সমললৈ যাওক

হনুমান পাতাল বিজয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হনুমান পাতাল বিজয়
পৰিচালক হোমী ৱাডিয়া
চিত্ৰনাট্য হোমী ৱাডিয়া
প্ৰযোজক হোমী ৱাডিয়া
অভিনয়ত
সংগীত পৰিচালক এছ. এন. ত্ৰিপাঠী
প্ৰযোজনা
কোম্পানী
বসন্ত পিকচাৰ্ছ
মুক্তি
১৯৫০ (1950)
দৈৰ্ঘ্য
১৩৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

হনুমান পাতাল বিজয় (হিন্দী: हनुमान पाताल विजय) ১৯৫১ চনত হোমী ৱাডিয়াই তেওঁৰ বসন্ত পিকচাৰ্ছ জৰিয়তে ভাৰতীয় পৌৰাণিক কাহিনীৰ ভিত্তিত পৰিচালনা কৰা এখন হিন্দী ছবি।[1] এই ভক্তিমূলক ছবিখনত মীনা কুমাৰীয়ে অভিনয় কৰিছিল আৰু এছ. এন. ত্ৰিপাঠীয়ে হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।[2] শিশু অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা মীনা কুমাৰীয়ে বসন্ত পিকচাৰ্ছৰ দ্বাৰা নিৰ্মিত আৰু হোমী ৱাডিয়াই পৰিচালনা কৰা পৌৰাণিক কাহিনীৰ ছবিসমূহত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। বাইজু বাৱৰা (১৯৫১) ছবিখনৰ পিছত বিৰতি লোৱাৰ আগতে কিছু বছৰ ধৰি দেৱীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অতি সফলতা লাভ কৰিছিল।[3] এছ. এন. ত্ৰিপাঠীয়ে ছবিখনত অভিনয় কৰাৰ উপৰিও সংগীত ৰচনাও কৰিছিল। তেওঁৰ সহশিল্পী আছিল মীনা কুমাৰী, মহিপাল, নিৰঞ্জন শৰ্মা, দলপত আৰু অমৰনাথ।[4]

ছবিখনত হনুমানৰ ৰামৰ প্ৰতি থকা ভক্তি আৰু দুই অসুৰ ভাতৃ অহিৰাৱণ আৰু মহিৰাৱণৰ সৈতে হোৱা যুদ্ধৰ বিষয়ে চিত্ৰায়িত কৰা হৈছিল।

হনুমান পাতাল বিজয় ছবিখনত ৰাৱণে ৰাম আৰু লক্ষ্মণক হত্যা কৰিবলৈ নিয়োগ কৰা পাতালৰ ৰজা অহিৰাৱণ আৰু তেওঁৰ ভাতৃ মহিৰাৱণৰ হনুমানৰ সৈতে হোৱা যুদ্ধৰ বিষয়ে চিত্ৰিত কৰা হৈছে। মহিৰাৱণে ৰামভক্ত নাগ ৰাজকুমাৰী চন্দ্ৰসেনাক অপহৰণ কৰি নিয়ে। ছবিখনত হনুমানে সাগৰৰ জীয়েক মকৰিৰ সৈতে হোৱা সাক্ষাতৰ পিছত তেওঁক বিয়া কৰাব বিচাৰে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁৰ ঘামৰ এটা টোপাল গিলি লোৱাৰ জৰিয়তে মকৰিয়ে মকৰ্ধ্বজ নামৰ এটা সন্তান জন্ম দিয়ে যিয়ে পাতালৰ দুৱাৰত পহৰা দিয়াৰ দায়িত্ব পায়৷ আনহাতে ৰাম আৰু লক্ষ্মণক অপহৰণ কৰি পাতাললৈ লৈ যোৱা হয়। হনুমানে মকৰধ্বজৰ সহায়ত ৰাম আৰু লক্ষ্মণক উদ্ধাৰ কৰে। এই উদ্ধাৰ অভিযানত এক বৃহৎ যুদ্ধৰ সৃষ্টি হয় আৰু অহিৰাবণ তথা মহিৰাৱণ নিহত হয়, কিন্তু সিহঁত পুনৰ জীৱিত হৈ বাৰে বাৰে যুদ্ধ কৰি থাকে। হনুমানে অহিৰাৱণৰ পত্নী চন্দ্ৰসেনাৰ সহায়ত তেওঁলোকৰ পুনৰুত্থানৰ ৰহস্য জানিবলৈ সক্ষম হয় আৰু এই চক্ৰ সমাপ্ত কৰি তেওঁলোকক বধ কৰে। শেষত ৰামে দ্বাপৰ যুগত কৃষ্ণৰ অৱতাৰ লৈ সত্যভমা ৰূপে জন্ম লোৱা চন্দ্ৰসেনাক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে।

  • মীনা কুমাৰী
  • মহিপাল
  • এছ. এন. ত্ৰিপাঠী
  • শান্ত কোঁৱৰ
  • বিমল
  • দলপত
  • এইচ. প্ৰকাশ
  • কান্ত কুমাৰ
  • নিৰঞ্জন শৰ্মা
  • বিমলা
  • অমৰনাথ

পুনৰ নিৰ্মাণ

[সম্পাদনা কৰক]

১৯৭৪ চনত বাবুভাই মিস্ত্ৰীৰ পৰিচালনাত হনুমান বিজয় নামেৰে ছবিখন পুনৰ নিৰ্মাণ কৰা হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Collections Update Video Publication. 1991. পৃষ্ঠা. 64. https://books.google.com/books?id=Q5UqAAAAYAAJ&q=Hanuman+Patal+Vijay++film আহৰণ কৰা হৈছে: 13 September 2014.
  2. Dwyer, Rachel (2006). Filming the Gods: Religion and Indian Cinema. Routledge. পৃষ্ঠা. 43. ISBN 9781134380701. https://books.google.com/books?id=ZsKR1RKoJKUC&q=Shri+Ganesh+Mahima+film&pg=PA43 আহৰণ কৰা হৈছে: 13 September 2014.
  3. Mehta, Vinod (2013). < MEENA KUMARI: The Classic Biography. প্ৰকাশক India: HarperCollins Publishers. ISBN 9789350296271. https://books.google.com/books?id=1brjAAAAQBAJ&q=Hanuman+Patal+Vijay++film&pg=PA1934 আহৰণ কৰা হৈছে: 13 September 2014.
  4. "Hanuman Patal Vijay". Alan Goble. http://www.citwf.com/film142746.htm আহৰণ কৰা হৈছে: 13 September 2014.