হানে এলবাৰ্ট
হানে এলবাৰ্ট এগৰাকী ডেনিছ ফিজিঅ’থেৰাপিষ্ট আৰু তেওঁ চিকিৎসা বিজ্ঞানত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰোঁতা । [1] তেওঁৰ মূল গৱেষণামূলক আগ্ৰহ কঁকালৰ তলৰ অংশৰ বিষ আৰু পেলভিক গাৰ্ডলৰ বিষ। [2]এলবাৰ্টৰ অধ্যয়নত দেখা গৈছে যে হাড়ৰ ডিমা (মডিক পৰিৱৰ্তন) বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হ'ব পাৰে আৰু এন্টিবায়টিকৰ দ্বাৰা চিকিৎসা কৰিব পাৰে। [3][4]
কেৰিয়াৰ আৰু শিক্ষা
[সম্পাদনা কৰক]কোপেনহেগেনৰ মেট্ৰ’পলিটান ইউনিভাৰ্চিটি কলেজে এলবাৰ্টক ফিজিঅ’থেৰাপিষ্ট হিচাপে স্বীকৃতি আৰু অনুমোদন জনাইছিল। ২০০০ চনত ছুইডেনৰ গোটেনবাৰ্গৰ নৰ্ডিক কলেজ ফৰ পাব্লিক হেল্থৰ পৰা জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ স্নাতকোত্তৰ থিছিছৰ বিষয়বস্তু আছিল ক্ৰনিক পেলভিক পেইন থকা মহিলাৰ গ্ৰুপ ট্ৰিটমেণ্ট।
ছাইটিকা ৰোগীৰ অস্ত্ৰোপচাৰবিহীন চিকিৎসাৰ ওপৰত তেওঁৰ থিছিছৰ ওপৰত ভিত্তি কৰি -এটা ৰেণ্ডম ক্লিনিকেল নিয়ন্ত্ৰিত পৰীক্ষাত [5], তেওঁ দক্ষিণ ডেনমাৰ্ক বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান অনুষদৰ পৰা ২০০৪ চনত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।
এলবাৰ্টে ২০১৪ চনত অডেনচ ইউনিভাৰ্চিটি হাস্পতালত ফিজিঅ’থেৰাপিষ্ট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। য'ত পিছলৈ তেওঁ ক্লিনিকেল প্ৰবক্তা হিচাপে কাম কৰে। ২০০০ চনত ডেনমাৰ্কৰ ৰিংগৰ দ্য বেক চেণ্টাৰৰ গৱেষণা বিভাগত গৱেষক হিচাপে নিযুক্তি লাভ কৰে। [6]২০১০ চনৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁ দক্ষিণ ডেনমাৰ্ক বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিজ্ঞান অনুষদৰ সহযোগী অধ্যাপিকাৰ উপাধি লাভ কৰিছিল। ২০১৩ চনত ডেনমাৰ্কৰ অডেন্সৰ মডিকলিনিকেনত চিকিৎসা সঞ্চালিকা হয়। [7]
গৱেষণা আৰু প্ৰকাশন এলবাৰ্টে কঁকালৰ বিষৰ ক্ষেত্ৰখন অন্বেষণ কৰা কেইবাটাও দলৰ নেতৃত্ব দিছে বা অংশ হৈ আহিছে। [8][9][10][11][12][13]
গৱেষণাৰ কেৰিয়াৰ আৰম্ভ হৈছিল অডেন্স ইউনিভাৰ্চিটি হাস্পতালৰ স্ত্ৰীৰোগ ৱাৰ্ডত স্ত্ৰীৰোগ আৰু প্ৰসূতি চিকিৎসাৰ ক্ষেত্ৰত, য’ত তেওঁ দীৰ্ঘদিনীয়া শ্ৰোণী বিষ অনুভৱ কৰা মহিলাসকলৰ সৈতে কাম কৰিছিল। তেওঁ আন এজন ফিজিঅ’থেৰাপিষ্ট ট’ভে ব’ৰ সৈতে অংশীদাৰিত্ব কৰি দীৰ্ঘদিনীয়া শ্ৰোণী বিষ থকা মহিলাসকলৰ বাবে মনোদৈহিক পদ্ধতি ব্যৱহাৰ কৰি এক নতুন চিকিৎসা প্ৰস্তুত কৰিছিল। তেওঁলোকে গুণগত ক্ৰিয়া গৱেষণা পদ্ধতিৰ সৈতে উন্নতিৰ পৰিমাণগত জোখ-মাখৰ সংমিশ্ৰণ ঘটাইছিল। ফলাফলত দেখা গৈছে যে ৰোগীসকলৰ যথেষ্ট উন্নতি হৈছে। এই গৱেষণা তেওঁৰ স্নাতকোত্তৰ থিছিছত আৰু বৈজ্ঞানিক গৱেষণা পত্ৰ হিচাপে প্ৰকাশ পাইছিল।[14]
আন এগৰাকী ফিজিঅ’থেৰাপিষ্ট মনা গডস্কেচেনৰ সৈতে কাম কৰি এলবাৰ্টে পেলভিক গাৰ্ডলৰ বিষৰ বিভিন্ন গোটক বিভিন্ন চিকিৎসাৰ প্ৰয়োজন হোৱা উপগোটত ভাগ কৰিবলৈ চেষ্টা কৰিছিল। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ এই অধ্যয়নত ২২৬৯ গৰাকী গৰ্ভৱতী মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল, যিসকলৰ সকলোৰে গৰ্ভাৱস্থাৰ বিংশ সপ্তাহত পৰীক্ষা কৰা হৈছিল। শ্ৰোণী বিষত ভুগি থকা মহিলাসকলক প্ৰসৱৰ ১, ৩, ৬, ১২ আৰু ২৪ মাহৰ পিছত বা শ্ৰোণী বিষ কমি যোৱালৈকে অনুসৰণ কৰা হৈছিল। অধ্যয়নটোত দেখা গৈছে যে পেলভিক গাৰ্ডলৰ বিষৰ চাৰিটা ভিন্ন উপগোট থকাৰ সম্ভাৱনা বেছি। তদুপৰি বিভিন্ন গোটৰ প্ৰাদুৰ্ভাৱ বেলেগ বেলেগ, আৰু ক্লিনিকেল বৈশিষ্ট্য, বিষৰ ধৰণ আৰু পূৰ্বাভাস বেলেগ বেলেগ। অধ্যয়নটোত ইয়াৰ উপৰিও ৫% গৰ্ভৱতী মহিলা পেলভিক গাৰ্ডল চিণ্ড্ৰমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপগোটত পৰে। দুৰ্ভাগ্যজনকভাৱে এই মহিলাসকলৰ পূৰ্বাভাস বেয়া আৰু ইয়াৰে ২০% সন্তান প্ৰসৱৰ দুবছৰৰ পিছত বিষত ভুগিব।
এই গৱেষণাৰ ফলত পাঁচখন বৈজ্ঞানিক গৱেষণা পত্ৰ আৰু তিনিটা সাৰাংশ প্ৰস্তুত কৰা হয়। [15][16][17][18][19][20][21] এই বৈজ্ঞানিক কামৰ বাবে তেওঁক দুটা বঁটা আৰু ইউৰোপীয় গাইডলাইন গ্ৰুপত এখন আসন দিয়া হয়। [22]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ PT, Hanne B. Albert University of Southern Denmark; MPH.; Ph.D.. "Hanne B Albert - PT., MPH., Ph.D. - University of Southern Denmark, Odense - SDU". ResearchGate. https://www.researchgate.net/profile/Hanne_Albert। আহৰণ কৰা হৈছে: 11 October 2018.
- ↑ PT, Hanne B. Albert University of Southern Denmark; MPH.; Ph.D.. "Hanne B Albert - PT., MPH., Ph.D. - University of Southern Denmark, Odense - SDU". ResearchGate. https://www.researchgate.net/profile/Hanne_Albert। আহৰণ কৰা হৈছে: 11 October 2018.
- ↑ Albert, HB; Manniche, C; Sorensen, JS. Deleuran BW. (2008). "Antibiotic treatment in patients with low-back pain associated with Modic changes Type 1 (bone oedema): a pilot study". Br J Sports Med খণ্ড 2008 (42): 969–73. doi:10.1136/bjsm.2008.050369. PMID 18718972.
- ↑ Albert, HB; Sorensen, JS; Christensen, BS; Manniche, C (2013). "Antibiotic treatment in patients with chronic low back pain and vertebral bone edema (Modic Type 1 changes): a double-blind randomized clinical controlled trial of efficacy". Eur Spine J খণ্ড 22 (4): 697–707. doi:10.1007/s00586-013-2675-y. PMID 23404353.
- ↑ "Ikke-kirurgisk behandling af patienter med radiculære smerter til UE". Fysio.dk. Archived from the original on 30 August 2018. https://web.archive.org/web/20180830004931/https://www.fysio.dk/fafo/afhandlinger/phd/hanne-albert। আহৰণ কৰা হৈছে: 11 October 2018.
- ↑ "Archived copy". Archived from the original on 2017-02-06. https://web.archive.org/web/20170206054335/http://clausmanniche.dk/publications/Ryg_Center_Fyn_CD/index9a44.html। আহৰণ কৰা হৈছে: 2017-08-13.
- ↑ "behandlerne i klinikken". Modicklinikken.dk. http://modicklinikken.dk/om। আহৰণ কৰা হৈছে: 11 October 2018.
- ↑ Albert HB, Lambert P, Rollason J, Sorensen JS, Worthington T, Pedersen MB, Nørgaard HS, Vernallis A, Busch F, Manniche S, Elliott T. Is nuclear tissue infected with bacteria following disc herniations which leads to Modic changes in the adjacent vertebrae? Eur Spine J 2013;22:690-6.
- ↑ Rollason, J; McDowell, A; Albert, HB; Barnard, E; Worthington, T; Hilton, AC; Vernallis, A; Patrick, S et al. (2013). "Genotypic and antimicrobial characterisation of Propionibacterium acnes isolates from surgically excised lumbar disc herniations". Biomed Res. Int. খণ্ড 2013. doi:10.1155/2013/530382. PMID 24066290.
- ↑ "Rygsmerter, radiologi og endepladeforandringer ad modum Modic". Ugeskrift for Læger খণ্ড 168: 1668.
- ↑ Albert H, Pedersen H, Manniche C, Høilund-Carlsen PF. "PET imaging in patients with Modic changes. Nuklearmedizin. 2009;48(3):110-2. Epub 2009 Mar 23.
- ↑ Albert, HB; Briggs, AM; Kent, P; Byrhagen, A; Hansen, C; Kjaergaard, K (2011). "The prevalence of MRI-defined spinal pathoanatomies and their association with Modic changes in individuals seeking care for low back pain". Eur Spine J খণ্ড 20 (8): 1355–62. doi:10.1007/s00586-011-1794-6. PMID 21544595.
- ↑ Kent, P; Briggs, AM; Albert, HB; Byrhagen, A; Hansen, C; Kjaergaard, K; Jensen, TS (2011). "Inexperienced clinicians can extract pathoanatomic information from MRI narrative reports with high reproducibility for use in research/quality assurance". Chiropr Man Ther খণ্ড 19 (1): 16. doi:10.1186/2045-709x-19-16. PMID 21774836.
- ↑ Albert, H (1999). "Psychosomatic group treatment helps women with chronic pelvic pain". J Psychosom Obstet Gynecol খণ্ড 20 (4): 216–25. doi:10.3109/01674829909075598. PMID 10656156.
- ↑ Albert, H; Godskesen, M; Westergaard, JG; Chard, T; Gunn, L (1997). "Circulating levels of relaxin are normal in pregnant women with pelvic pain". Eur J Obstet Gynecol Reproductive Biology খণ্ড 74 (1): 19–22. doi:10.1016/s0301-2115(97)00076-6. PMID 9243195.
- ↑ Albert, H; Godskesen, M; Westergaard, JG (2000). "Evaluation of clinical tests used in classification procedures in pregnancy-related pelvic joint pain". Eur Spine J খণ্ড 9 (2): 161–6. doi:10.1007/s005860050228. PMID 10823434.
- ↑ Albert, HB; Godskesen, M; Westergaard, JG (2001). "Prognosis of four classification groups of pregnancy-related pelvic joint pain". Acta Obstet Gynecol Scand খণ্ড 80: 505–10. doi:10.1034/j.1600-0412.2001.080006505.x.
- ↑ Albert, HB; Godskesen, M; Westergaard, JG (2002). "Incidence of four syndromes of pregnancy-related pelvic joint pain". Spine খণ্ড 27 (24): 2831–4. doi:10.1097/00007632-200212150-00020. PMID 12486356.
- ↑ Albert, HB; Godskesen, M; Korsholm, L; Westergaard, JG (2006). "Risk Factors in developing Pregnancy-Related Pelvic Girdle Pain". Acta Obstetricia et Gynecologica Scandinavica খণ্ড 85 (5): 539–44. doi:10.1080/00016340600578415. PMID 16752231.
- ↑ Albert, HB (2002). "Behandling af bækken - og lænderygsmerter hos gravide og post partum kvinder". Muskuloskelatalt Forum খণ্ড 2: 16–21.
- ↑ Albert, HB (2012). "Bækkensmerter i graviditeten - forekomst, prognose, risikofaktorer og diagnostisering". Best Practice খণ্ড 6: 23–25.
- ↑ "European guidelines for the diagnosis and treatment of pelvic girdle pain | European Spine Journal" (en ভাষাত). europeanspinejournal.org. Archived from the original on 2023-03-24. https://web.archive.org/web/20230324064026/https://europeanspinejournal.org/article/101007s00586-008-0602-4। আহৰণ কৰা হৈছে: 2023-05-15.