সমললৈ যাওক

হাজিৰ দাৰিয়ুচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাজিৰ দাৰিয়ুচ
স্থানীয় নাম هژیر داریوش
জন্ম ১১ আগষ্ট, ১৯৩৮
বান্দাৰ পাহলভী, ইৰান
মৃত্যু ০২ অক্টোবৰ, ১৯৯৫ (৫৭ বছৰ)

হাজিৰ দাৰিয়ুচ (ফাৰ্চী: هژیر داریوش; জন্ম ১১ আগষ্ট, ১৯৩৮ মৃত্যু ২ অক্টোবৰ, ১৯৯৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাক ১৯৮২ চনত জাভেদ জব্বাৰে "সংগঠিত প্ৰগতিশীল ইৰানী চিনেমাৰ নেতা" হিচাপে বৰ্ণনা কৰিছিল।[1]

দাৰিয়ুচে পেৰিছৰ আই.ডি.এইচ.ই.চি.ত চলচ্চিত্ৰ বিষয়ত অধ্যয়ন কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ এগৰাকী ইৰানী ঔপন্যাসিক গলী তৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। গলী তৰাকী আছিল প্ৰখ্যাত সাংবাদিক লুতফুল্লাহ তৰাকীৰ একমাত্ৰ কন্যা। অৱশ্যে তেওঁলোকৰ এই বিবাহ বেছিদিন নিটিকিল।

১৯৬৩ চনত নিৰ্মিত তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ চেক্ৰেড এৰিনা আছিল পৰম্পৰাগত ইৰানী ব্যায়ামাগাৰৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ। ১৯৬৪ চনত নিৰ্মিত তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ চাৰ্পেণ্টছ স্কিন ডি. এইচ. লৰেঞ্চৰ উপন্যাস লেডী চেটাৰ্লিজ লাভাৰৰ ওপৰত আধাৰিত আছিল, য’ত ফখৰী খোৰভাশ্ব আৰু জম্শিদ মাশায়েখীয়ে অভিনয় কৰিছিল। এই চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ ইৰানী চিনেমাৰ নতুন তৰংগ (নিউ ৱেভ) আৰম্ভ কৰিছিল বুলি ধাৰণা কৰা হয়। ইয়াৰ পিছত তেওঁ পুনৰ দুখন গুৰুত্বপূৰ্ণ প্ৰাৰম্ভিক সামাজিক তথ্যচিত্ৰ নিৰ্মাণ কৰে। তাৰে এখন আছিল ১৯৬৫ চনৰ বাট প্ৰব্লেমছ এৰোজ, যিখন ইৰানী যুৱক-যুৱতীসকলৰ সাংস্কৃতিক বিচ্ছিন্নতাৰ ওপৰত আধাৰিত আছিল আৰু আনখন আছিল ফেচ ৭৫, য’ত গ্ৰাম্য সংস্কৃতিৰ পশ্চিমীয়াকৰণক সমালোচনাত্মক দৃষ্টিৰে চোৱা হৈছিল। এই তথ্যচিত্ৰখনে ১৯৬৫ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[2] অৱশেষত, তেওঁ ১৯৭২ চনত তেওঁৰ একমাত্ৰ ব্যাৱসায়িকভাৱে সফল চলচ্চিত্ৰ বিতা নিৰ্মাণ কৰে। সামাজিক প্ৰতিবন্ধকতাৰ সৈতে যুঁজি থকা এগৰাকী যুৱতীৰ সংগ্ৰামৰ কাহিনীৰে নিৰ্মিত এই চলচ্চিত্ৰখনত গুগুশে অভিনয় কৰিছিল।

১৯৭৯ চনত তেওঁ ফ্ৰান্সলৈ প্ৰব্ৰজন কৰে। তেওঁ তুলুজ বিশ্ববিদ্যালয়ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

দাৰিয়ুচ ১৯৬৬ চনত ইৰানৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সভাপতি আছিল আৰু নেচনেল ইৰানিয়ান ৰেডিঅ’ এণ্ড টেলিভিছনৰ কলা সঞ্চালক হিচাপেও কাম কৰিছিল।

১৯৯৫ চনত ফ্ৰান্সৰ তুলুজত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jabbar, Javed (1982). Snapshots: reflections in a Pakistani eye. Wajidalis. পৃষ্ঠা. 194. OCLC 10395231.
  2. Issari, Mohammad Ali (1989). Cinema in Iran, 1900-1979. Scarecrow Press. পৃষ্ঠা. 188. ISBN 978-0-8108-2142-2.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]