হয়চালৰ পবিত্ৰ সংহতি
| হয়চালৰ পবিত্ৰ সংহতি | |
|---|---|
| বিশ্ব ঐতিহ্য ক্ষেত্ৰত তালিকাভুক্ত হিচাপে নাম | |
| স্থান | কৰ্ণাটক, ভাৰত |
| মাপকাঠি | সাংস্কৃতিক: i, ii, iv |
| উদ্ধৃতি | ১৬৭০ |
| অভিলিখনৰ ইতিহাস | |
| অভিলিখন | ২০২৩ (অজ্ঞাত অধিবেশন) |
হয়চালৰ পবিত্ৰ সংহতি (ইংৰাজী: Sacred Ensembles of the Hoysalas) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দক্ষিণ ভাৰতৰ তিনিটা হয়চাল শৈলীৰ মন্দিৰৰ এটা গোট বা সংহতি। সোমনাথপুৰ, বেলুৰ আৰু হালেবিডুৰ এই মন্দিৰসমূহ হয়চাল সাম্ৰাজ্যৰ অধীনত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।[1] হয়চালৰ পবিত্ৰ সংহতি শিৰোনামেৰে এই তিনিটা মন্দিৰে ইয়াৰ "অসাধাৰণ স্থাপত্য, অতিবাস্তৱবাদী ভাস্কৰ্য্য আৰু শিলৰ খোদিতকৰণৰ বাবে" ২০২৩ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত স্থান লাভ কৰে।[2]
হয়চালসকলে দক্ষিণ ভাৰতত নিজৰ নতুন ৰাজ্য আৰু শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। তিনিওটা মন্দিৰৰ স্থাপত্য শৈলীক আৰম্ভণিৰ হয়চাল শাসকসকলে উদ্ভাৱনীমূলক পবিত্ৰ স্থাপত্য হিচাপে বিকশিত কৰিছিল। বহু বৈশিষ্ট্যৰ সমাহাৰ এই স্থাপত্য শৈলীৰ মন্দিৰসমূহক সমসাময়িক ৰাজ্য আৰু বংশৰ পৰা পৃথক কৰে।[3][4] এই মন্দিৰসমূহ হ'ল:
- বেলুৰৰ চেন্নাকেশৱ মন্দিৰ (ৰজা বিষ্ণুবৰ্ধনে নিৰ্মাণ কৰা)।
- হালেবিডুৰ হয়চালেশ্বৰ মন্দিৰ (ৰজা বিষ্ণুবৰ্ধনে নিৰ্মাণ কৰা)।
- সোমনাথপুৰৰ কেশৱ মন্দিৰ (ৰজা তৃতীয় নৰসিংহৰ অধীনত সোমনাথে নিৰ্মাণ কৰা)
অৱস্থান
[সম্পাদনা কৰক]হয়চালৰ পবিত্ৰ সংহতিৰ অন্তৰ্গত মন্দিৰকেইটা কৰ্ণাটকৰ দুখন জিলাৰ তিনিটা ঠাইত অৱস্থিত। ইয়াৰে দুটা হাছান জিলাত আৰু মহীশূৰ জিলাত এটা মন্দিৰ অৱস্থিত।[5]
হাছান জিলাৰ সদৰ হাছান চহৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ (২২ মাইল) উত্তৰ-পশ্চিমে বেলুৰত চেন্নাকেশৱ মন্দিৰ অৱস্থিত। এই মন্দিৰটো হালেবিডুত অৱস্থিত মন্দিৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ (৯.৯ মাইল) দূৰত অৱস্থিত। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে বাংগালুৰু বিমানবন্দৰ। বিমানবন্দৰখন মন্দিৰৰ পশ্চিম দিশলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ৭৫ত প্ৰায় ২২০ কিলোমিটাৰ (১৩৭ মাইল) নিলগত অৱস্থিত।[6] কৰ্ণাটক ৰাজ্যৰ হাছান জিলাৰ হালেবিডু চহৰত হয়চালেশ্বৰ মন্দিৰ অৱস্থিত। ই হাছানৰ পৰা উত্তৰ-পশ্চিমে প্ৰায় ৩০ কিলোমিটাৰ আৰু বেলুৰ মন্দিৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ (৯.৯ মে) দূৰত্বত অৱস্থিত।[6] হাছান জিলাৰ দুয়োটা মন্দিৰৰ নিকটতম চহৰ হ’ল হাছান চহৰ। হাছান চহৰ কৰ্ণাটকৰ প্ৰধান চহৰসমূহৰ সৈতে ৰে’ল নেটৱৰ্কৰ দ্বাৰা সংযুক্ত।
মহীশূৰ জিলাৰ মুখ্য কাৰ্যালয় মহীশূৰ চহৰৰ পৰা ৩৮ কিলোমিটাৰ (২৪ মাইল) পূবে সোমনাথপুৰত কেশৱ মন্দিৰ অৱস্থিত।[7]
ইতিহাস
[সম্পাদনা কৰক]একাদশ শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত বৰ্তমানৰ কৰ্ণাটকৰ বৃহৎ অংশত হয়চাল বংশই শাসন কৰিছিল। দ্বাদশ শতিকাৰ শেষলৈকে তেওঁলোকে নিজৰ ৰাজ্যৰ কৃষি অৰ্থনৈতিক ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল আৰু কৰ, ৰাজহ আৰু প্ৰশাসনিক ব্যৱস্থাও প্ৰতিষ্ঠা কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ ফলত ৰাজ্য গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। একে সময়তে হয়চাল ৰজাসকলে শিল্প, স্থাপত্য আৰু সাহিত্যৰ পৃষ্ঠপোষকতাৰ জৰিয়তে নিজৰ ৰাজ্যৰ বাবে এক নতুন আৰু সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাৰ বাবে এক ঐক্যবদ্ধ প্ৰচেষ্টা চলাইছিল। ফলত মন্দিৰৰ স্থাপত্যৰ এক নতুন ৰূপ গঢ় লৈ উঠিল। এই নতুন স্থাপত্য শৈলীত উচ্চমানৰ শিলত খোদিত আৰু উচ্চমানৰ সজ্জাৰ সৈতে উদ্ভাৱনীমূলক মন্দিৰ পৰিকল্পনাৰ সংমিশ্ৰণ ঘটিল। এই স্থাপত্য শৈলীয়ে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত স্থাপত্য বৈশিষ্ট্যসমূহক উদ্ভাৱনীমূলকভাৱে মৌলিক উপাদানসমূহৰ সৈতে সংশ্লেষণ আৰু সংযুক্ত কৰিছিল।[5]
হয়চাল শাসকসকলৰ অন্যতম ৰজা বিষ্ণুবৰ্ধনে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতালৈ আহে। তেওঁ ১১১৭ খ্ৰীষ্টাব্দত বিষ্ণুৰ নামত উৎসৰ্গিত চেন্নাকেশৱ মন্দিৰৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰিছিল। ই তেওঁৰ উত্তৰাধিকাৰৰ "পাঁচটা ভেটি" বুলি গণ্য কৰিছিল।[8][9] বেলুৰৰ মূল চেন্নাকেশৱ মন্দিৰ ১১১৭ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হয় যদিও ১০০ বছৰতকৈও অধিক সময় ধৰি এই গঠনৰ সম্প্ৰসাৰণ অব্যাহত থাকে। বিষ্ণুবৰ্ধন ৰজাৰ কৰ্মচাৰী কেতমল্লাই ১১৫০ খ্ৰীষ্টাব্দত হয়চালেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও ১১২১ খ্ৰীষ্টাব্দত ৰজাই শিৱ মন্দিৰ নিৰ্মাণ, পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে মাটি প্ৰদান কৰা বুলিও উল্লেখ আছে। এয়া হয়চাল ৰজাসকলে হিন্দু দেৱতা শিৱক উৎসৰ্গিত কৰি নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ মন্দিৰ। সোমনাথপুৰৰ কেশৱ মন্দিৰ ১২৫৮ খ্ৰীষ্টাব্দত ৰজা সোমনাথে নিৰ্মাণ সম্পূৰ্ণ কৰে। ভূমিৰ চাৰিওফালে তেওঁ গড়ৰ দেৱালও সাজিছিল যদিও এইবোৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে। হয়চাল ৰজাসকলে বহুতো বিখ্যাত স্থপতিবিদ আৰু শিল্পীক নিয়োগ কৰিছিল। এই শিল্পীৰ দলে এক নতুন স্থাপত্য পৰম্পৰা গঢ়ি তুলিছিল। শিল্প ইতিহাসবিদ এডাম হাৰ্ডিয়ে এই পৰম্পৰাক কৰ্ণাট দ্ৰাবিড় পৰম্পৰা বুলি অভিহিত কৰিছে।[5]
চতুৰ্দশ শতিকাৰ আৰম্ভণিতে আলাউদ্দিন খিলজীৰ দিল্লী চুলতানী সৈন্যই[10] আৰু ১৩২৬ খ্ৰীষ্টাব্দত চুলতান মহম্মদ বিন টোগলকৰ আন এটা দিল্লী চুলতানী সৈন্যই এই মন্দিৰসমূহ লুণ্ঠন আৰু ধ্বংসৰ লক্ষ্য হৈ পৰিছিল।[11]
পঞ্চদশ শতিকাৰ এটা শিলালিপি অনুসৰি কেশৱ মন্দিৰৰো এই আক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিসাধন হৈছিল। ষোড়শ শতিকাত বিজয়নগৰ সাম্ৰাজ্যৰ সম্ৰাটসকলৰ আৰ্থিক সাহায্য আৰু অনুদানত ইয়াৰ মেৰামতি কৰা হয়। বাৰাণ্ডা আৰু উত্তৰ স্তম্ভ আৰু মূল মন্দিৰৰ কিছু অংশত শিলৰ কামৰ ৰং আৰু মানদণ্ডৰ ভিন্নতাই মেৰামতিৰ প্ৰমাণ দিয়ে। ১৯ শতিকাত মেৰামতি কৰা মন্দিৰসমূহৰ ক্ষতিসাধন হয়। তাৰ পিছত ২০ শতিকাৰ আৰম্ভণিতে ঔপনিৱেশিক যুগৰ মহীশূৰ শাসকসকলে ইয়াক পুনৰ নিৰ্মাণ কৰে।[12]
মন্দিৰসমূহ
[সম্পাদনা কৰক]| ক্ৰম | আধুনিক মন্দিৰৰ নাম | ধৰ্ম | দেৱতা | সম্পূৰ্ণ (খ্ৰীষ্টাব্দ) |
ছবি |
|---|---|---|---|---|---|
| ১ | চেন্নাকেশৱ মন্দিৰ | হিন্দু ধৰ্ম | বিষ্ণু | ১১১৭ | |
| ২ | হয়চালেশ্বৰ মন্দিৰ | হিন্দু ধৰ্ম | শিৱ | ১১৬০ | |
| ৩ | কেশৱ মন্দিৰ | হিন্দু ধৰ্ম | বিষ্ণু | ১২৫৮ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Three Hoysala temples of Karnataka inscribed as UNESCO World Heritage sites" (en-IN ভাষাত). প্ৰকাশক Mysuru: The Hinduwww.thehindu.com. 18 September 2023. https://www.thehindu.com/news/national/karnataka/three-hoysala-temples-of-karnataka-inscribed-as-unesco-world-heritage-sites/article67321126.ece। আহৰণ কৰা হৈছে: 19 September 2023.
- ↑ A, Divya (18 September 2023). "Karnataka's sacred ensembles of Hoysalas inscribed on UNESCO world heritage list" (en ভাষাত). প্ৰকাশক New Delhi: The Indian Expresswww.indianexpress.com. https://indianexpress.com/article/india/karnatakas-sacred-ensembles-of-hoysalas-inscribed-on-unesco-world-heritage-list-8945731/। আহৰণ কৰা হৈছে: 19 September 2023.
- ↑ Singh, Rahul Sunilkumar (18 September 2023). "Hoysala Temples in Karnataka now India's 42nd UNESCO's World Heritage site; PM Modi says 'more pride'" (en ভাষাত). Hindustan Timeswww.hindustantimes.com. https://www.hindustantimes.com/india-news/hoysala-temples-in-karnataka-now-unesco-world-heritage-sites-101695047144534.html। আহৰণ কৰা হৈছে: 19 September 2023.
- ↑ "Karnataka's Hoysala temples get World Heritage tag". www.telegraphindia.com. 21 September 2023. https://www.telegraphindia.com/my-kolkata/try-this/learn/sacred-ensembles-of-the-hoysalas-becomes-indias-42nd-world-heritage-site/cid/1967693। আহৰণ কৰা হৈছে: 21 September 2023.
- ↑ 5.0 5.1 5.2 Nomination Dossier – Sacred Ensembles of the Hoysalas. Department of Archaeology, Museums and Heritage. পৃষ্ঠা. 41–136.
- ↑ 6.0 6.1 V. K. Subramanian (2003). Art Shrines of Ancient India. Abhinav Publications. পৃষ্ঠা. 75–77. ISBN 978-81-7017-431-8. https://books.google.com/books?id=LcMhnC9sYS8C.
- ↑ Keshava Temple, Somnathpura, Karnataka Archived 23 October 2017 at the Wayback Machine, Government of Karnataka, India
- ↑ Foekema (1996), p. 47
- ↑ Kamath (2001), p. 124
- ↑ Roshen Dalal (2002). The Puffin History of India for Children, 3000 BC - AD 1947. Penguin Books. পৃষ্ঠা. 195. ISBN 978-0-14-333544-3. https://books.google.com/books?id=U2gRUVIF2joC.
- ↑ B. L. Rice (2001). Gazetteer of Mysore. Asian Educational Services. পৃষ্ঠা. 353–354. ISBN 978-81-206-0977-8. https://books.google.com/books?id=p0wSoEIub1YC&pg=PA353.
- ↑ M.H. Krishna (1965). Annual report of the Mysore Archeological Department. University of Mysore. পৃষ্ঠা. 18–19. https://archive.org/stream/MysoreArchaeologicalDepartment1932/Mysore%20Archaeological%20Department%201932.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- হয়চালৰ পবিত্ৰ সংহতি - ইউনেস্কো
