হাগ

হাগ (Hag) হৈছে এগৰাকী শুকাই-খীণাই যোৱা বৃদ্ধা, বা এক প্ৰকাৰৰ পৰী, ডাইনী,[1][2] অথবা তেনে চেহেৰাৰ এগৰাকী দেৱী। তেনে চৰিত্ৰ প্ৰায়ে লোককথা আৰু ‘হান্সেল এণ্ড গ্ৰেটেল’ৰ দৰে শিশুৰ সাধুকথাত পোৱা যায়।[3] হাগসকলক প্ৰায়ে কুঅভিপ্ৰায়ী বুলি গণ্য কৰা হয়, কিন্তু তেওঁলোক মায়াবী দেৱ-দেৱীৰ (যেনে: দ্য মৰিগান বা বাডব) এক ৰূপো হ’ব পাৰে, যিসকলক সম্পূৰ্ণৰূপে দয়ালু বা সম্পূৰ্ণৰূপে দুষ্ট বুলি ক’ব নোৱাৰি।[4][5] হাগ শব্দটো ডাইনীৰ সমাৰ্থক হিচাপেও ব্যৱহাৰ কৰিব পাৰি।[1][2][6]
ব্যুৎপত্তি
[সম্পাদনা কৰক]এই শব্দটো মধ্য ইংৰাজীত পোৱা গৈছিল আৰু ই ‘ডাইনী’ অৰ্থত ব্যৱহৃত পুৰণি ইংৰাজী শব্দ ‘হেগটেচে’ৰ (hægtesse) চুটি ৰূপ আছিল; একেদৰে ওলন্দাজ শব্দ ‘হেক্স’ (heks) আৰু জাৰ্মান শব্দ ‘হেক্সে’ (Hexe) ক্ৰমে মধ্য ওলন্দাজ ‘হেগেটিচে’ (haghetisse) আৰু পুৰণি হাই জাৰ্মান ‘হেগজুচা’ (hagzusa)ৰ চুটি ৰূপ।[7] এই সকলোবোৰ শব্দ অজ্ঞাত মূলৰ প্ৰ’ট’-জাৰ্মানীয় শব্দৰ পৰা উদ্ভৱ হৈছে; ইয়াৰ প্ৰথম অংশটো ‘হেজ’ (hedge) অৰ্থাৎ জেওৰা শব্দটোৰ সৈতে জড়িত হ’ব পাৰে।[7][8]
সাধুকথা বা লোককথাৰ এক গতানুগতিক চৰিত্ৰ হিচাপে হাগৰ বৈশিষ্ট্যসমূহ ‘ক্ৰ’ন’ৰ সৈতে একে, আৰু এই শব্দ দুটা কেতিয়াবা এটাৰ সলনি আনটো ব্যৱহাৰ কৰা হয়।
ইংৰাজীৰ বাহিৰে আন ভাষাৰ শব্দসমূহ অনুবাদ কৰিবলৈ ‘হাগ’ শব্দটো ব্যৱহাৰ কৰাটো বিতৰ্কিত, কিয়নো এই শব্দটোৰ ব্যৱহাৰ কেতিয়াবা নাৰীবিদ্বেষৰ সৈতে জড়িত কৰা হয়।[9][10]
লোককথাত
[সম্পাদনা কৰক]ইংৰাজী আৰু উত্তৰ আমেৰিকাৰ লোককথাত ‘নাইট হাগ’ বা ‘দ্য অ’ল্ড হাগ’ আছিল এক দুঃস্বপ্নৰ আত্মা। এই প্ৰকাৰৰ হাগ পুৰণি ইংৰাজী ‘মেৰা’ৰ (mæra) সৈতে একে— যি প্ৰাচীন জাৰ্মানীয় অন্ধবিশ্বাসৰ পৰা উদ্ভৱ হৈছে আৰু স্ক্যাণ্ডিনেভিয়ান ‘মাৰা’ৰ সৈতে ওচৰ সম্পৰ্কীয়। লোককথা অনুসৰি, অ’ল্ড হাগে শুই থকা মানুহৰ বুকুত বহি দুঃস্বপ্ন পঠিয়াইছিল। যেতিয়া মানুহজন সাৰ পায়, তেওঁ অলপ সময়ৰ বাবে উশাহ ল’বলৈ বা আনকি লৰচৰ কৰিবলৈও অপৰাগ হয়। বৰ্তমান এই অৱস্থাক ‘স্লিপ পেৰালাইচিছ’ অৰ্থাৎ টোপনিত ধৰা বা ‘বোৱাত ধৰা’ বুলি কোৱা হয়, কিন্তু পুৰণি বিশ্বাসত ইয়াক হাগৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি কোৱা হৈছিল।[11]
হাগৰ বিষয়ে বহুতো কাহিনী শিশুসকলক ভাল কাম কৰিবলৈ ভয় খুৱাবলৈ ব্যৱহাৰ কৰা যেন লাগে। উদাহৰণস্বৰূপে, উত্তৰ ইংলেণ্ডত পেগ পাউলাৰ নামৰ এগৰাকী নদীৰ হাগ আছিল যিয়ে টিজ নদীত বাস কৰিছিল আৰু যাৰ ছালৰ ৰং সেউজীয়া আছিল। যিবোৰ পিতৃ-মাতৃয়ে নিজৰ সন্তানক নদীৰ পাৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল, তেওঁলোকে সন্তানক কৈছিল যে যদি তেওঁলোকে পানীৰ বেছি ওচৰলৈ যায়, তেন্তে তাই তাইৰ দীঘল হাতেৰে তেওঁলোকক টানি লৈ যাব, পানীত ডুবাই মাৰিব আৰু কেতিয়াবা খাই পেলাব। এই ধৰণৰ নদীৰ আত্মাৰ অন্যান্য আঞ্চলিক নামবোৰ হ’ল গ্ৰিণ্ডিল’ (গ্ৰেণ্ডেলৰ সৈতে জড়িত এটা নাম), ইয়ৰ্কশায়াৰৰ জেনী গ্ৰীনটিথ আৰু কেইবাখনো ইংৰাজী কাউণ্টিৰ নেলী লংআৰ্মছ।[12]
শ্লাভিক লোককথাত বাবা য়গা আছিল হাগৰ এক ৰূপ যিয়ে হাবিৰ মাজত কুকুৰাৰ ঠেং থকা ঘৰত বাস কৰিছিল। তাই প্ৰায়ে এটা খুন্দনাৰ ওপৰত বহি হাবিৰ মাজেৰে উৰি ফুৰিছিল আৰু এটা ঝাড়ুৰে তাইৰ খোজবোৰ মচি পেলাইছিল। যদিও তাই সাধাৰণতে অকলে থাকে, কিছুমান লোককথাত তিনিগৰাকী বাবা য়গাই নায়কক উপদেশ দি বা উপহাৰ দি সহায় কৰা বুলি চিত্ৰিত কৰা হৈছে।[13]
আইৰিছ আৰু স্কটিছ পৌৰাণিক কাহিনীত ‘কাইলিয়াখ’ হৈছে সৃষ্টি, শস্য চপোৱা, বতৰ আৰু সাৰ্বভৌমত্বৰ সৈতে জড়িত এগৰাকী হাগ দেৱী।[5][14] দেৱী ব্ৰিজিডৰ সৈতে অংশীদাৰিত্বৰে তেওঁ এজনী ঋতুভিত্তিক দেৱী, যাক শীতকালৰ শাসনকৰ্ত্ৰী হিচাপে গণ্য কৰা হয় আৰু ব্ৰিজিডে গ্ৰীষ্মকালত শাসন কৰে। স্কটলেণ্ডত ‘দ্য কাইলিয়াখান’ (ধুমুহাৰ হাগ) নামেৰে জনাজাত হাগৰ এটা গোটক প্ৰকৃতিৰ শক্তিৰ মানৱীয় ৰূপ হিচাপে দেখা যায়, বিশেষকৈ বিধ্বংসী দিশত। বসন্তকালৰ ধুমুহাৰ সৃষ্টিত তেওঁলোক বিশেষভাৱে সক্ৰিয় বুলি কোৱা হয়।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Definition of HAG" (en ভাষাত). www.merriam-webster.com. https://www.merriam-webster.com/dictionary/hag। আহৰণ কৰা হৈছে: 2024-10-10.
- 1 2 "Dictionary.com | Meanings & Definitions of English Words" (en ভাষাত). Dictionary.com. https://www.dictionary.com/browse/hag। আহৰণ কৰা হৈছে: 2024-10-10.
- ↑ Briggs, Katharine. (1976) An Encyclopedia of Fairies, Hobgoblins, Brownies, Boogies, and Other Supernatural Creatures, "Hags", p.216. ISBN 0-394-73467-X
- ↑ Lysaght, Patricia. (1986) The Banshee: The Irish Death Messenger. Roberts Rinehart Publishers. ISBN 1-57098-138-8. p.54
- 1 2 Clark, Rosalind. (1991) The Great Queens: Irish Goddesses from the Morrígan to Cathleen Ní Houlihan (Irish Literary Studies, Book 34) Savage, Maryland, Barnes and Noble (reprint) pp.5, 8, 17, 25
- ↑ "Thesaurus.com - The world's favorite online thesaurus!" (en ভাষাত). Thesaurus.com. https://www.thesaurus.com/browse/hag। আহৰণ কৰা হৈছে: 2024-10-10.
- 1 2 "Hag". http://www.etymonline.com/index.php?term=hag.
- ↑ hag1 Archived 28 April 2005 at the Wayback Machine The American Heritage Dictionary of the English Language, Fourth Edition (2000)
- ↑ Rich, Adrienne (4 February 1979). "That Women Be Themselves; Women". The New York Times: পৃষ্ঠা BR.3.
- ↑ "Feminist storyteller reprises 'These Are My Sisters'". Star Tribune. 7 July 1996.
- ↑ Ernsting, Michele (2004) "Hags and nightmares: sleep paralysis and the midnight terrors". Radio Netherlands.
- ↑ Froud, Brian; Lee, Alan (1978). Faeries. New York: Peacock Press. ISBN 0-553-01159-6.
- ↑ Ralston, W. R. S. Songs of the Russian People. Section III—Storyland Beings.
- 1 2 McNeill, F. Marian (1959). The Silver Bough. 2: A Calendar of Scottish National Festivals, Candlemas to Harvest Home. প্ৰকাশক Glasgow: William MacLellan. পৃষ্ঠা. 20–21. ISBN 978-0-85335-162-7.