সমললৈ যাওক

হট ফুট পাউদাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হট ফুট পাউদাৰ আফ্ৰিকান আমেৰিকান হুডু জাতিৰ লোকসকলে যাদুৰে অবাঞ্চিত মানুহক খেদি পঠিয়াবলৈ ব্যৱহাৰ কৰা দেখা যায়।

ইয়াত বনৌষধি আৰু খনিজ পদাৰ্থৰ মিশ্ৰণ, প্ৰায় সদায় জলকীয়াৰ গুড়ি, নিমখ, মছলা, আৰু জালুকৰ গুড়ি অন্তৰ্ভুক্ত। আন উপাদান যেনে ভেকুলীৰ বাহ, চালফাৰ, শ্মশান বা কবৰস্থানৰ মলি কেতিয়াবা যোগ কৰা হয়। ইয়াৰ উপৰিও ই গুফাৰ ডাষ্ট(ধুলি)ৰ কিছুমান ওপৰাওপৰিকৈ ব্যৱহাৰ কৰা দেখুৱায়, যিয়ে অস্থিৰতাৰ সৃষ্টি কৰে আৰু মানুহক আঁতৰি যাবলৈ বাধ্য কৰি পেলায় বুলি জনা যায়। [1][2]

উৎপত্তি

[সম্পাদনা কৰক]

আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়ৰ ওপৰত গৱেষণা কৰা কিছুমান পণ্ডিতৰ মতে হট ফুট পাউদাৰ হয়তো পৰম্পৰাগত প্ৰথা নহয় বৰঞ্চ পৰম্পৰাগত "ৱাকিন ফুট"ৰ বাণিজ্যিক সংস্কৰণো হ'ব পাৰে। ৱাকিন ফুট হৈছে পৰম্পৰাগত আফ্ৰিকান-আমেৰিকান হুডুত তৈয়াৰী পাউদাৰ, যাতে মানুহক বিভ্ৰান্ত কৰে, যাৰ ফলত তেওঁলোকে বিভ্ৰান্তিকৰ অৱস্থাত যেনিতেনি ঘুচি যাব পাৰে। পশ্চিম আফ্ৰিকাৰ ফুট ট্ৰেক মেজিকৰ পৰা এই প্ৰথা প্ৰভাৱিত হৈছিল, য’ত পশ্চিম আফ্ৰিকাৰ মানুহে এজন ব্যক্তিৰ ভৰিৰ খোজ এই উপাদানৰ সৈতে সংযুক্ত হৈ ব্যক্তিৰ গতিবিধি নিয়ন্ত্ৰণ কৰে। আটলাণ্টিক অতিক্ৰম কৰা দাস ব্যৱসায়ৰ সময়ত ইয়াক আমেৰিকালৈ অনা হৈছিল।

আমেৰিকান হুডু

[সম্পাদনা কৰক]

আমেৰিকাৰ কৃষ্ণাংগ লোকসকলে উত্তৰ আমেৰিকাৰ বনৌষধি, শিপা আৰু প্ৰাণীৰ অংশৰ দৰে আমেৰিকান সামগ্ৰী ব্যৱহাৰ কৰি এজন ব্যক্তিৰ ভৰিৰ খোজৰ সৈতে মিলাই গুড়ি তৈয়াৰ কৰি জোতা বা ভৰিৰ খোজত (ভৰিৰ ছাপ) ছটিয়াই "ব্যক্তিজনক হুডু" কৰা এই প্ৰথা আফ্ৰিকান-আমেৰিকান হৈ পৰে।"[3][4] হেৰী এম হায়াটে হট ফুট পাউদাৰৰ বাবে কেইবাটাও মিশ্ৰণ আৰু স্পেল সংগ্ৰহ কৰিছিল। তেওঁ সংগ্ৰহ কৰা হট ফুট নিয়োগ কৰাৰ কিছুমান পদ্ধতি হ’ল- ভুক্তভোগীৰ জোতা বা কাপোৰত সামান্য পৰিমাণ নিঃসৰণ কৰা, ভুক্তভোগীৰ ভৰিৰ খোজৰ সৈতে মিহলি কৰা, বা ভুক্তভোগীৰ নাম থকা কাগজ এখনত হট ফুট পাউদাৰ মিলাই বটলত ভৰাই নদীত পেলোৱা।

  1. Puckett, Newbell Niles (1926). Folk Beliefs of the Southern Negro. The University of North Carolina Press. পৃষ্ঠা. 215. https://archive.org/details/folkbeliefsofsou00puck/page/214/mode/2up?q=goopher. 
  2. "Rutgers-Camden Scholar Clears up Misconceptions about Hoodoo". Rutgers the State University of New JerseyRutgers Today. https://www.rutgers.edu/news/rutgers-camden-scholar-clears-misconceptions-about-hoodoo। আহৰণ কৰা হৈছে: 22 March 2022. 
  3. "Rutgers-Camden Scholar Clears up Misconceptions about Hoodoo". Rutgers the State University of New JerseyRutgers Today. https://www.rutgers.edu/news/rutgers-camden-scholar-clears-misconceptions-about-hoodoo। আহৰণ কৰা হৈছে: 22 March 2022. 
  4. Hazzard-Donal, Katrina (2013). Mojo Workin The Old African-American Hoodoo System. Illinois University Press. ISBN 9780252094460. https://books.google.com/books?id=FL05AUXiW18C&q=hot%20foot%20powder.