সমললৈ যাওক

হাইদাং

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাইদাং হৈছে একপ্ৰকাৰ নৃত্য-গীত। অসমৰ সোণোৱাল-কছাৰী লোকসকলৰ লোকসাহিত্যৰ ই এক আপুৰুগীয়া সম্পদ। এই নৃত্য-গীতে সোণোৱাল-কছাৰী সকলৰ স্বকীয় সাংস্কৃতিক পৰম্পৰাৰ স্বাক্ষৰ বহন কৰি আহিছে। জনগোষ্ঠীটোৰ এটা প্ৰধান সামাজিক অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ'(শিৱ) পূজা শেষ হোৱাৰ পাছত এই নৃত্য-গীত পৰিৱেশন কৰা হয়। অন্যান্য লোকনাট্যানুষ্ঠানৰ দৰে হাইদাং নৃত্য-গীততো গীত, বাদ্য আৰু নৃত্যৰ প্ৰয়োগ কৰা হয়। নৰ্তকীয়ে নিৰ্দিষ্ট সাজ-সজ্জা কৰি ম'ৰা চৰাইৰ দৰে চালি ধৰি নাচে। এইফালৰ পৰা হাইদাং গীতৰ লগত অভিনয়ৰ দিশটিও জড়িত হৈ আছে। গতিকে গীত, নৃত্য, বাদ্য আৰু অভিনয় সমৃদ্ধ হাইদাং গীত-নৃত্যক এক লোকনাট্যধৰ্মী অনুষ্ঠান হিচাপে আখ্যা দিব পাৰি।

জনশ্ৰুতি

[সম্পাদনা কৰক]

হাইদাং নৃত্য-গীতৰ লগত এটা জনশ্ৰুতি প্ৰচলন হৈ আছে। দেৱতাসকলৰ ভিতৰত শিৱই সহজতে সন্তুষ্ট হয় আৰু সকলোৰে মনোবাঞ্ছা পূৰণ কৰে বুলি বিশ্বাসৰ প্ৰচলন আছে। এনেদৰে এবাৰ শিৱই নিজৰ পৌৰুষ শক্তিকো ভক্তক প্ৰদান কৰিছিল। সেই সময়ছোৱাতে পাৰ্বতীয়ে মানসিক ভাৰসাম্য হেৰুৱাই দেৱতাসকলৰ ভিতৰতে সুন্দৰ নিজ পুত্ৰ কাৰ্তিকৰ ৰূপত মুগ্ধ হৈ তেওঁক লগ পাব বিচাৰে। কিন্তু কাৰ্তিক এই কথাত মান্তি নহয়। পাৰ্বতীয়ে অসন্তুষ্ট হৈ কাৰ্তিকক অভিশাপ দিবলৈ লয়। সেয়েহে কাৰ্তিকে কোনো উপায় নেদেখি পাৰ্বতীক জনশূন্য ঠাই এডোখৰ বিচাৰিবলৈ কয়। পাৰ্বতীয়ে তেনে এডোখৰ ঠাই বিচাৰি কাৰ্তিকক আমন্ত্ৰণ জনালে। কাৰ্তিক ময়ূৰ বাহনত আহি তাত উপস্থিত হয়। কাৰ্তিকে নিজৰ কথা নাৰাখি ময়ূৰৰ লগত অহাৰ বাবে পাৰ্বতীয়ে ময়ূৰক অভিশাপ দিলে এনেদৰে "তিৰী লগ নোপোৱা, চালি ধৰি থাকিবা।" সেইবাবে ময়ূৰে চালি ধৰে বুলি সোণোৱাল কছাৰীসকলে বিশ্বাস কৰে। এই জনশ্ৰুতিৰ আধাৰতেই হাইদাং নৃত্য-গীতত নৰ্তকীসকলে ময়ূৰ পাখি লৈ নাচে।[1]

হাইদাং গীতসমূহ এঘাৰটা অধ্যায়ত বিভক্ত। প্ৰতিটো অধ্যায়ৰে সুকীয়া বিশেষত্ব আছে। হাইদাং গীতৰ মাজেদি বিশ্বৰ জীৱ সৃষ্টিৰ ৰহস্য ব্যক্ত কৰাৰ লগতে দেৱতাসকলকো স্তুতি জনোৱা হৈছে। হাইদাং গীত গোৱাজনৰ আৰু নাচোঁতাজনৰ সাজপাৰতো বিশেষ বৈশিষ্ট্য আছে। দুয়োজনৰ সাজ-পাৰ বগা ৰঙৰ হয়। গাত শুদ্ধ বগা ৰঙৰ চোলা, মূৰত বগা ৰঙৰ পাগুৰি মূৰৰ পাছফালে ওলমি পৰাকৈ পিন্ধে আৰু গাত চেলেং চাদৰ লয়। দুয়োজনৰ সাজ-পাৰৰ পাৰ্থক্য এইখিনিতেই যে গাঁৱতাজনে ধূতি পিন্ধে আৰু নাচোঁতাজনে ঘূৰি আৰু টঙালি পৰিধান কৰে। ঘূৰিৰ তলছোৱাত ৰঙা ৰঙৰ পাৰি থাকে।[2]

বাদ্য-যন্ত্ৰ

[সম্পাদনা কৰক]

হাইদাং নৃত্য-গীতত বাঁহী, খুঁটিতাল আৰু বাঁহৰ টকা বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। গীতৰ ছেৱে ছেৱে বাঁহী বজোৱা হয়। টকাৰ তালৰ লগত খুটিতাল বজাই সংগত কৰা হয়। বাঁহীৰ সুৰত আৰু গীতৰ ছেৱত খুটিতাল আৰু টকাৰ তালে তালে নৰ্তকীয়ে ম'ৰা চৰায়ে চালি ধৰাৰ দৰে নাচে।

আৰু চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. মহন্ত চৌধুৰী, সুবাসনা আৰু পল্লৱী ডেকা বুজৰবৰুৱা. অসমৰ জনগোষ্ঠীয় লোক সাহিত্য.
  2. হাজৰিকা, জিনতু. সোণোৱাল কছাৰীসকলৰ লোকজীৱন.