সমললৈ যাওক

হানিফা মালিকোভা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হানিফা মালিকোভা

হানিফা মালিকোভা আৰু তেওঁৰ স্বামী হাসান বেই জাৰদাবি
জন্ম ০৫ মে', ১৮৫৬
নালচিক, ৰুছ সাম্ৰাজ্য
মৃত্যু ০২ মে', ১৯২৯ (৭২ বছৰ)
বাকু, আজাৰবাইজান ছোভিয়েট সমাজবাদী প্ৰজাতন্ত্ৰ, ছোভিয়েট সংঘ
পেচা শিক্ষাবিদ
দাম্পত্যসঙ্গী হাসান বেই জাৰদাবি


হানিফা মালিকোভা (Hənifə Məlikova, ৫ মে’ ১৮৫৬ – ২ মে’ ১৯২৯) ককেচাছ অঞ্চলত ধৰ্মনিৰপেক্ষ শিক্ষা লাভ কৰা প্ৰথম মুছলমান নাৰীসকলৰ ভিতৰত এগৰাকী আছিল।[1][2] পিছলৈ তেওঁ আজাৰবাইজানী সাংবাদিক আৰু বৌদ্ধিক চিন্তাবিদ হাসান বেই জাৰদাবিক বিবাহ কৰে আৰু ১৮৭৫ চনৰ পৰা ১৮৭৭ চনলৈ তেওঁৰ সৈতে একেলগে আজাৰবাইজানী ভাষাৰ প্ৰথম বাতৰি কাকত আকিঞ্চি প্ৰকাশত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

হানিফা মালিকোভা আজাৰবাইজানৰ প্ৰথম মহিলা শিক্ষাবিদসকলৰ ভিতৰত এগৰাকী আছিল।[3] তেওঁ বাকুৰ ৰুছ-মুছলমান ছোৱালীৰ বিদ্যালয়ত শিক্ষকতা কৰিছিল আৰু পিছলৈ Empress Alexandra Russian Muslim Boarding School for Girls-ৰ প্ৰথম অধ্যক্ষা হয়।

হানিফা আবায়েভাৰ জন্ম ১৮৫৬ চনৰ ৫ মে’ত উত্তৰ ককেচাছৰ নালচিক চহৰত হৈছিল।[4] তেওঁ বালকাৰ জনগোষ্ঠীৰ আছিল[1] আৰু তেওঁ আছিল সাম্ৰাজ্যবাদী সেনাৰ বিষয়া আসলানবেগ আবায়েভাৰ কন্যা।[উদ্ধৃতিৰ প্ৰয়োজন]

১৮৬২ চনৰ পৰা ১৮৭২ চনলৈ তেওঁ ছেন্ট নিনা বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে।[2] সেই সময়ত খ্ৰীষ্টান শাসিত দেশত মুছলমান ছোৱালীয়ে শিক্ষা লাভ কৰাটো অতি দুৰ্লভ ঘটনা আছিল।[5]

১৮৭২ চনত “কাফকাজ” বাতৰি কাকতে ছেন্ট নিনা বিদ্যালয়ৰ স্নাতক ছাত্ৰীসকলৰ তালিকা প্ৰকাশ কৰে আৰু তাত হানিফা আবায়েভাৰ নামো অন্তৰ্ভুক্ত আছিল। এই তালিকাত এজনী মুছলমান মহিলাৰ নাম দেখি আজাৰবাইজানী সাংবাদিক আৰু বৌদ্ধিক ব্যক্তি হাসান বেই জাৰদাবি তেওঁক সাক্ষাৎ কৰিবলৈ তিবিলিছিলৈ যায়। প্ৰথম সাক্ষাতে হানিফাই তেওঁক গভীৰ প্ৰভাৱিত কৰে। পিছলৈ তেওঁলোকে তিবিলিছিত বিবাহ সম্পন্ন কৰি বাকুলৈ স্থানান্তৰিত হয়।[4][6]

বাকুত থাকোতে হানিফা মালিকোভাই নিজৰ ঘৰত এখন বিদ্যালয় স্থাপন কৰি ছোৱালীবিলাকক পঢ়াবলৈ আৰম্ভ কৰে। ১৮৭৩ চনত এই বিদ্যালয়ত ১২জনী ছাত্ৰী অধ্যয়ন কৰিছিল।[2] তেওঁ ১৮৭৫ চনৰ পৰা ১৮৭৭ চনলৈ স্বামীৰ সৈতে একেলগে আকিঞ্চি বাতৰি কাকতৰ প্ৰকাশত অংশগ্ৰহণ কৰে।

১৮৭৭ চনত আকিঞ্চি বাতৰি কাকত নিষিদ্ধ কৰা হয় আৰু একে বছৰতে হানিফা মালিকোভাৰ বিদ্যালয়ো বন্ধ কৰি দিয়া হয়। তাৰ পাছত দম্পতীৰ ওপৰত নিপীড়ন আৰম্ভ হোৱাত তেওঁলোকে হাসান বেইৰ জন্মস্থান জাৰদাবলৈ গমন কৰে।[2]

জাৰদাবত থাকোতে হানিফাই মহিলাসকলক চিলাই-কাঁটা, বুননি আৰু সাক্ষৰতাৰ শিক্ষা দিয়ে। তেওঁ শিশুসকলৰ যত্ন লয়, বিভিন্ন গাঁৱত নাৰী পৰামৰ্শ কেন্দ্ৰ স্থাপন কৰে আৰু জাৰদাব অঞ্চলত ১৩২জন লোকক আজীৱন অন্ধত্বৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।[6]

১৮৮১ চনত হানিফা মালিকোভা আৰু হাসান বেই জাৰদাবিয়ে জাৰদাবত নিজৰ ঘৰত এখন বিনামূলীয়া বিদ্যালয় স্থাপন কৰে। এই সময়ছোৱাত তেওঁলোক স্থানীয় ধৰ্মীয় কৰ্তৃপক্ষ আৰু আৰ্মেনীয় ব্যৱসায়ীসকলৰ দ্বাৰা নিৰন্তৰ হাৰাশাস্তিৰ সন্মুখীন হয়। ১৬ বছৰ ধৰি তেওঁলোক আৰক্ষীৰ নজৰত আছিল।[4]

ছোৱালীৰ বাবে প্ৰথম ৰুছ-মুছলমান বিদ্যালয়ৰ ছাত্ৰীসকলৰ সৈতে অধ্যক্ষা হানিফা মালিকোভা

১৮৯৬ চনত তেওঁলোক পুনৰ বাকুলৈ উভতি আহে। হানিফাৰ প্ৰথম ছাত্ৰীসকলেই পিছলৈ শিক্ষক হয়। ১৯১৪ চনলৈ তেওঁ আৰু তেওঁৰ ছাত্ৰীসকলে আজাৰবাইজানত ২০০০ৰো অধিক ছোৱালীক শিক্ষা দিছিল।[1] বিভিন্ন উৎস অনুসাৰে তেওঁ বাকুৰ ৰুছ-মুছলমান ছোৱালীৰ বিদ্যালয়ত কাম কৰিছিল আৰু Empress Alexandra Russian Muslim Boarding School for Girlsৰ প্ৰথম অধ্যক্ষা হৈছিল।[4][1]

১৯০৬ চনত তেওঁ ৰুছ-মুছলমান শিক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে আৰু সেই সন্মিলনত দিয়া তেওঁৰ ভাষণ আজিও সংৰক্ষিত আছে।[1]

শিক্ষাৰ লগতে তেওঁ সামাজিক কামতো সক্ৰিয় আছিল। তেওঁ বিভিন্ন দাতব্য সংগঠনৰ নেতৃত্ব দিয়ে আৰু আজাৰবাইজানত বুৰ্কা আঁতৰোৱাৰ আন্দোলনত অংশগ্ৰহণ কৰে।[2] ১৯০৮ চনত তেওঁ “নিজাত” সমাজৰ অধীনত বাকুত প্ৰথম নাৰী দাতব্য সংগঠন স্থাপন কৰে। এই সংগঠনৰ সভানেত্ৰী আছিল মুৰ্তুজা মুখতাৰভৰ পত্নী লিজা টুগানোভা।[5]

১৯২০ চনৰ পৰা ১৯২৬ চনলৈ তেওঁ আজাৰবাইজান SSRৰ জনশিক্ষা কমিচাৰিয়েটত কৰ্মৰত আছিল।[7]

হানিফা মালিকোভাৰ মৃত্যু ১৯২৯ চনৰ ২ মে’ত হয়।[1][2] প্ৰথমে তেওঁক নগৰ সমাধিক্ষেত্ৰত সমাধিস্থ কৰা হৈছিল, পাছলৈ তেওঁৰ দেহ স্বামীৰ সমাধিৰ কাষলৈ সন্মান পথলৈ স্থানান্তৰ কৰা হয়।[4][5]

পৰিয়াল

[সম্পাদনা কৰক]

হানিফা মালিকোভা আৰু হাসান বেই জাৰদাবিৰ দুজন পুত্ৰ আৰু দুজনী কন্যা আছিল। জ্যেষ্ঠ কন্যা পাৰি মালিকোভা আজাৰবাইজান গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ প্ৰথম সংসদীয় অধ্যক্ষ আলিমাৰদান বেই তপচুবাশভৰ পত্নী হৈছিল। আন কন্যা গাৰিবছুলতান মালিকোভাৰ সমাধি পাছলৈ আৱিষ্কাৰ কৰা হয়।[7][8]

জ্যেষ্ঠ পুত্ৰ মিধাত মালিকোভাই জাৰ্মানীত অভিযান্ত্ৰিক শিক্ষা লাভ কৰিছিল আৰু ১৯৩৭ চনত তেওঁক গুলী কৰি হত্যা কৰা হয়। দ্বিতীয় পুত্ৰ ছাফভেত মালিকজাদে প্ৰথমে নিখোঁজ বুলি ধৰা হৈছিল যদিও পাছলৈ তেওঁ আংকাৰাত বাস কৰা বুলি জানিব পৰা যায়।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 "Ханифа-ханум | Электронная газета "Кабардино-Балкария"". elgkbr.ru. https://elgkbr.ru/node/14678। আহৰণ কৰা হৈছে: 2024-02-12. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "Абаева Ханифа Асланбековна - просветительница" (ru ভাষাত). ourbaku.com. https://ourbaku.com/index.php/Абаева_Ханифа_Асланбековна_-_просветительница। আহৰণ কৰা হৈছে: 2024-02-12. 
  3. "Visions of Azerbaijan Magazine ::: Thirty Firsts" (en ভাষাত). Visions of Azerbaijan Magazine. http://visions.az/en/news/767/0af728f7/। আহৰণ কৰা হৈছে: 2024-02-12. 
  4. 4.0 4.1 4.2 4.3 4.4 "Hənifə Məlikova-Zərdabi - Azərbaycanın ilk maarifçi qadınlarından biri" (az ভাষাত). eres.preslib.az. https://eres.preslib.az/site/historical/page/az/yfiaqzd। আহৰণ কৰা হৈছে: 2024-02-12. 
  5. 5.0 5.1 5.2 "Görkəmli maarifçi və vətənpərvər Hənifə xanım" (az ভাষাত). Azadlıq: পৃষ্ঠা 14. 2012-10-03. 
  6. 6.0 6.1 Tahirqızı, Ülviyyə (2014-11-18). "Azərbaycan tarixində ilk maarifçi qadınlardan biri" (az ভাষাত). Xalq Cəbhəsi: পৃষ্ঠা 14. https://www.anl.az/down/meqale/xalqcebhesi/2014/noyabr/403024.htm. 
  7. 7.0 7.1 Fərəcov, Savalan (2012-07-27). "Müqəddəs əməllərin böyüklüyü: Hənifə xanım Abayeva" (az ভাষাত). Mədəniyyət: পৃষ্ঠা 14. https://www.anl.az/down/meqale/medeniyyet/2012/iyul/M348.htm. 
  8. 8.0 8.1 Eldarqızı, Nəzrin (2023-05-06). "Böyük ədibin xeyriyyəçi xanımı" (az ভাষাত).