সমললৈ যাওক

হাজাৰ চুৰাশিৰ মা (উপন্যাস)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাজাৰ চুৰাশিৰ মা  
লেখক মহাশ্বে‍তা দেৱী
প্ৰচ্ছদ শিল্পী খালেদ চৌধুৰী
ভাষা বাংলা
প্ৰকাশক কৰুণা প্ৰকাশনী, কলকাতা [1]
প্ৰকাশ ১৯৭৪
মিডিয়া প্ৰকাৰ ছপা (পকাবন্ধা)
আই.এচ.বি.এন. 978-81-8437-055-3

হাজাৰ চুৰাশিৰ মা (ইংৰাজী: Hajar Churashir Maa) হ'ল ৰমন মেগছেছে বঁটা বিজয়ী লেখিকা মহাশ্বে‍তা দেৱীৰ দ্বাৰা ৰচিত এখন বাংলা উপন্যাস। এই উপন্যাসখন ১৯৭৪ চনত প্ৰকাশ পাইছিল।[2] এই উপন্যাসখন ১৯৭০ চনত ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নক্সালবাদী আন্দোলনৰ প্ৰেক্ষাপটত ৰচনা কৰা হৈছিল।[3][4][5] এই উপন্যাসৰ আধাৰতে নিৰ্মাণ কৰা হৈছে হাজাৰ চুৰাশী কী মা নামৰ বোলছবিখন।

উপন্যাসৰ কাহিনীভাগ

[সম্পাদনা কৰক]

হাজাৰ চুৰাশিৰ মা হ'ল এনে‍ এগৰাকী মাতৃ (সুজাতা)ৰ কাহিনী, যাৰ পুত্ৰ (ব্ৰতী)ক তেওঁৰ মতাদৰ্শৰ বাবে ৰাষ্ট্ৰই নিৰ্মমভাৱে হত্যা কৰে। মৰ্গত ব্ৰতীৰ মৃতদেহৰ নম্বৰ আছিল ১০৮৪।[6] তাৰ পৰাই উপন্যাসখনৰ নামকৰণ কৰা হৈছে‍। ব্ৰতী বিদ্ৰোহীসকলে দলৰ ভিতৰৰ শ্ৰেণী শত্ৰু, ৰাষ্ট্ৰ সহযোগী, প্ৰতিবিপ্লৱীক নিৰন্তৰ আৰু নিৰ্দয়ভাৱে হত্যা কৰাৰ পক্ষত আছিল। কাহিনীটো আৰম্ভ হয় ব্ৰতীৰ মৃত্যুৰ বৰ্ষপূৰ্তিৰ পৰা। সুজাতাই ব্ৰতীৰ জন্মৰ পৰাই পুত্ৰৰ কথা মনত পেলাইছে। তেওঁৰ সৈতে‍ ব্ৰতীৰ এক ঘনিষ্ঠ সহকৰ্মীৰ দেখা হয় আৰু তেওঁ ব্ৰতীৰ বিপ্লৱী মানসিকতাৰ বিচাৰ কৰিবলৈ‍ চেষ্টা কৰে। গোটেই উপন্যাসখনত তেওঁক এগৰাকী কঠোৰ মনৰ নাৰী হিচাপে চিত্ৰিত কৰা হৈছে। তেওঁ সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে যুদ্ধ কৰি গৈছে। পুত্ৰৰ কথা পাহৰি যাবলৈ তেওঁক পৰামৰ্শ দিয়া হৈছে। কাৰণ, তেওঁৰ পুত্ৰৰ দৰে মানুহ “গণতন্ত্ৰৰ শৰীৰত কেন্সাৰ ৰোগ।”[7] বহু বছৰৰ পাছত এই কথা জানি সুজাতাই শান্তি পায় যে যি ৰাজনৈতিক অস্থিৰতাত পুত্ৰৰ মৃত্যু হৈছিল সি‍ কোনো পৰিয়ালকেই নেৰিলে।[4] উপন্যাস হাজাৰ চুৰাশিৰ মাত মানৱ কাহিনীৰ আন মুখবোৰ চিত্ৰিত কৰা হৈছে, যিবোৰৰ উৎস হৈছে বাঙালী যুৱক-যুৱতীৰ অশান্ত ৰাজনৈতিক দুঃসাহসিক অভিযান। কমিউনিষ্ট পাৰ্টিয়ে চৰকাৰ গঠন নকৰালৈকে চৰকাৰে এই যুৱ সমাজক নিৰ্মমভাৱে দমন কৰিছিল। তাৰ পিছত কমিউনিষ্ট চৰকাৰে নিজৰ বিৰোধী শক্তিক নিৰ্মমভাৱে দমন কৰিলে।[8]

  • সুজাতা: মূল চৰিত্ৰ আৰু এগৰাকী 'আধুনিক' কঠোৰ মনৰ মাতৃ।
  • ব্ৰতী: সুজাতাৰ বিপ্লৱী পুত্ৰ।[9]
  • দিব্যনাথ: সুজাতাৰ স্বামী। ব্ৰতীয়ে যাৰ বিৰুদ্ধে‍ যুঁজ দিছিল তেওঁলোকৰ দৰেই এজন ব্যক্তি।

চলচ্চিত্ৰায়ন

[সম্পাদনা কৰক]

১৯৯৮ চনত গোবিন্দ নিহালানীয়ে এই উপন্যাসখনৰ আধাৰত হাজৰ চৌৰাসী কী মা নামেৰে এখন হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।[2][5][6] এই ছবিখনে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।

পুৰস্কাৰ

[সম্পাদনা কৰক]

এই উপন্যাসখনৰ বাবে মহাশ্বে‍তা দেৱীয়ে ১৯৯৬ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল।[6][10] দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাই তেওঁক এই বঁটা প্ৰদান কৰিছিল।[11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. হাজাৰ চুৰাশিৰ মা (হাৰ্ডকভাৰ) ফ্লিপকাৰ্ট.com। সংগৃহীত ১৮ জুলাই ২০১২
  2. 2.0 2.1 'Through her writing, you get to hear the voice of a community that is otherwise voiceless' (ইংৰাজী ভাষাত) Rediff news। সংগৃহীত ১৭ জুলাই ২০১২
  3. Word power Archived 2016-03-03 at the Wayback Machine (ইংৰাজী ভাষাত) দ্য টেলিগ্ৰাফ (কলকাতা)। Published Sunday, February 05, 2006. সংগৃহীত ১৭ জুলাই ২০১২
  4. 4.0 4.1 THE SIXTY-YEAR JOURNEY: BHASHA LITERATURE Archived 2010-03-14 at the Wayback Machine (ইংৰাজী ভাষাত) দ্য হিন্দু। ৭ মাৰ্চ ২০১০। সংগৃহীত ১৭ জুলাই ২০১২
  5. 5.0 5.1 হাজাৰ চুৰাশিৰ মা সংগৃহীত ১৭ জুলাই ২০১২
  6. 6.0 6.1 6.2 Of death and resurrection (ইংৰাজী ভাষাত) Rediff news। সংগৃহীত ১৭ জুলাই ২০১২
  7. মহাশ্বেতা দেবী। হাজাৰ চুৰাশিৰ মা। কৰুণা প্ৰকাশনী (১৯৭৪) পৃষ্ঠা ৩১।
  8. Bengali Books Online. Author Profile - Mahasweta Devi Archived 2015-09-23 at the Wayback Machine সংগৃহীত ১৭ জুলাই ২০১২
  9. Women and Violence by Sudeshna Chakravarti (ইংৰাজী ভাষাত) Women Writing Violence: The Novel and Radical Feminist Imaginaries কিতাপৰ পৰ্যালোচনা। Economic and Political Weekly. Vol - XLIX No. 3, January 18, 2014
  10. JNANPITH LAUREATES Archived 2012-02-18 at the Wayback Machine (ইংৰাজী ভাষাত) সংগৃহীত ১৮ জুলাই ২০১২
  11. Mandela presents Jnanpith award to Mahasveta Devi[সংযোগবিহীন উৎস] (ইংৰাজী ভাষাত) দ্য টাইমস অব ইণ্ডিয়া। ২৯ মাৰ্চ ১৯৯৭। ৰেকৰ্ড নং : A0080925। সংগৃহীত ১৮ জুলাই ২০১২