সমললৈ যাওক

হান্টাৰ শ্বেফাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হান্টাৰ শ্বেফাৰ
হান্টাৰ শ্বেফাৰৰ মূৰৰ ফটো, এগৰাকী তৰুণী শ্বেতকায় মহিলা যাৰ চুলি গাঢ় সোণালী ৰঙৰ আৰু তেওঁ এটা ধূসৰ ৰঙৰ কান্ধত ওলমি থকা কাৰ্ডিগান পিন্ধিছে।
২০২৪ চনৰ বাৰ্লিনেলত শ্বেফাৰ
জন্ম ৩১ ডিচেম্বৰ, ১৯৯৮ (২৭ বছৰ)
ট্ৰেণ্টন, নিউ জাৰ্ছি, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান

হান্টাৰ শ্বেফাৰ (ইংৰাজী: Hunter Schafer; জন্ম: ৩১ ডিচেম্বৰ, ১৯৯৮) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু সক্ৰিয় কৰ্মী। নিউ জাৰ্ছিৰ ট্ৰেণ্টনত জন্মগ্ৰহণ কৰা আৰু উত্তৰ কেৰোলিনাৰ ৰেলীত ডাঙৰ-দীঘল হোৱা শ্বেফাৰে ২০১৬ চনত উত্তৰ কেৰোলিনাৰাজহুৱা সুবিধাৰ গোপনীয়তা আৰু সুৰক্ষা আইনৰ বিৰুদ্ধে এখন গোচৰত যোগদান কৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এইখন এখন তথাকথিত "বাথৰুম বিল" আছিল যিয়ে ৰূপান্তৰিত লিংগৰ ব্যক্তিসকলক তেওঁলোকৰ লিংগ পৰিচয় অনুসৰি ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰাত বাধা দিছিল। তেওঁৰ এই সক্ৰিয়তাৰ বাবে ২০১৭ চনত টিন ভ’গৰ "২১ অনুৰ্ধ ২১" তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।

শ্বেফাৰে জলৰঙৰ চিত্ৰকলা আৰু কাপোৰৰ ডিজাইনৰ বিষয়ে অধ্যয়ন কৰিছে; ২০১৭ চনত তেওঁ বিভিন্ন ব্ৰেণ্ডৰ বাবে ফেশ্বন মডেল হিচাপে কাম আৰম্ভ কৰে। শ্বেফাৰে প্ৰথমে কাপোৰৰ ডিজাইনৰ অধিক অধ্যয়নৰ বাবে এখন কলা মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু তাৰ পৰিৱৰ্তে এইচ বি অ’ৰ কিশোৰ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–বৰ্তমান)ত অভিনয়ৰ বাবে নিৰ্বাচিত হোৱাত তেওঁ অভিনয় জগতত প্ৰৱেশৰ সিদ্ধান্ত লয়। ৰূপান্তৰিত লিংগৰ হাইস্কুলীয়া ছাত্ৰী জুলছ ভনৰ চৰিত্ৰত কৰা অভিনয় আৰু ধাৰাবাহিকখনৰ এটা খণ্ডৰ সহ-লেখিকা হিচাপে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে।

শ্বেফাৰে পৰৱৰ্তী সময়ত দ্য হাংগাৰ গেমছ: দ্য বেলাড অৱ চংবাৰ্ডছ এণ্ড স্নেকছ (২০২৩) আৰু কুক্কু (২০২৪) ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ কাইণ্ডছ অৱ কাইণ্ডনেছ (২০২৪) আৰু জাপানী ছবি বেল (২০২১)ৰ ইংৰাজী ডাবিঙত সৰু চৰিত্ৰত অভিনয় কৰিছে। অভিনয়ৰ সমান্তৰালভাৱে শ্বেফাৰে মডেলিং অব্যাহত ৰাখিছে আৰু শ্বিচাইডো মেকআপ, প্ৰাডা আৰু মাগলাৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে সেৱা আগবঢ়াইছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

শ্বেফাৰৰ জন্ম হৈছিল ১৯৯৮ চনৰ ৩১ ডিচেম্বৰত নিউ জাৰ্ছিৰ ট্ৰেণ্টনত।[1][2] তেওঁৰ পিতৃ এজন পাষ্টৰ আছিল আৰু সেই সূত্ৰে তেওঁলোকৰ পৰিয়ালে নিউ জাৰ্ছি, এৰিজোনা আৰু শেষত উত্তৰ কেৰোলিনাৰ ৰেলীৰ বিভিন্ন গীৰ্জা আৰু ধৰ্মীয় সভাৰ মাজত স্থানান্তৰিত হৈ ফুৰিছিল। ৰেলীতেই শ্বেফাৰ ডাঙৰ-দীঘল হৈছিল।[3] তেওঁৰ তিনিগৰাকী সৰু ভাই-ভনী আছে: দুগৰাকী ভগ্নী আৰু এজন ভাতৃ।[4] শ্বেফাৰে জনোৱা মতে তেওঁ অতি সৰুৰে পৰাই নাৰীসুলভ আচৰণ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। সপ্তম শ্ৰেণীত থাকোঁতে তেওঁ পিতৃ-মাতৃৰ আগত নিজকে এজন 'গে' ল'ৰা হিচাপে পৰিচয় দিছিল; অৱশ্যে অষ্টম শ্ৰেণীৰ পৰা তেওঁ লিংগ ডিছফ’ৰিয়া অনুভৱ কৰিবলৈ ধৰে। নৱম শ্ৰেণীত তেওঁ এগৰাকী ৰূপান্তৰিত লিংগৰ ছোৱালী হিচাপে নিজৰ পৰিচয় দাঙি ধৰে আৰু ডিছফ’ৰিয়া ধৰা পৰাৰ পিছত লিংগ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।[5][6] তেওঁ নিজকে নন-বাইনাৰী লিংগ পৰিচয়ৰ হয় নে নহয় সেই লৈও প্ৰশ্ন কৰিছিল। তেওঁ উল্লেখ কৰিছে যে নিজৰ লিংগ পৰিচয়ৰ সৈতে খাপ খুৱাবলৈ ইণ্টাৰনেটে তেওঁক সহায় কৰিছিল, কাৰণ তেওঁ ইউটিউব আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে মানুহৰ লিংগ পৰিৱৰ্তনৰ সময়সীমাৰ বিষয়ে জানিবলৈ সুবিধা পাইছিল।[5]

শ্বেফাৰে প্ৰথমবাৰৰ বাবে ২০১৬ চনত চৰ্চালৈ আহে যেতিয়া তেওঁ আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়ন আৰু লেমডা লিগেলৰ দ্বাৰা ৰাজহুৱা সুবিধাৰ গোপনীয়তা আৰু সুৰক্ষা আইনৰ বিৰুদ্ধে তৰা এখন গোচৰত আটাইতকৈ কম বয়সীয়া বাদী হিচাপে নামভুক্ত হৈছিল। এই বিধেয়কখনে ৰূপান্তৰিত লিংগৰ ব্যক্তিসকলক তেওঁলোকৰ লিংগ পৰিচয় অনুসৰি শৌচাগাৰ ব্যৱহাৰ কৰাত বাধা দিছিল আৰু তাৰ পৰিৱৰ্তে জন্মৰ সময়ত নিৰ্ধাৰিত লিংগৰ ওপৰত ভিত্তি কৰি শৌচাগাৰ ব্যৱহাৰৰ নিৰ্দেশ দিছিল। এই গোচৰটোৰ ফলস্বৰূপে বিধেয়কখন বাতিল কৰা হৈছিল।[7] বাদী হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ বিধেয়কখনৰ প্ৰতিবাদ জনাই এখন চুটি ছবি নিৰ্মাণ কৰিছিল, যিখন অনলাইন আলোচনী ৰুকীত প্ৰকাশ পাইছিল। ইয়াৰ উপৰিও তেওঁ ২০১৬ চনৰ জুলাই মাহত টিন ভ’গৰ বাবে এই বিধেয়কখনৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল যিটো যথেষ্ট চৰ্চিত হৈছিল। তেওঁৰ এই সক্ৰিয়তাৰ বাবে টিন ভ’গয়ে ২০১৭ চনৰ "২১ অনুৰ্ধ ২১" তালিকাত শ্বেফাৰক স্থান দিছিল আৰু হিলাৰী ক্লিণ্টনৰ সৈতে এটা সাক্ষাৎকাৰৰ সুযোগ প্ৰদান কৰিছিল।[8]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
শ্বেফাৰে হাঁহি হাঁহি মাইক্ৰ’ফোনত কথা কৈ আছে
২০২৪ চনৰ ৭৪তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 'কুক্কু' ছবিৰ প্ৰচাৰৰ সময়ত শ্বেফাৰ

২০১৯ চনত শ্বেফাৰে কৈছিল যে তেওঁ "লেচবিয়ান বুলি ক'ব পৰা পৰিচয়ৰ ওচৰ চপা",[9] আৰু ২০২১ চনত তেওঁ উল্লেখ কৰে যে তেওঁ "বাই (bi) বা পেন (pan) বা তেনে কিবা এটা"।[10] ২০১৯ চনত পাঁচ মাহ ধৰি তেওঁৰ ৰোচালিয়াৰ সৈতে এক চুটি সম্পৰ্ক আছিল, যিটো তেওঁ ২০২৪ চনত জি কিউৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নিশ্চিত কৰিছিল। তেওঁলোক এতিয়াও ঘনিষ্ঠ বন্ধু হৈ আছে আৰু শ্বেফাৰে ৰোচালিয়াক যিকোনো পৰিস্থিতিতে "নিজৰ পৰিয়াল" বুলি গণ্য কৰে।[11] শ্বেফাৰে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৩ চনৰ জুলাই মাহলৈকে তেওঁৰ ইউফ’ৰিয়া ধাৰাবাহিকৰ সহ-অভিনেতা ডমিনিক ফাইকৰ সৈতে ডেটিং কৰিছিল।[12][13] তেওঁ দাবী কৰে যে ফাইকে তেওঁক প্ৰতাৰণা কৰা বুলি গম পোৱাৰ পিছত তেওঁলোকৰ সম্পৰ্ক শেষ হৈছিল।[14]

২০১৯ চনত শ্বেফাৰে কৈছিল যে তেওঁ নিজৰ বাবে স্ত্ৰীলিংগৰ সৰ্বনাম (she/her) ব্যৱহাৰ কৰে, লগতে তেওঁ "মিক্স (Mx.) শ্বেফাৰ" উপাধিও ব্যৱহাৰ কৰিছিল। ২০১৬ চনত তেওঁ কৈছিল, "মই মানুহে এইটো জনাটো বিচাৰোঁ যে মই এগৰাকী চিছ (cis) ছোৱালী নহয় কাৰণ মই তেনে নহয় বা তেনে অনুভৱ নকৰোঁ।"[6] অৱশ্যে ২০২৪ চনত তেওঁ কয় যে তেওঁ নিজৰ ৰূপান্তৰিত লিংগৰ পৰিচয়ৰ বিষয়ে কমকৈ কথা পাতিব বিচাৰে, কাৰণ তেওঁ নিজৰ পৰিৱৰ্তনৰ আটাইতকৈ কঠিন সময়খিনি অতিক্ৰম কৰিছে আৰু এতিয়া কেৱল "এগৰাকী ছোৱালী" হৈ থাকিব বিচাৰে। তেওঁ দুখ প্ৰকাশ কৰিছিল যে তেওঁৰ এই পৰিচয়টোৱেই তেওঁৰ কেৰিয়াৰৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, যাৰ বাবে তেওঁক অসংখ্য ৰূপান্তৰিত লিংগৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছে, যিবোৰ তেওঁ প্ৰত্যাখ্যান কৰিবলৈ আৰম্ভ কৰিছে।[11] ৰোলিং ষ্টোনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যেতিয়া তেওঁক এগৰাকী ৰূপান্তৰিত লিংগৰ সক্ৰিয় কৰ্মী বুলি গণ্য কৰা হয়নে বুলি সোধা হৈছিল, শ্বেফাৰে কৈছিল: "নহয়। মই কেৱল এজন ৰূপান্তৰিত লিংগৰ ব্যক্তি যি বিখ্যাত, বুজিছেই নহয়?"[15]

২০২২ চনত শ্বেফাৰে ইনষ্টাগ্ৰামৰ এটা প’ষ্টত লাইক দিছিল আৰু "!!!!!" বুলি কমেণ্ট কৰিছিল য’ত কেইগৰাকীমান নন-বাইনাৰী সক্ৰিয় কৰ্মীক সমালোচনা কৰা হৈছিল। সেই সক্ৰিয় কৰ্মীসকলে চিকিৎসা জগতত ৰূপান্তৰিত লিংগৰ পৰিচয়ক "লিংগ ডিছফ’ৰিয়াৰ প্ৰয়োজন থকা এক চিকিৎসা অৱস্থা" হিচাপে আৰু গণ্য নকৰিবলৈ যুঁজ দিছিল। ইয়াৰ ফলত কিছুমান অনুৰাগীৰ পৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যিয়ে শ্বেফাৰক ট্ৰেন্সমেডিকেলিৰ্ঝম (transmedicalism) সমৰ্থন কৰা বুলি অভিযুক্ত কৰিছিল; অৱশ্যে তেওঁ এই কথা অস্বীকাৰ কৰি কৈছিল যে তেওঁ কেৱল অনুভৱ কৰিছিল যে নন-বাইনাৰী লোক আৰু বাইনাৰী ট্ৰেন্স মহিলাসকলৰ মাজত দৃশ্যমানতা আৰু স্থান দখলৰ ক্ষেত্ৰত এক অসন্তুলন আছে যিটোৰ প্ৰতি মনোযোগ দিয়া উচিত।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hess, Liam (December 31, 2020). "At 22, Hunter Schafer Is Already a Gen Z Style Star". Vogue. https://www.vogue.com/slideshow/hunter-schafer-21st-birthday-style। আহৰণ কৰা হৈছে: July 12, 2025. "Schafer, who turns 22 today" 
  2. Goodman, Jessica (August 2, 2019). "Hunter Schafer Swears She's Not as Cool as Jules on 'Euphoria'—but We Strongly Disagree". Cosmopolitan. https://www.cosmopolitan.com/entertainment/tv/a28553983/hunter-schafer-euphoria-interview/। আহৰণ কৰা হৈছে: December 6, 2020. 
  3. Shattuck, Kathryn (July 7, 2019). "Enthralled by 'Euphoria'? Hunter Schafer Knows Why (It's Because of Her)" (en-US ভাষাত). ISSN 0362-4331. https://www.nytimes.com/2019/07/08/arts/television/euphoria-jules-hunter-schaefer.html. 
  4. Blythe, Ann (November 30, 2017). "This transgender teen sued NC over HB2. Now she's in Teen Vogue with Hillary Clinton". https://www.newsobserver.com/news/politics-government/state-politics/article187432663.html। আহৰণ কৰা হৈছে: November 27, 2018. 
  5. 5.0 5.1 D'Addario, Daniel (June 21, 2019). "Trans Superstar Hunter Schafer on Her Moment of 'Euphoria'" (en ভাষাত). Variety. https://variety.com/2019/tv/features/hunter-schafer-hbo-euphoria-1203248330/। আহৰণ কৰা হৈছে: June 25, 2019. 
  6. 6.0 6.1 Clark, Jess (May 11, 2016). "Q&A: A NC Teen And Her Parents On The Transition From Male To Female" (en ভাষাত). WUNC. https://www.wunc.org/education/2016-05-11/q-a-a-nc-teen-and-her-parents-on-the-transition-from-male-to-female। আহৰণ কৰা হৈছে: January 19, 2024. 
  7. Ponsi, Lou (May 8, 2023). "Actress Hunter Schafer discusses her art and LGBTQ advocacy" (en-US ভাষাত). The Orange County Register. https://www.ocregister.com/2023/05/08/actress-hunter-schafer-discusses-her-art-and-lgbtq-advocacy/। আহৰণ কৰা হৈছে: January 19, 2024. 
  8. "Hillary Clinton Talks Equality, Feminism, and Changing the World with Our 21 Under 21 Nominees". November 28, 2017. https://www.teenvogue.com/story/hillary-clinton-21-under-21-cover-story-volume-4-equality-feminism। আহৰণ কৰা হৈছে: Novembber 27, 2018. 
  9. Meet the stars of our spring 2019 Infinite Identities issue. Dazed. February 14, 2019. Archived from the original on August 26, 2019. Retrieved September 7, 2019 – via YouTube.  Unknown parameter |url-status= ignored (help)
  10. Baska, Maggie (December 13, 2021). "Euphoria's Hunter Schafer 'vaguely clarifies' her sexuality: 'I'm bi or pan or something'". PinkNews. https://www.pinknews.co.uk/2021/12/13/hunter-schafer-bisexual-pansexual-sexxuality/। আহৰণ কৰা হৈছে: January 6, 2022. 
  11. 11.0 11.1 Carmichael, Emma (April 2, 2024). "Hunter Schafer on Art, Love, Ambition—and Life Beyond 'Euphoria'" (en-US ভাষাত). GQ. https://www.gq.com/story/hunter-schafer-creativity-awards-profile। আহৰণ কৰা হৈছে: April 2, 2024. 
  12. Herwees, Tasbeeh (January 17, 2019). "Now or Never: The Chaotic Rise of Dominic Fike". Complex. Archived from the original on April 27, 2019. https://web.archive.org/web/20190427024731/https://www.complex.com/pigeons-and-planes/2019/01/dominic-fike-interview। আহৰণ কৰা হৈছে: February 28, 2019. 
  13. Santaflorentina, Haley (July 7, 2023). "Dominic Fike and Hunter Schafer Break Up". E! Online. https://www.eonline.com/news/1379300/dominic-fike-and-hunter-schafer-break-up। আহৰণ কৰা হৈছে: July 7, 2023. 
  14. Bucksbaum, Sydney (August 7, 2024). "Hunter Schafer recalls feeling 'bad' after telling her pastor parents about 'Euphoria' anal sex scene" (en ভাষাত). Entertainment Weekly. https://ew.com/hunter-schafer-remembers-telling-pastor-parents-about-euphoria-anal-sex-scene-8691930। আহৰণ কৰা হৈছে: August 8, 2024. 
  15. Jones, CT (August 9, 2024). "How Hunter Schafer Became 'A Badass Thriller Bad Bitch'". Rolling Stone. https://www.rollingstone.com/tv-movies/tv-movie-features/hunter-schafer-cuckoo-euphoria-interview-1235076587/। আহৰণ কৰা হৈছে: September 21, 2025. 
  16. Rude, Mey (August 24, 2022). "Here's Why Some People Are Calling Hunter Schafer a Transmedicalist". Out. https://www.out.com/celebs/2022/8/24/heres-why-some-people-are-calling-hunter-schafer-transmedicalist। আহৰণ কৰা হৈছে: August 26, 2022. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]