হানান ইব্ৰাহিম
| হানান ইব্ৰাহিম حنان ابراهيم | |
|---|---|
| জন্ম | ছোমালিয়া |
| ৰাষ্ট্ৰীয়তা | বৃটিছ |
| পেচা | সমাজকৰ্মী |
| পদবী | বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ |
| সন্তান | ৩ |
হানান ইব্ৰাহিম এম বি ই, এগৰাকী ছোমালি সমাজ কৰ্মী। তেওঁ অন্যান্য সংগঠনৰ লগতে বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ।
প্ৰথম বছৰবোৰ
[সম্পাদনা কৰক]ইব্ৰাহিম ছোমালিয়াত ডাঙৰ-দীঘল হৈছিল। তিনিটা সন্তানৰ মাতৃ আৰু এগৰাকী মুছলমান[1]। জন্মভূমিত গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত ১৯৯৮ চনত তেওঁ যুক্তৰাজ্যলৈ গুচি যায়।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]
পেছাদাৰী ৰূপত ইব্ৰাহিমে উইমেন ইণ্টাৰফেথ নেটৱৰ্ক, চিষ্টাৰছ এগেইনষ্ট ভিলেণ্ট এক্সট্ৰিমিজম, আফ্ৰিকান চেং আৰু উইমেনছ ফেডাৰেচন ফৰ ৱৰ্ল্ড পিছৰ সৈতে কাম কৰিছিল।[1]
লণ্ডনত থকাৰ সময়ত তেওঁ ছোমালি ফেমিলি চাপৰ্ট গ্ৰুপ (SFSG) প্ৰতিষ্ঠা কৰে, যিটো ব্ৰিটেইনৰ সোমালি আৰু বৃহত্তৰ হৰ্ণ আফ্ৰিকান সম্প্ৰদায়ক সেৱা আগবঢ়োৱা এটা বেচৰকাৰী সংস্থা।[3][4] এছ এফ এছ জিয়ে আন্তঃধৰ্মীয় আলোচনা আৰু বুজাবুজিক প্ৰসাৰিত কৰে, আৰু বিভিন্ন বিষয়ত মহিলাৰ অধিক অংশগ্ৰহণৰ পোষকতা কৰে। ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ সামাজিক সেৱা আগবঢ়ায়, য'ত এটা পৰিয়াল পৰামৰ্শ কেন্দ্ৰ, স্বাস্থ্য সজাগতা অভিযান, চাকৰি-অন্বেষণৰ সহায় আৰু দক্ষতা আহৰণ কৰ্মশালা আদি অন্তৰ্ভুক্ত।[4]
তেওঁ বাৰ্নেট মুছলিম মহিলা নেটৱৰ্কৰ অধ্যক্ষ হিচাপে কাম কৰে।[1] ২০০৮ চনত তেওঁ সীমাহীন মহিলাৰ পদক্ষেপ চেভ ইউ কে এডভাইচাৰী ব’ৰ্ড ৰ সদস্য হয়।[4] ইব্ৰাহিম আন বিভিন্ন সংগঠন আৰু পেনেলৰ অংশও। পিছৰ কেইটাৰ ভিতৰত চৰকাৰী নেচনেল মুছলমান মহিলা পৰামৰ্শদাতা গোট আৰু নেচনেল কমিউনিটি ফ'ৰাম, কমিউনিটি বিভাগৰ পৰামৰ্শদাতা সংস্থা অন্তৰ্ভুক্ত।[1]
আইনৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত ইব্ৰাহিমক ২০১১ চনত ছোমালিয়াৰ ট্ৰেঞ্জিচনেল ফেডাৰেল চৰকাৰে (TFG) দেশখনৰ নতুন সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া বিশেষজ্ঞ সমিতি (CoE)ত নিযুক্তি দিয়ে।[5]
বঁটা
[সম্পাদনা কৰক]সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে ইব্ৰাহিমক ২০০৪ চনত স্বেচ্ছাসেৱী সেৱাৰ বাবে ৰাণী বঁটা প্ৰদান কৰা হয়।[4] ২০০৯ চনত তেওঁ এম্বেছাদৰ ফৰ পিছ বঁটা লাভ কৰে।[6]
২০১০ চনত লণ্ডনৰ হায়া(HAYA) ছোমালি সংস্থাৰ পৰা লণ্ডন বৰো অৱ বাৰ্নেট চিভিক বঁটা আৰু কমিউনিটি এংগেজমেণ্ট বঁটা লাভ কৰে। সেই বছৰতে এছ এফ এছ জিৰ সৈতে কৰা সামূহিক কামৰ বাবে তেওঁক অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ (এম বি ই)ৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Twenty five Muslims awarded in the Queen’s Birthday Honours", Muslimnews.co.uk. Accessed 30 August 2022.
- ↑ "Frauen-Ohne-Grenzen.org - Women-Without-Borders - Up To Date". http://www.women-without-borders.org/news/uptodate/276/। আহৰণ কৰা হৈছে: 31 May 2015.
- ↑ "U.S. Embassy Events - Embassy of the United States Vienna, Austria". Archived from the original on 3 February 2015. https://web.archive.org/web/20150203182242/http://austria.usembassy.gov/events/hanan.html। আহৰণ কৰা হৈছে: 31 May 2015.
- ↑ 4.0 4.1 4.2 4.3 "Frauen-Ohne-Grenzen.org - Women-Without-Borders - SAVE - Activities". http://www.women-without-borders.org/save/activities/20/। আহৰণ কৰা হৈছে: 31 May 2015.
- ↑ "Press Release - Somali Government establishes Committee of Experts on Draft Constitution". http://somalitalkradio.com/2011/sept/26092011_Press_Release.pdf। আহৰণ কৰা হৈছে: 2 July 2012.
- ↑ "Frauen-Ohne-Grenzen.org - Women-Without-Borders - SAVE - People". http://www.women-without-borders.org/save/people/। আহৰণ কৰা হৈছে: 31 May 2015.