সমললৈ যাওক

হানাহ মাৰে’

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হানাহ মাৰে’

২০১৫ চনত চান ডিয়েগো কমিক-কনত গেম অৱ থ্ৰোনচৰ প্ৰচাৰত মাৰে’।
জন্ম টেগান লৰেন-হানাহ মাৰে’[1]
১ জুলাই, ১৯৮৯ (৩৬ বছৰ)
ব্ৰিষ্টল, ইংলেণ্ড
শিক্ষানুষ্ঠান কুুইনছ কলেজ, কেম্ব্ৰিজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান

টেগান লৰেন-হানাহ মাৰে’ (জন্ম: ১ জুলাই ১৯৮৯) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ স্কিনছ (২০০৭–২০০৮, ২০১৩) ধাৰাবাহিকত কেলী আৰু এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অৱ থ্ৰোনচত (২০১২–২০১৯) গীলি চৰিত্ৰত অভিনয় কৰিছিল। গেম অৱ থ্ৰোনচৰ বাবে তেওঁ সহ-অভিনেতাসকলৰ সৈতে তিনিটাকৈ স্ক্ৰীন এক্টৰ্ছ গিল্ড বঁটাৰ মনোনয়ন লাভ কৰিছে। তেওঁৰ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ২০১৪ চনৰ সংগীতধৰ্মী ৰোমাণ্টিক ছবি গড হেল্প দ্য গাৰ্ল (যাৰ বাবে তেওঁ চানডেন্স ফিল্ম ফেষ্টিভেলত স্পেচিয়েল জুৰী বঁটা লাভ কৰিছিল) আৰু ২০১৫ চনৰ ড্ৰামা ফিল্ম ব্ৰিজএণ্ড, যাৰ বাবে তেওঁ ট্ৰাইবেঁকা ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল।

পৰ্দাত অভিনয় কৰাৰ সমান্তৰালভাৱে তেওঁ মঞ্চতো অভিনয় কৰিছে। ইয়াৰ ভিতৰত ৱেষ্ট এণ্ড থিয়েটাৰত পলী ষ্টেনহামৰ নাটক দ্যাট ফেচ (২০০৮) আৰু অফ ৱেষ্ট এণ্ড নাটক মাৰ্টিন (২০১৪) অন্যতম।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মাৰে’ৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১ জুলাইত ব্ৰিষ্টলত। তেওঁৰ পিতৃ-মাতৃ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত কৰ্মৰত আছিল; তেওঁৰ পিতৃ এজন অধ্যাপক আৰু মাতৃ এগৰাকী গৱেষণা প্ৰযুক্তিবিদ।[2] তেওঁ কুইনছ কলেজ, কেম্ব্ৰিজৰপৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[3][4] তেওঁ নৰ্থ ব্ৰিষ্টল পষ্ট ১৬ চেণ্টাৰত অধ্যয়ন কৰিছিল[5] আৰু ব্ৰিষ্টল অ’ল্ড ভিক ইয়ং কোম্পানীৰ এগৰাকী সদস্য আছিল।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৬ বছৰ বয়সত মাৰে’ই ব্ৰিষ্টলত যুৱ অভিনেতা-অভিনেত্ৰীৰ বাবে অনুষ্ঠিত এটা অডিচনৰ কথা গম পায় আৰু অভিজ্ঞতাৰ বাবে অডিচন দিয়াৰ সিদ্ধান্ত লয়। এই অডিচন আছিল E4-ৰ কিশোৰ-কিশোৰীৰ ধাৰাবাহিক স্কিনছৰ বাবে। তেওঁ ধাৰাবাহিকখনৰ প্ৰযোজকসকলক মোহিত কৰিবলৈ সক্ষম হয় আৰু কেলী এইনছৱৰ্থ নামৰ এগৰাকী সৃষ্টিশীল অথচ খাদ্যাভাসৰ বিকাৰত ভোগা কিশোৰীৰ চৰিত্ৰত নিৰ্বাচিত হয়। মাৰে’ আৰু এপ্ৰিল পিয়েৰচন আছিল এই ধাৰাবাহিকখনৰ বাবে নিৰ্বাচিত হোৱা প্ৰথম দুজন শিল্পী।[7] মাৰে’ই ২০০৭ চনৰপৰা ২০০৮ চনলৈ ধাৰাবাহিকখনৰ প্ৰথম দুটা ছিজনত অভিনয় কৰিছিল। নতুন চৰিত্ৰৰ বাবে বাট মুকলি কৰি তেওঁ দ্বিতীয় ছিজনৰ শেষত ধাৰাবাহিকখন ত্যাগ কৰে।

স্কিনছৰ পিছত ২০০৮ চনৰ মে' মাহত মাৰে’ই ড্যুক অৱ ইয়ৰ্ক থিয়েটাৰত ৱেষ্ট এণ্ড প্ৰডাকচনৰ নাটক দ্যাট ফেচৰ মিঞা চৰিত্ৰৰ জৰিয়তে মঞ্চত আত্মপ্ৰকাশ কৰে। এই নাটকখনত তেওঁৰ অভিনয় উচ্চ প্ৰশংসিত হয় আৰু ইয়াক তেওঁৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।[8] একে বছৰতে তেওঁ ইন ব্ৰুজেছ নামৰ ব্ল্যাক কমেডীখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল যদিও ছবিখনৰপৰা তেওঁৰ দৃশ্যটো কাটি পেলোৱা হৈছিল।[9]

গেম অৱ থ্ৰোনচৰ প্ৰচাৰৰ বাবে চান ডিয়েগো কমিক-কনত মাৰে’ (সোঁফালে) আৰু জন ব্ৰেডলি ( বাঁওফালে)

২০০৯ চনত মাৰে’ই আগাথা ক্ৰিষ্টিৰ উপন্যাসৰ আধাৰত নিৰ্মিত আইটিভি-ৰ ধাৰাবাহিক হোৱাই ডিডণ্ট দে আস্ক ইভান্স?-ত ডৰোথী চেভেজৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ২০১০ চনৰ থ্ৰিলাৰ ছবি ৱম্ব-তো অভিনয় কৰিছিল। সেই বছৰৰে পিছৰফালে তেওঁ এণ্ডা ৱালছৰ চেটৰুমৰ চলচ্চিত্ৰ ৰূপান্তৰত অভিনয় কৰে, যাৰ প্ৰিমিয়াৰ ২০১০ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত হৈছিল।

২০১১ চনৰ ৮ আগষ্টত এইচবিঅ’-ই নিশ্চিত কৰে যে মাৰে’ই গেম অৱ থ্ৰোনচৰ দ্বিতীয় আৰু তৃতীয় ছিজনত গীলি চৰিত্ৰত অভিনয় কৰিব। চতুৰ্থ ছিজনৰপৰা তেওঁক ধাৰাবাহিকখনৰ এগৰাকী নিয়মীয়া শিল্পী হিচাপে উন্নীত কৰা হয়। তেওঁৰ চৰিত্ৰটো আছিল এগৰাকী যুৱতী যি নিজৰ দেউতাকৰদ্বাৰা ধৰ্ষিত হৈ এটি সন্তানৰ মাতৃ হয় আৰু চৰিত্ৰ ছেমৱেল টাৰ্লিৰ সুৰক্ষাত থাকে।[10]

২০১৩ চনত মাৰে’ই স্কিনছৰ সপ্তম তথা অন্তিম ছিজনত পুনৰ কেলী এইনছৱৰ্থ হিচাপে দেখা দিয়ে। এইবাৰ তেওঁক এগৰাকী গম্ভীৰ আৰু স্বতন্ত্ৰ প্ৰাপ্তবয়স্ক হিচাপে চিত্ৰিত কৰা হৈছিল।[11] একে বছৰতে তেওঁ বেলে এণ্ড চেবাষ্টিয়ানৰ "ইউৰ কভাৰ্ছ ব্লন" সংগীত ভিডিঅ’টোতো অভিনয় কৰে।

২০১৪ চনত মাৰে’ই গ্লাছগোৰ তিনিজন সংগীতজ্ঞৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি গড হেল্প দ্য গাৰ্ল-ত অভিনয় কৰে। এই ছবিখনৰ বাবে তেওঁ চানডেন্স চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ বঁটা লাভ কৰে। সেই বছৰতে তেওঁ মঞ্চ নাটক মাৰ্টিন-ৰ শীৰ্ষক চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ মহিলা অভিনেতাৰ অফ ৱেষ্ট এণ্ড বঁটাৰ মনোনয়ন লাভ কৰে।[12]

২০১৫ চনত মাৰে’ই আমেৰিকান ছবি লিলি এণ্ড কেট আৰু ডেনিছ ছবি ব্ৰিজএণ্ডত অভিনয় কৰে। ব্ৰিজএণ্ড ছবিৰ বাবে তেওঁ ট্ৰাইবেঁকা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।

২০১৭ চনত মাৰে’ই কেথৰিন বিগেলোৰ নাট্যধৰ্মী ছবি ডিট্ৰইটত অভিনয় কৰে, যি ১৯৬৭ চনৰ ডিট্ৰইট দাঙ্গাৰ এটা সত্য ঘটনাৰ ওপৰত আধাৰিত আছিল।[13]

২০১৮ চনত তেওঁ মেৰী হেৰনৰ ছবি চাৰ্লি চেইজত আমেৰিকাৰ দোষী সাব্যস্ত হত্যাকাৰী আৰু প্ৰাক্তন মেনচন ফেমিলিৰ সদস্য লেছলী ভান হাউটেনৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনৰ প্ৰিমিয়াৰ ৭৫সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০২৪ চনত মাৰে’ৰ আত্মজীৱনীৰ আগতীয়া প্ৰচাৰৰ অংশ হিচাপে প্ৰকাশ পাইছিল যে এখন "ৱেলনেছ কাল্ট"ৰ সৈতে জড়িত হোৱাৰ পিছত ২০১৭ চনত তেওঁক মানসিক স্বাস্থ্যকেন্দ্ৰত আবদ্ধ কৰি ৰখা হৈছিল।[14][15]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Mandagsmuse: Hannah Murray" (da ভাষাত). ELLE. 20 July 2015. https://www.elle.dk/mode/stilikoner/mandagsmuse-hannah-murray আহৰণ কৰা হৈছে: 15 February 2019.
  2. "California Girl: Game of Thrones Star Hannah Murray on Moving to LA and Working With the Greatest Female Directors". Phoenix UK. https://www.phoenixmag.co.uk/article/california-dreaming-hannah-murray-on-relocating-to-la-and-working-with-the-greatest-female-directors/ আহৰণ কৰা হৈছে: 4 July 2020.
  3. Sauma, Luiza (10 February 2008). "Hannah Murray". The Independent (FindArticles). http://findarticles.com/p/articles/mi_qn4159/is_20080210/ai_n21304189.
  4. "BATS". https://www.queens.cam.ac.uk/life-at-queens/music-arts-drama/bats.
  5. "Hannah Murray". TV.com. Archived from the original on 14 April 2010. https://web.archive.org/web/20100414002437/http://www.tv.com/hannah-murray/person/543805/summary.html আহৰণ কৰা হৈছে: 14 October 2009.
  6. "Star Hannah was sectioned after joining ‘wellness cult’". pressreader. https://www.pressreader.com/uk/bristol-post/20241025/281513641637356 আহৰণ কৰা হৈছে: 12 November 2024.
  7. Goodhart, Benjie (14 January 2007). "April Pearson". The National Student Magazine. http://www.national-student.co.uk আহৰণ কৰা হৈছে: 5 March 2011.[সংযোগবিহীন উৎস]
  8. Rynn, Melissa; Jackson, Kate (12 May 2008). "Review Round-up: Stenham Saves West End Face". Whatsonstage.com. http://www.whatsonstage.com আহৰণ কৰা হৈছে: 8 August 2011.
  9. Weiss, Keely (25 July 2009). "'Skins' veteran Hannah Murray". Goodprattle.com. http://www.goodprattle.com আহৰণ কৰা হৈছে: 18 February 2012.
  10. Elio (8 August 2011). "Updated: Gilly Cast (Confirmed)". Westeros.org. http://www.westeros.org আহৰণ কৰা হৈছে: 8 August 2011.
  11. Hannah Murray, Jack O'Connell and Kaya Scodelario return to Skins – Channel 4 – Info – Press. Channel 4 (16 October 2012).
  12. "Martine - 2014 - Finborough Theatre". https://www.finboroughtheatre.co.uk.
  13. Hinds, Julie (June 22, 2016). "Detroit 1967 riot movie will film here—at least partly" (en ভাষাত). Detroit Free Press. https://www.freep.com.
  14. England, Adam (21 October 2024). "‘Skins’ star Hannah Murray was reportedly sectioned after joining wellness cult". NME. https://www.nme.com আহৰণ কৰা হৈছে: 23 October 2024.
  15. Muir, Ellie (18 October 2024). "Game of Thrones star Hannah Murray reveals she was lured into wellness cult". The Independent. https://www.independent.co.uk আহৰণ কৰা হৈছে: 23 October 2024.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]