হলিৰাম ঢেকিয়াল ফুকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
হলিৰাম ঢেকিয়াল ফুকন
জন্ম ১৮০২
মৃত্যু ১৮৩২
পেচা
  • উকিল
  • লেখক
দাম্পত্যসঙ্গী প্ৰসূতী (প্ৰথমা পত্নী)
তিলোত্তমা ওৰফে কল্যাণী (দ্বিতীয়া পত্নী)
পিতৃ-মাতৃ পৰশুৰাম বৰুৱা (পিতৃ)
কামেশ্বৰী বৰুৱা (মাতৃ)
সন্তান আনন্দৰাম ঢেকিয়াল ফুকন

হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লেখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ চিৰস্তাদাৰ নিযুক্ত হয়। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিছটেণ্ট মেজিছট্ৰেট হয়।

পাৰিবাৰিক জীৱন আৰু ব্যক্তিত্ব[সম্পাদনা কৰক]

পিতৃ পৰশুৰাম বৰুৱাৰ মৃত্যুৰ সময়ত হলিৰামৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। পিতৃৰ অবৰ্তমানত দুৱৰীয়া বৰুৱাৰ দায়িত্ব লোৱাৰ সময়তে ১৮১৮ চনত মানৰ প্ৰথম আক্ৰমণৰ সূচনা হয়। তেওঁ মানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে বঙালহাটত তেওঁৰ অধীনত শিখ আৰু হিন্দুঃস্থানী সৈন্যৰ এটি বাহিনী সংগঠন কৰে। সেই বাহিনীৰ সহায়ত তেওঁ মানৰ বিৰুদ্ধে যথেষ্ট বীৰত্ব প্ৰদৰ্শন কৰিলেও পৰাজয় স্বীকাৰ কৰি গুৱাহাটীৰ পৰা হাদিৰাচকীলৈ পলায়ন কৰে। হাদিৰাচকীতো পৰায়জ হোৱাত সপৰিবাৰে যোগীঘোপাত উপস্থিত হয়। তাৰ পৰাই তেওঁ তীৰ্থ ভ্ৰমণৰ বাবে যাত্ৰা কৰে। গোৱালপাৰাত থাকোঁতেই মাজুলীৰ আঁহতগুড়িৰ সত্ৰাধিকাৰ কুশদেৱ গোস্বামীৰ কন্যা প্ৰসূতিৰ লগত তেওঁৰ বিবাহ হয়। পাছত হলিৰামে নগাঁৱত মাটিৰ জৰীপৰ কামত যাওঁতে আন এগৰাকী কন্যা তিলোত্তমা ওৰফে কল্যাণীক বিবাহ কৰায়। হলিৰামৰ প্ৰথমা পত্নী প্ৰসূতিৰ গৰ্ভত প্ৰথমে এটি কন্যা জন্মে। অৱশ্যে এই কন্যাৰ মৃত্যু ঘটে। ১৮২৯ খ্ৰীঃ তেওঁৰ আন এক পুত্ৰ জন্ম হয়। তেৱেঁই হ’ল অসমীয়া ভাষা পুনৰ প্ৰবৰ্তনৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকন

নৈষ্ঠিক হিন্দু হলিৰামে গয়া, কাশী, প্ৰয়াগ, শ্ৰীক্ষেত্ৰ প্ৰভৃতি তীৰ্থ গমন কৰি প্ৰত্যেক স্থানতে বিস্তৰ দান দক্ষিণা কৰিছিল। কামাখ্যা মন্দিৰৰ শীৰ্ষত এটি স্বৰ্ণ কলহ হলিৰামে দান কৰিছিল। তেওঁ উমানন্দ, হয়গ্ৰীব মাধব, উগ্ৰতাৰা প্ৰভৃতি দেবালয়তো তেওঁ অনেক দান কৰিছিল। হলিৰাম তন্ত্ৰশাস্ত্ৰতো বিশেষ পাৰদৰ্শী আছিল। পূজা, হোম, শান্তি, স্বস্ত্যয়ন প্ৰভৃতিত বিশ্বাসী হলিৰামৰ নিৰ্দেশত তেওঁৰ ঘৰত বাৰমাহে বিভিন্ন পাৰ্বণ অতি সমাৰোহেৰে অনুষ্ঠিত হৈছিল। তেওঁ নিতৌ পূজা সেৱাত যথেষ্ট সময় ব্যয় কৰিছিল। এই স্বধৰ্মনিষ্ঠ, শিক্ষিত, দানশীল, উদাৰ-হৃদয় ব্যক্তিৰ নিকট জাতিবৰ্ণ নিৰ্বিশেষে অসমীয়া, বাঙ্গালী, হিন্দুঃস্থানী সকলোৱেই সমান ব্যৱহাৰ পাইছিল। গীতবাদ্য বিষয়তো তেওঁৰ বিশেষ আগ্ৰহ আছিল। সকলো উৎসৱ পাৰ্বণতে তেওঁৰ ঘৰত গীতবাদ্যৰ ব্যৱস্থা হৈছিল।[1] হলিৰামৰ অসাধাৰণ ব্যক্তিত্ব, সাহসিকতা আৰু সাংগঠনিক শক্তি অসাধাৰণ আছিল। কথিত আছে যে, তেওঁৰ কিবা কথাত বিট্ৰিছ চাহাবৰ হাতত আত্মসন্মান লাঘৱ হোৱাত তেওঁৰ নিৰ্দেশতে সকলো কৰ্মচাৰীয়ে ধৰ্মঘট কৰি তিনি দিন কৰ্মবিৰতি পালন কৰিছিল। চিনিয়ৰ কমিশ্যনাৰ চাহাবে সকলোকে অনুৰোধ কৰিহে কামত পুনৰ যোগদান কৰাব পাৰিছিল[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

ডেভিড স্কট চাহাবে যেতিয়া মানৰ আক্ৰমণত সৰ্বহাৰা হোৱা আসামবাসীক পুনৰ্বাসনৰ কামত নিযুক্ত হৈছিল তেতিয়া হলিৰামৰ দুৱৰীয়া বৰুৱা পৰিয়ালৰপৰা যথেষ্ট সহায় পাইছিল। স্কট চাহাবে তেওঁৰ পুনৰ সংস্থাপন কামত হলিৰামকেই প্ৰধান কাৰ্যকৰণিক নিযুক্ত কৰিছিল। হলিৰামৰ নিৰ্দেশ অনুসাৰিয়ে মাটি জৰীপ কৰি তাক বন্দোবস্তিত দিয়া হয়। প্ৰজায়ো তেওঁৰ কাম-কাজ ভাল পোৱা বুলি জনা যায়। স্কট চাহাবৰ অনুগ্ৰহ লাভৰ লগে লগে হলিৰাম চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰো প্ৰিয়পাত্ৰ হৈ উঠে। আৰু স্বৰ্গদেৱে হলিৰামক ঢেকিয়াল ফুকন উপাধিৰে বিভূষিত কৰে। তেওঁৰ ভাতৃ যজ্ঞৰামো খাৰঘৰীয়া ফুকন নামে অভিহিত হয়। ১৮২৫ খ্ৰীঃ এপ্ৰিল মাহত চেক্ৰেটাৰী সুইণ্টন (Swinton) চাহাবৰ আদেশানুযায়ী হলিৰাম গুৱাহাটী চহৰৰ কালেক্টৰী চিৰস্তাদাৰৰ পদত নিযুক্ত হয়। তোতিয়া অসামকে ‘উজনি আৰু নামনি” এই দুই ভাগত বিভক্ত কৰি চিনিয়ৰ সদৰ গুৱাহাটীতে স্থাপন কৰা হয়। ১৮৩২ খ্ৰীঃ ২০ ফেব্ৰুৱাৰীত হলিৰাম গুৱাহাটীৰ এচিষ্টেণ্ট মেজিষ্ট্ৰেট পদত ২৩০ টকা বেতনত নিযুক্ত হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

তেওঁ এচিষ্টেণ্ট মেজিষ্ট্ৰেট হোৱাৰ মাত্ৰ কেইমাহমান পাছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱাত প্ৰথমা পত্নী আৰু পুত্ৰ আনন্দৰাম সহ স্বাস্থ্য পৰিবৰ্তনৰ বাবে উমানন্দত বাস কৰিবলৈ লয়। ১৮৩২ খ্ৰীঃ জুলাই মাহত উমানন্দতে তেওঁৰ মৃত্যু হয়।

সাহিত্য চৰ্চা[সম্পাদনা কৰক]

তেওঁ বঙালী ভাষাত ভালেমান প্ৰবন্ধ আৰু দুখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ বঙালী ভাষাত ৰচনা কৰা গ্ৰন্থ দুখন হ’ল: চাৰিটা খণ্ডত -আসাম বুৰঞ্জী (১৮২৮) আৰু কামৰূপৰ যাত্ৰা পদ্ধতি (১৮৩৩)। তদুপৰি সমসাময়িক বঙালী আলোচনী 'সমাচাৰ চন্দ্ৰিকা', 'সমাচাৰ দৰ্পণ' আদিত বহুকেইটা প্ৰবন্ধ ৰচনা কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 তামুলী, লক্ষ্মীনাথ (ফেব্ৰুৱাৰী, ২০০৫). হলিৰাম ঢেকিয়াল ফুকন ৰচনাৱলীত সন্নিবিষ্ট আৰু শ্ৰীযতীন্দ্ৰ মোহন ভট্টাচাৰ্যই সম্পাদনা কৰা আসাম বুৰঞ্জীৰ সম্পাদকেৰ নিবেদন (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৩২, ৩৩.