হাইদাং গীত
হাইদাং গীত হ'ল সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক প্ৰকাৰৰ গীত, যি হাইদাং উৎসৱৰ লগত জড়িত। এই গীতৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। গীতবিলাক ধৰ্মমূলক। এনে গীতসমূহত পোনতেই নাৰায়ণ, অগ্নিনাৰায়ণলৈ নমস্কাৰ কৰা হয়। তাৰ পিছত পৃথিৱী, আকাশ, চাৰি মুঠি জীৱৰ সৃষ্টিৰ বৰ্ণনা কৰা হৈছে। ইয়াত বিৰিং ৰজা আদি কেইজনমান দেৱতাৰ কথা উল্লেখো আছে। ইয়াৰ শাঁহত এটি কাহিনী সোমাই থকা যেন লাগে— সৰু সৰু ৰজা লগত লৈ নৰে ৰজাই নাও-ব'ঠাৰে ৰণৰ সাজেৰে গৈ ৰূপী, কুৰূপী দুই ভনীৰ ঘৰত ভাৰ শোধাইছে, আৰু ৰূপীক বিয়া কৰাই ঘৰলৈ আনিছে।[1]
সোণোৱাল কছাৰীসকলে চ'ত মাহত অনুষ্ঠিত 'বাইথ পূজা'ত 'হাইদাং গীত' বাদ্যযন্ত্ৰসহ পৰিৱেশ কৰে। এই গীত অসমীয়াত ৰচিত। প্ৰচলিত পৰম্পৰামতে সাতদিন-সাতৰাতি আবৃত্তি কৰিলেহে এই গীত শেষ হয়। এই গীতত জগৎসৃষ্টি আৰু শিৱাদি দেৱতাসৱৰ জন্ম-বৃত্তান্ত পোৱা যায়। গতিকে এনে গীতক পুৰাণগত মালিতা আখ্যা দিব পাৰি। সোণোৱালসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত বিশ্বাসমতে হাইদাংগীত আবৃত্তি কৰিলে বৰষুণ হয়।
পৰিভাষা
[সম্পাদনা কৰক]'হাইদাং' শব্দৰ হা মানে “মাটি” বা “পৃথিৱী”, ই মানে “সৃষ্টি”, আৰু দাং মানে “গীত”, অৰ্থাৎ পৃথিৱী সৃষ্টিৰ গীত।
গীত
[সম্পাদনা কৰক]হাইদাং-গীতৰ উদাহৰণ স্বৰূপে তলত দুটি স্তৱক দিয়া হ'ল; যেনে :
হা - অ - হা - অ - হা - অ - হা - অ
হা - ইয়হ নমো নাৰায়ণ। হা ইয়হ পৃথিৱী হেনো সৃজইছে।
হা - ইয়হ প্ৰকাশ হেনো সৃজইছে। হা ইয়হ আকাশ হেনো সৃজইছে॥
হা - ইয়হ আকাশ হেনো সৃজইছে। হা ইয়হ নিমখ হেনো পাতইছে। ...
ইয়ই কেৰক কেৰক হেনো কেৰইছে।
ইয়ই কেৰক কেৰক হেনো কেৰইছে। ...
হা ইয়হ ডাঙৰ ডাঙৰ কোন ডাঙৰ?
হা ইয়হ দেৱৰ ডাঙৰ খিৰিং ৰাজ জে।
হা ইয়হ দেৱী ডাঙৰ কোন ডাঙৰ?
হা ইয়হ দেৱী ডাঙৰ ভূৰুলী - হাবুকী। ..
লৌ লৌ শিমলু চলৌ লাই।
এহেই খিৰিং ৰজা দেউতাক আনইছোং।
এনেই বায়ু ৰজা দেউতাক আনইছোং। ...
লৌ লৌ শিমলু চলৌ লাই।
এহেই গীতৰ শিমলু শোধাইছোং॥...
এহেই সকলো দায়-দোষ একে ঠাই।
এহেই জামুকৰ খুটাতে দিছোং ঠাই। ...[2]