সমললৈ যাওক

হলি চাইল্ড স্কুল গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Holy Child School, Guwahati
অৱস্থান
চানমাৰী
গুৱাহাটী, ৭৮১০২১
ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ ব্যক্তিগত
প্ৰতিষ্ঠাকাল ১৯৭০
প্ৰতিষ্ঠাপক Salesian Sisters of Don Bosco
শ্ৰেণী প্ৰথমৰ পৰা দ্বাদশ
Houses নীলা, ৰঙা, হালধীয়া, সেউজীয়া
অন্তৰ্ভূক্তি CBSE Board
তথ্যসমূহ 0361-2550823

হলি চাইল্ড স্কুল ভাৰতৰ অসমৰ গুৱাহাটীত অৱস্থিত কেথলিক পৰিচালিত কনভেণ্ট স্কুল৷ ১৯৭০ চনত চেলেচিয়ানছ চিষ্টাৰছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এইখন আধুনিক শিক্ষাবিদ চেণ্ট জন বস্কোৰ নীতি আৰু পদ্ধতি অনুসৰি পৰিচালিত হয়। এইখন উত্তৰ ভাৰতৰ চেলেচিয়ান ভগ্নীসকলৰ মালিকানাধীন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়, যাৰ মুখ্য কাৰ্যালয় শ্বিলঙত

বিদ্যালয়খনৰ এটা প্ৰাথমিক বিদ্যালয় ভৱন আৰু এটা হাইস্কুল ভৱন আছে, যিবোৰ মুকলি চিৰিৰে সংযোগ কৰা হৈছে। কেম্পাছৰ ভিতৰত খেল আৰু ক্ৰীড়াৰ বাবে মধ্যম খেলপথাৰৰ লগতে বিনোদন, বিৰতি আৰু পিকনিকৰ বাবে শীৰ্ষ খেলপথাৰ আছে।

১৯৮১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমটো গোটৰ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। বৰ্তমান বিদ্যালয়খনে ১৫০০ তকৈ অধিক শিক্ষাৰ্থীক সেৱা আগবঢ়ায়।

বিদ্যালয়খনৰ বাৰ্ষিক আলোচনীখনৰ নাম হৈছে জেনিথ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক নেশ্যনেল এছ’চিয়েশ্যন অৱ দ্য পাষ্ট পিপিলছ অৱ দ্য চেলেছিয়ান চিষ্টাৰছৰ সদস্য হিচাপে নামভৰ্তি কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]