতন আনন্দে ছবিখন জৱাহৰলাল নেহৰু আৰু লাডাখৰ জোৱানসকলৰ নামত উৎসৰ্গা কৰিছিল। এই ছবিখনক বহুলভাৱে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক’লা-বগা যুদ্ধ বিষয়ক চলচ্চিত্ৰ বুলি গণ্য কৰা হয়।

হকীকতে ১৯৬৫ চনত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১২ চনত ছবিখনৰ ৰঙীন সংস্কৰণ মুকলি কৰা হয়। ২০১৬ চনৰ ১২ আগষ্টত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে যৌথভাৱে উপস্থাপন কৰা স্বাধীনতা দিৱস চলচ্চিত্ৰ মহোৎসৱত ৭০তম ভাৰতৰ স্বাধীনতা দিৱসৰ স্মৃতিত ছবিখন পুৰ্বব্যাপী ৰূপত প্ৰদৰ্শন কৰা হয়।[2][3]

নিৰ্মাণ

[সম্পাদনা কৰক]

চৰকাৰ আৰু সেনাৰ সহায় লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল।[4][5] ছবিখনৰ কিছু অংশ লাডাখত শ্বুটিং কৰা হৈছিল আৰু এইখন লাডাখত শ্বুটিং হোৱা প্ৰথমখন বলীউডৰ ছবি হিচাপে পৰিগণিত হৈছিল।[6][7] ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত "বাওঁপন্থী" শিল্পীসকলে[টোকা 1] ছবিখনৰ কামৰ বাবে কোনো ধৰণৰ ধন লোৱা নাছিল; ইয়াৰ ভিতৰত আছিল- পৰিচালক চেতন আনন্দ, নোৱেল কৰ্ক (দ্বিতীয় পৰিচালক) অভিনেতা বলৰাজ সাহনী, গীতিকাৰ কাইফি আজমি আৰু অভিনেত্ৰী শৌকত আজমী।[8] চেতন আনন্দৰ পুত্ৰ কেতন আনন্দে ৰূপান্তৰিত কৰা ৰঙীন সংস্কৰণটো ২০১২ চনত মুক্তি পায়।[9] ভাৰত-অষ্ট্ৰেলীয় সহযোগিতাৰে (ভাৰতৰ কিউ লেব আৰু অষ্ট্ৰেলিয়াৰ টাইম ব্ৰাছ ফিল্মছ) ৰূপান্তৰ কৰা এইখন আছিল প্ৰথম ছবি। ছবিখনৰ সময়সীমাও সম্পাদনা কৰা হৈছিল।[10]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • ধৰ্মেন্দ্ৰ (কেপ্তেইন বাহাদুৰ সিং)
  • বলৰাজ সাহানী (মেজৰ ৰঞ্জিত সিং)
  • প্ৰিয়া ৰাজবংশ (অংমো)[11]
  • সঞ্জয় খান (ভাৰতীয় সৈনিক)
  • বিজয় আনন্দ (মেজৰ প্ৰতাপ সিং)
  • শেখ মুখতাৰ (কমাণ্ডিং অফিচাৰ)
  • সুধীৰ (ৰামসিং)
  • ইন্দ্ৰানী মুখাৰ্জী
  • আশা সচদেৱ[12]
দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৪)
  • দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি (অল ইণ্ডিয়া চাৰ্টিফিকেট অফ মেৰিট)
ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- এম এছ সথ্যু
  1. "Director Chetan Anand, lyricist Kaifi Azmi and lead actor Balraj Sahni were members or supporters of CPI aligned with Moscow".[6]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Pune: A film festival that celebrates freedom". The Indian Express. 9 August 2016. https://indianexpress.com/article/cities/pune/pune-a-film-festival-that-celebrates-freedom-2962539/. 
  2. Independence Day 15 August 2016
  3. Kahlon, Sukhpreet (17 August 2018). "'Desh ko tumhari zaroorat hai' – The patriotic zeal in Chetan Anand's Haqeeqat (1964)". Cinestaan.com. https://www.cinestaan.com/articles/2018/aug/17/15079/desh-ko-tumhari-zaroorat-hai-the-patriotic-zeal-in-chetan-anand-s-haqeeqat-1964। আহৰণ কৰা হৈছে: 1 August 2019. 
  4. Singh, Deepali (23 August 2020). "8 Bollywood movies that capture the heavenly beauty of Ladakh, on Netflix, Amazon Prime Video and Disney+ Hotstar" (en-IN ভাষাত). Vogue India. https://www.vogue.in/culture-and-living/content/best-bollywood-movies-ladakh-netflix-amazon-prime-video-disney-hotstar। আহৰণ কৰা হৈছে: 2020-09-09. "Chetan Anand’s 1964 war drama, Haqeeqat, is known to be the first Bollywood movie to be shot there." 
  5. Wangchuk, Rinchen Norbu (2017-11-25). "When Tradition Triumphs Modernity: Ladakh's Dry Toilets" (en-US ভাষাত). The Better India. https://www.thebetterindia.com/122341/ladakhs-dry-toilets/। আহৰণ কৰা হৈছে: 2020-09-09. 
  6. 6.0 6.1 (en ভাষাত) Encyclopaedia of Hindi Cinema. Popular Prakashan. 2003. পৃষ্ঠা. 76. ISBN 978-81-7991-066-5. https://books.google.com/books?id=8y8vN9A14nkC&q=haqeeqat+1964&pg=PA76. 
  7. Joshi, Namrata (22 October 2012). "A Death Foretold". Outlook India Magazine. https://magazine.outlookindia.com/story/a-death-foretold/282593। আহৰণ কৰা হৈছে: 2020-09-06. [সংযোগবিহীন উৎস]
  8. Gupta, Ranjan Das (2012-02-18). "Fading into colour" (en ভাষাত). Deccan Herald. https://www.deccanherald.com/content/228237/fading-colour.html। আহৰণ কৰা হৈছে: 2020-09-06. 
  9. "Remembering the battle of Rezang La through the eyes of two brave soldiers" (en-US ভাষাত). ThePrint. 2018-11-18. https://theprint.in/walk-the-talk/56-years-on-remembering-the-battle-of-rezang-la-through-the-eyes-of-two-brave-soldiers/150549/। আহৰণ কৰা হৈছে: 2020-09-07. 
  10. Gupta, Shekhar (2012-10-22). "1962, a different story" (en-US ভাষাত). The Financial Express. https://www.financialexpress.com/archive/1962-a-different-story/1020129/। আহৰণ কৰা হৈছে: 2020-09-07. 
  11. Bali, Karan. "Do Chetan Anand's best-known films stand the test of time?" (en-US ভাষাত). Scroll.in. http://scroll.in/article/763901/do-chetan-anands-best-known-films-stand-the-test-of-time। আহৰণ কৰা হৈছে: 2020-09-06. 
  12. "Haqeeqat Cast" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/movie/haqeeqat-3/cast/। আহৰণ কৰা হৈছে: 2020-09-06. 

অধিক পঠন

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]