সমললৈ যাওক

হানা মাখমালবাফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হানা মাখমালবাফ

২০০৯ চনত ভেচুল আন্তঃৰাষ্ট্ৰীয় এছিয়ান চিনেমা চলচ্চিত্ৰ মহোৎসৱত চাইক্ল’ ডি অ’ৰ বঁটা গ্ৰহণ কৰাৰ মুহূৰ্তত হানা মাখমালবাফ
স্থানীয় নাম حنا مخملباف
জন্ম ৩ ছেপ্টেম্বৰ ১৯৮৮
তেহৰাণ
পেচা চলচ্চিত্ৰ নিৰ্মাতা
দাম্পত্যসঙ্গী হানী ৱাশিয়ান
পিতৃ-মাতৃ মহচেন মাখমালবাফ (পিতৃ)
মাৰ্জিয়েহ মেশ্কিনী (মাতৃ)
সন্তান নিকান ৱাশিয়ান
আত্মীয়-স্বজন ছমীৰা মাখমালবাফ (ভগ্নী)
মেয়ছাম মাখমালবাফ (ভাতৃ)

হানা মাখমালবাফ (ফাৰ্চী: حنا مخملباف; জন্ম ৩ ছেপ্টেম্বৰ ১৯৮৮) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ চলচ্চিত্ৰ নিৰ্মাতা ছমীৰা মাখমালবাফৰ কনিষ্ঠ ভগ্নী আৰু চলচ্চিত্ৰ নিৰ্মাতা মহচেন মাখমালবাফ আৰু ফাতেমেহ মেশ্কিনীৰ কন্যা। তেওঁ মূলতঃ জয় অৱ মেডনেছ (২০০৩), বুদ্ধ কলাপ্সড আউট অৱ শ্বেম (২০০৭) আৰু গ্ৰীন ডেইজ (২০০৯) নামৰ চলচ্চিত্ৰসমূহৰ বাবে পৰিচিত। মাখমালবাফে ২০০৩ চনত ৱেনিছ চলচ্চিত্ৰ মহোৎসৱত জয় অৱ মেডনেছ (২০০৩) চলচ্চিত্ৰৰ বাবে লীনা মাংগিয়াকাপ্ৰে বঁটা লাভ কৰিছিল, যিখন ছবিয়ে টকিঅ’ ফিল্মেক্সত বিশেষ জুৰী বঁটাও আজৰি কৰিছিল। মাখমালবাফৰ বুদ্ধ কলাপ্সড আউট অৱ শ্বেম চলচ্চিত্ৰখনেও বিভিন্ন বঁটা লাভ কৰিছে, যাৰ ভিতৰত ৰোম চলচ্চিত্ৰ মহোৎসৱত পাওলো উংগাৰী ইউনেস্কো বঁটা আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শান্তি চলচ্চিত্ৰ বঁটা অন্যতম।[1]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

মাখমালবাফৰ চলচ্চিত্ৰ জগতৰ সৈতে সম্পৰ্ক অতি কম বয়সৰপৰাই আৰম্ভ হৈছিল। তিনি বছৰ বয়সতে তেওঁ কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত আছিল। আঠ বছৰ বয়সত তেওঁৰ কামে প্ৰথমবাৰৰ বাবে চৰ্চা লাভ কৰে, যেতিয়া লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ প্ৰথমটো চুটি ছবি দ্য ডে মাই আণ্ট ৱাজ ইল প্ৰদৰ্শিত হৈছিল।[2]

মাখমালবাফে প্ৰথমতে এগৰাকী চিত্ৰশিল্পী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু এই কলাক্ষেত্ৰত থকা অকলশৰীয়া ভাবটোক তেওঁ পছন্দ কৰা নাছিল। ইয়াৰ পিছত তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি আকৰ্ষিত হয় আৰু তেওঁ চলচ্চিত্ৰৰ ছেটৰ অভিজ্ঞতাক অতি আকৰ্ষণীয় বুলি অনুভৱ কৰে। এক সাক্ষাৎকাৰত মাখমালবাফে বুজাই দিছিল যে "লাইট, কেমেৰা, একচন" শব্দকেইটা শুনাটো আছিল অতি উত্তেজনাপূৰ্ণ আৰু ইয়াৰ এক "অদ্ভুত শক্তি" আছিল।[3]

আঠ বছৰ বয়সতে মাখমালবাফে সিদ্ধান্ত লৈছিল যে তেওঁ গতানুগতিক স্কুলীয়া শিক্ষা চলাই যাব নিবিচাৰে। ইয়াৰ পিছত তেওঁ নিজৰ গৃহ চহৰ তেহৰাণত অৱস্থিত তেওঁৰ পিতৃৰ চলচ্চিত্ৰ একাডেমী আৰু ষ্টুডিঅ’ মাখমালবাফ ফিল্ম হাউচলৈ নিজৰ শিক্ষা স্থানান্তৰ কৰে। মাখমালবাফ ফিল্ম হাউচত শিক্ষাৰ্থীসকলে চিত্ৰকলা, ফটোগ্ৰাফী আৰু চিনেমাৰ দৰে বিভিন্ন কলাৰ বিষয়ে জ্ঞান লাভ কৰিছিল। ফিল্ম একাডেমীত অধ্যয়ন কৰাৰ উপৰি মাখমালবাফে সমনীয়াসকলে পঢ়ি থকা বিষয়সমূহৰ সৈতেও নিজক মিলাই চলিবলগীয়া হৈছিল। ইয়াৰ মাজতে মাখমালবাফে নিজৰ পূৰ্বৰ স্কুলখন মিছ কৰিবলৈ ধৰে আৰু কেইসপ্তাহমানৰ বাবে তালৈ ঘূৰি যায়। কিন্তু আনুষ্ঠানিক শিক্ষা-ব্যৱস্থাৰ পুনৰ অভিজ্ঞতা লাভ কৰাৰ পাছত তেওঁ অতি সোনকালেই অনুভৱ কৰিলে যে তেওঁ স্কুলতকৈ মাখমালবাফ ফিল্ম হাউচতে থকাটো বেছি পছন্দ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]