হাঁচতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাঁচতি

হাঁচতি বা হাঁচটি এখন ক্ষুদ্ৰ বস্ত্ৰ৷ হাঁচতি অসমীয়া গীতিসাহিত্যৰ সমল আৰু লোক-সংস্কৃতিৰ অংগ স্বৰূপ। আগৰ দিনত তামোল-পাণ বান্ধি নিবলৈ হাঁচতি ব্যৱহাৰ কৰা হৈছিল৷ সোণোৱাল জনগোষ্ঠীৰ লোকে পছন্দ হোৱা ছোৱালী খোজা-বঢ়া কৰিবলৈ দৰাৰ মাক-বাপেক আৰু গাঁৱৰ বয়সীয়াল লোক এজনে ডেৰফুট দৈৰ্ঘ আৰু একফুট বহল হাঁচতি(পৰখুটং)ত তামোল-পাণ, ৰূপৰ টেমী, ডাব কটাৰী আৰু চূণ আদি বান্ধি নিব লাগে৷ এই হাঁচতিখন ৰঙা ৰঙৰ আৰু পদুম ফুল বছা হ’ব লাগে৷ সোণোৱাৰ সমাজত পৰখুটঙৰ টোপোলা নহ’লে কন্যা খুজিবলৈ যোৱাত বাধা আছে৷[1]অসমীয়া সমাজত বোৱা-কটাত পাকৈত অসমীয়া শিপিনীয়ে তাঁতত নানা-বৰণীয়া হাঁচতি বৈ নিজৰ লগতে প্ৰিয়জনকো উপহাৰ দিছিল৷ হাঁচতিৰ নতুন নাম ৰুমাল৷ ৰুমাল মানে মুখ মচা সৰু কাপোৰ৷ সেয়ে, অনেকে হাঁচতি শব্দৰ সৈতে হাঁচি মৰা কাৰ্যক সঙুৰি ’হাঁচি মাৰোঁতে নাক-মুখত সোপা দিয়া কাপোৰ’ বুলি ক’ব খোজে৷ প্ৰকৃততে, হাঁচতি কৃষিজীৱী অসমীয়া পুৰুষ-মহিলাই কামৰ মাজে মাজে খাবলৈ তামোল-পাণ বান্ধি নিবলৈহে ব্যৱহাৰ কৰিছিল আৰু তামোল দিয়াৰ চলেৰে ডেকা-গাভৰুৰ মাজত প্ৰেম-পীৰিতি চলাৰ ইঙ্গিতো লোকগীতিসমূহত পোৱা যায়৷ বিহুসুৰীয়া আধুনিক গীতত আছে-

...হাঁচটি হাঁচটি কৰ ডেকাটি
হাঁচটি ৰাখিছোঁ বৈ ডেকাটি
হাঁচটি পাবি তই মোকে নাপাৱ
গামোচা পাবি তই মনটি নাপাৱ...

[2]

বিহুৰ সাজ[সম্পাদনা কৰক]

হাঁচতি বিহুৱা ডেকা-গাভৰুবোৰে এতিয়াও গুৰুত্বসহকাৰে লয়৷ কাৰণ, বিহুৱা ডেকা-গাভৰুৰ বিহু নাচিবলৈ পিন্ধা সাজযোৰত হাঁচতি এক অনবদ্য বস্ত্ৰ৷ নাচনীয়ে কঁকালত এখন তামোল কটাৰীৰে সৈতে হাঁচতিখন গুজি লয়৷ ডেকাসকলে দুই হাতৰ মণিবন্ধত দুখন হাঁচতি বান্ধি লয়৷ এই হাঁচতি দুখনে অলংকাৰৰ দৰে বিহুৱা ডেকাৰ হাত শুৱনী কৰে৷[3]

হুঁচৰিত হাঁচতিৰ প্ৰয়োগ[সম্পাদনা কৰক]

ৰঙালী বিহুৰ গৰু বিহুৰ দিনা গধূলিৰ পৰাই ঘৰে ঘৰ হুঁচৰি গোৱা হয়৷ হুঁচৰি গোৱা বিহুৱা ৰাইজক তামোল-পাণৰ সৈতে ধনৰ মাননি আগবঢ়োৱাৰ পিছত শিপিনীয়ে নিজহাতে বোৱা গামোচাখনো উপহাৰ স্বৰূপে আগবঢ়ায়৷ হুঁচৰি দলত অহা কম বয়সীয়া ডেকা বিহুৱাই ন-গৃহিণীৰ হাতৰ পৰা নিজাববীয়াকৈ একোখন হাঁচতি আশা কৰি গায়,

খুঁটিতে পৰিলে জিঞা
দুৱাৰমুখত থিয় হৈ ভাবিব নালাগে
হাঁচতি উলিয়াই দিয়া৷

আকৌ,

ই বোলে শিপিনী সি বোলে শিপিনী
শিপিনী কিমানৰ কাজী,
ফুলামকৈ হাঁচতি উলিয়াই নিদিলে,
শিপিনীক থেকেচিম আজি৷

ইমানতো শিপিনী গৃহিণীয়ে আদৰেৰে হাঁচতি উলিয়াই নিদিলে, হুঁচৰিৰ ডেকাই গায়,

এক বাজিলেও বাজিব,
দুই বাজিলেও বাজিব,
হাঁচতি নিদিলে বিহু এৰা নহ’ব৷

বিহুত শিপিনীয়ে বৈ দিয়া ফুলাম ন-কাপোৰখনকে বিহুৱান বোলে৷ এইক্ষেত্ৰত হাঁচতিকো বিহুৱান বোলা হয়৷[4]

অন্যান্য কামত হাঁচতি[সম্পাদনা কৰক]

হাঁচতি বা ৰুমাল অনেক কামত ব্যৱহাৰ হয়৷ ঘৰৰ মাংগলিক কামৰ আৰম্ভণিতে হাঁচতিত তামোল-পাণ আৰু অৰিহণা বান্ধি গোঁসাই ঘৰৰ থাপনাৰ আগত থৈ দিয়া হয়৷ গাভৰুসকলে বিহুত প্ৰিয়জনক দিবলৈ গামোচাৰ লগত হাঁচতি এখনো দিয়ে৷ বিয়াৰ দৰা-কইনাই হাঁচতিত তামোল আৰু কটাৰী বান্ধি হাতত বা কঁকালৰ খোচনি থোৱাটো অসমীয়া সমাজৰ ৰীতি৷ বিয়াৰ দিনা দৰাই কইনাঘৰত মুখত এখন হাঁচতি লৈ থাকিব লাগে৷ বিয়াৰ পিছত কইনাই দৰাঘৰৰ সৰুবোৰক আদৰ জনাবলৈ হাঁচতি দিয়া হয়৷ খেল-ধেমালিতো হাঁচতিৰ ব্যৱহাৰ হয়৷ ৰুমাল চুৰি খেল বোলা খেলাবিধত ৰুমাল বা হাঁচতিৰ বৰ দৰ্কাৰ৷

জ্যোতিষীৰ বিধানত হাঁচতি[সম্পাদনা কৰক]

জ্যোতিষীৰ বিধি-বিধানতো হাঁচতিৰ গুৰুত্ব আছে৷ কোনো ব্যক্তিৰ ওপৰত গ্ৰহ দোষ থাকিলে, গ্ৰহদোষ খণ্ডাবলৈ জ্যোতিষীয়ে গ্ৰহ অনুসৰি ৰঙা, নীলা, হালধীয়া আদি নানা ৰঙৰ ৰুমাল বা হাঁচতি দান দিয়াৰ বিধান দিয়ে৷ গ্ৰহদোষ খণ্ডাবলৈ নানা ৰঙৰ হাঁচতি ব্যক্তিগৰাকীক লৈ থকাৰো বিধান দিয়া হয়৷[5]

হাঁচতি প্ৰস্তুতকৰণ[সম্পাদনা কৰক]

অসমীয়া শিপিনীয়ে তাঁতত বৈ নানা ৰঙৰ হাঁচতি প্ৰস্তুত কৰে৷ তদুপৰি, আজিকালি বজাৰৰ পৰা অনা মিহি কাপোৰতো নানাৰঙী সূতাৰে ফুল তুলি হাঁচতি তৈয়াৰ কৰা হয়৷ হাঁচতি সাধাৰণতে দীঘলে-বহলে এফুট জোখৰ হয় যদিও ইয়াতকৈ সৰুজোখৰো হাঁচতি থাকে৷ সৰুবোৰ সাধাৰণতে মহিলাই ব্যৱহাৰ কৰে৷

হাঁচতিৰ প্ৰকাৰ[সম্পাদনা কৰক]

হাঁচতি কেইবাপ্ৰকাৰৰ আছে৷ সোণৰ সূতা দিয়া হাঁচতি, মূৰ হাঁচতি, পখৰুতং, তামোল বন্ধা হাঁচতি, তালুত সেন্দূৰ ফুল দিয়া হাঁচতি আদি৷[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ
  2. ড° দিলীপ দত্ত. ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ. 
  3. হাঁচতি, ৰীতা দেৱী চক্ৰৱৰ্তী,মঘমল্লাৰ ২০১৮
  4. হাঁচতি খোজা বিহু নাম গালে বিহু পকে, ড° মহেশ গগৈ; প্ৰান্তিক, ১-১৫ এপ্ৰিল;২০০১১
  5. হাঁচতি, ৰীতা দেৱী চক্ৰৱৰ্তী,মঘমল্লাৰ ২০১৮
  6. অসমৰ লোক-সংস্কৃতি, চাও লোকেশ্বৰ গগৈ