সমললৈ যাওক

হাওঁফাওঁৰ কৰ্কট ৰোগ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাওঁফাওঁৰ কৰ্কট ৰোগ
বুকুৰ এক্স-ৰে য’ত কাঁড় চিনেৰে এটা অস্পষ্ট বৃত্তাকাৰ পিণ্ড দেখুওৱা হৈছে
বুকুৰ এক্স-ৰেত হাওঁফাওঁত দেখা পোৱা এটা টিউমাৰ (কাঁড় চিনেৰে দেখুওৱা হৈছে)
বিভাগ কৰ্কট ৰোগ বিজ্ঞান, হাওঁফাওঁৰ ৰোগ বিজ্ঞান
লক্ষণ কাহ (তেজ মিশ্ৰিত কাহকে ধৰি), উশাহ চুটি হোৱা, বুকুৰ বিষ
আৰম্ভণি ৪০ বছৰ বয়সৰ পিছত; [1] গড় হিচাপত ৭০ বছৰ বয়সত[2]
প্ৰকাৰ স্মল-চেল লাং কাৰ্চিন’মা (SCLC), নন-স্মল-চেল লাং কাৰ্চিন’মা (NSCLC)
আশংকাৰ কাৰণ ধপাত সেৱন (ধূমপান), বায়ু প্ৰদূষণ, এছবেষ্টছ, ৰেডন, অন্যান্য পৰিৱেশগত মিউটাজেন (উৎপৰিৱৰ্তন ঘটাৰ কাৰক)
ৰোগ নিৰূপণ চিকিৎসা সম্বন্ধীয় ইমেজিং, কলা বায়প্সী
প্ৰতিৰোধ ধূমপান আৰু অন্যান্য পৰিৱেশগত মিউটাজেনৰপৰা আঁতৰি থকা
চিকিৎসা অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিঅ’থেৰাপী (বিকিৰণ চিকিৎসা), মলিক্যুলাৰ থেৰাপী, ইমিউন চেকপইণ্ট ইনহিবিটৰ
আৰোগ্য সম্ভাৱনা পাঁচবছৰীয়া জীৱনৰ হাৰ: ১০ৰপৰা ২০% (অধিকাংশ দেশত)[3]
পুনৰাবৃত্তি ২২ লাখ (২০২০)[3]
মৃত্যু ১৮ লাখ (২০২০)[3]

হাওঁফাওঁৰ কৰ্কট ৰোগ (ইংৰাজী: Lung cancer) হৈছে হাওঁফাওঁৰ কলাত উৎপত্তি হোৱা এবিধ মাৰাত্মক টিউমাৰ। শ্বাসনলীৰ কোষবোৰৰ ডি.এন.এ. জিনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হয়। এই ৰোগ প্ৰায়ে ছিগাৰেট সেৱন বা উশাহত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ গ্ৰহণ কৰাৰ বাবে হয়। ক্ষতিগ্ৰস্ত শ্বাসনলীৰ কোষবোৰে অনিয়ন্ত্ৰিতভাৱে বংশবৃদ্ধি কৰাৰ ক্ষমতা লাভ কৰে, যাৰ ফলত টিউমাৰৰ বৃদ্ধি ঘটে। চিকিৎসা নকৰিলে, এই টিউমাৰবোৰ সমগ্ৰ হাওঁফাওঁতে বিয়পি পৰে আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা নষ্ট কৰে। অৱশেষত, হাওঁফাওঁৰ টিউমাৰবোৰ মেটাষ্টেচাইজ হয়, অৰ্থাৎ শৰীৰৰ অন্যান্য অংশলৈ বিয়পি পৰে।

প্ৰাৰম্ভিক পৰ্যায়ৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰায়ে কোনো লক্ষণ দেখা নাযায় আৰু ইয়াক কেৱল মেডিকেল ইমেজিং বা স্কেনিং কৰিলেহে ধৰা পেলাব পাৰি। কৰ্কট ৰোগ বৃদ্ধি পোৱাৰ লগে লগে, বেছিভাগ মানুহৰে কিছুমান অ-নিৰ্দিষ্ট শ্বাস-প্ৰশ্বাসজনিত সমস্যায় দেখা দিয়ে; যেনে: কাহ, উশাহ চুটি হোৱা বা বুকৰ বিষ। অন্যান্য লক্ষণসমূহ টিউমাৰটোৰ অৱস্থান আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰা লোকসকলৰ সাধাৰণতে কোনো টিউমাৰৰ অৱস্থান আৰু ইয়াৰ বিস্তৃতি নিৰ্ধাৰণ কৰিবলৈ ধাৰাবাহিকভাৱে কিছুমান প্ৰতিচ্ছবি পৰীক্ষা কৰা হয়। হাওঁফাওঁৰ কৰ্কট ৰোগৰ চূড়ান্ত আৰু নিশ্চিত নিদানৰ বাবে সন্দেহযুক্ত টিউমাৰটোৰ বায়’প্সী কৰা আৰু তাক এজন ৰোগতত্ত্ববিদে অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰাটো প্ৰয়োজনীয়। কৰ্কট কোষ চিনাক্ত কৰাৰ উপৰি, এজন ৰোগবিজ্ঞানীয়ে টিউমাৰটো যি কোষৰপৰা উৎপত্তি হৈছে, সেই অনুসৰি ইয়াক শ্ৰেণীভুক্ত কৰিব পাৰে। প্ৰায় ১৫% ক্ষেত্ৰত এই ৰোগ স্মল-চেল লাং কেন্সাৰ বা ক্ষুদ্ৰ-কোষযুক্ত হাওঁফাওঁৰ কৰ্কট ৰোগ (SCLC) হয়, আৰু অৱশিষ্ট ৮৫% (নন-স্মল-চেল লাং কেন্সাৰ বা অ-ক্ষুদ্ৰ-কোষযুক্ত হাওঁফাওঁৰ কৰ্কট ৰোগ বা NSCLC) হৈছে এডিন’কাৰ্চিন’মা (adenocarcinomas), স্কুৱামাছ-চেল কাৰ্চিন’মা (squamous-cell carcinomas) আৰু লাৰ্জ-চেল কাৰ্চিন’মা (large-cell carcinomas)। ৰোগ নিৰ্ণয়ৰ পিছত, কৰ্কট ৰোগটো কিমানদূৰলৈ বিয়পি পৰিছে তাৰ ওপৰত ভিত্তি কৰি ইয়াৰ পৰ্যায় নিৰ্ধাৰণ কৰিবলৈ অধিক প্ৰতিচ্ছবি পৰীক্ষা (imaging) আৰু বায়’প্সী কৰা হয়।

প্ৰাৰম্ভিক পৰ্যায়ৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ চিকিৎসাত টিউমাৰটো আঁতৰাবলৈ অস্ত্ৰোপচাৰ কৰা হয়। অৱশিষ্ট কৰ্কট কোষবোৰ ধ্বংস কৰিবলৈ কেতিয়াবা ইয়াৰ পিছত বিকিৰণ চিকিৎসা (radiation therapy) আৰু কেম’থেৰাপী প্ৰয়োগ কৰা হয়। পৰৱৰ্তী বা শেষৰ পৰ্যায়ৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰ্কট উপ-প্ৰকাৰসমূহক লক্ষ্য কৰি কৰা ঔষধ চিকিৎসাৰ লগতে বিকিৰণ চিকিৎসা আৰু কেম’থেৰাপীৰ সহায়ত চিকিৎসা কৰা হয়। চিকিৎসাৰ পিছতো, ৰোগ নিৰ্ণয় হোৱাৰপৰা মাত্ৰ প্ৰায় ২০% মানুহহে পাঁচ বছৰ পৰ্যন্ত জীৱিত থাকে।[4] যিসকল লোকৰ কম বয়সতে বা প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ ধৰা পৰে, তেওঁলোকৰ জীৱন ৰক্ষাৰ হাৰ অধিক হয়; আৰু পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰতো এই হাৰ বেছি।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ বেছিভাগ ঘটনাই ধঁপাত সেৱনৰ বাবে হয়। বাকী থকা অংশ এছবেষ্টছ (asbestos) আৰু ৰেডন গেছৰ দৰে বিপদজ্জনক পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ বাবে অথবা আকস্মিকভাৱে ঘটা জিনীয় উৎপৰিৱৰ্তনৰ বাবে হয়। ফলস্বৰূপে, হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টাসমূহে মানুহক বিপদজ্জনক ৰাসায়নিক পদাৰ্থসমূহ পৰিহাৰ কৰিবলৈ আৰু ধূমপান ত্যাগ কৰিবলৈ উৎসাহিত কৰে। ধূমপান ত্যাগ কৰিলে হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে ইতিপূৰ্বে এই ৰোগত আক্ৰান্ত হোৱাসকলৰ চিকিৎসাৰ ফলাফলৰো উন্নতি ঘটে।

হাওঁফাওঁৰ কৰ্কট ৰোগ হৈছে বিশ্বজুৰি আটাইতকৈ বেছি ধৰা পৰা আৰু আটাইতকৈ মাৰাত্মক কৰ্কট ৰোগ। ২০২০ চনত ইয়াৰ ২২ লাখ ঘটনা পোহৰলৈ আহিছিল, যাৰ ফলত ১৮ লাখ লোকৰ মৃত্যু হৈছিল।[3] ৪০ বছৰতকৈ কম বয়সৰ লোকৰ ক্ষেত্ৰত হাওঁফাওঁৰ কৰ্কট ৰোগ বিৰল; ৰোগ নিৰ্ণয়ৰ গড় বয়স হৈছে ৭০ বছৰ, আৰু মৃত্যুৰ গড় বয়স ৭২ বছৰ।[2] ধঁপাত ব্যৱহাৰৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বজুৰি ইয়াৰ প্ৰাদুৰ্ভাৱ আৰু ফলাফলৰ যথেষ্ট তাৰতম্য দেখা যায়। বিংশ শতিকাত ছিগাৰেট সেৱনৰ প্ৰচলন হোৱাৰ আগতে, হাওঁফাওঁৰ কৰ্কট ৰোগ এক বিৰল ব্যাধি আছিল। ১৯৫০ আৰু ১৯৬০ ৰ দশকত, ক্ৰমবৰ্ধমান প্ৰমাণে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু ধঁপাতৰ ব্যৱহাৰৰ মাজত সম্পৰ্ক থকাটো প্ৰতিষ্ঠা কৰিলে, যাৰ ফলশ্ৰুতিত বেছিভাগ ডাঙৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই ধঁপাতৰ ব্যৱহাৰক নিৰুৎসাহিত কৰি ঘোষণা জাৰি কৰিলে।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. ↑ Horn & Iams 2022, "Epidemiology".
  2. 1 2 Bade & Dela Cruz 2020, "Age".
  3. 1 2 3 4 Sung et al. 2021, "Lung cancer".
  4. ↑ Rivera, Mody & Weiner 2022, "Introduction".

গ্ৰন্থৰাজি

  • Primary Malignant Growths of the Lungs and Bronchi. প্ৰকাশক New York: Longmans, Green, and Company. 1912. OCLC 14783544. 
  • Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. ISBN 978-0323655873. 
    • "Indoor and Outdoor Air Pollution". Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1423–1434. 
    • "Lung Cancer: Epidemiology". Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1018–1028. 
    • "Lung Cancer: Molecular Biology and Targets". Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1005–1017. 
    • "Lung Cancer: Diagnosis and Staging". Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1039–1051. 
    • "Lung Cancer: Treatment". Murray & Nadel's Textbook of Respiratory Medicine (7 সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1052–1065. 
    • "Lung Cancer: Screening". Murray & Nadel's Textbook of Respiratory Medicine (7th সম্পাদনা). Elsevier. 2022. পৃষ্ঠা. 1029–1038. 
  • European Commission. Directorate General for Research and Innovation.; European Commission Group of Chief Scientific Advisors. (2022). Cancer screening in the European Union. Publications Office of the European Union. doi:10.2777/867180. ISBN 978-92-76-45603-2. https://data.europa.eu/doi/10.2777/867180. 
  • "78: Neoplasms of the Lung". Harrison's Principles of Internal Medicine (21st সম্পাদনা). McGraw Hill. 2022. ISBN 978-1264268504. 
  • "80: Cancer of the Lung". Holland-Frei Cancer Medicine (10th সম্পাদনা). Wiley. April 2023. ISBN 978-1-119-75068-0. 
  • "110: Approach to the Patient with Pulmonary Nodules". Fishman's Pulmonary Diseases and Disorders (6th সম্পাদনা). McGraw Hill. 2023. ISBN 978-1260473988. 

জাৰ্নেলৰ প্ৰবন্ধ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
বৰ্গীকৰণ
বাহ্যিক সমল

সাঁচ:Respiratory tract neoplasia সাঁচ:Cigarettes