সমললৈ যাওক

হান্না কুৰ্ণিয়াৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হান্না কুৰ্ণিয়াৱতী
জন্ম ইণ্ডোনেছিয়া
ৰাষ্ট্ৰীয়তা ইণ্ডোনেছিয়ান
শিক্ষানুষ্ঠান ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়
ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়
পেচা কম্পিউটাৰ বিজ্ঞানী
জনা যায় ৰবটিক্স, মচন প্লেনিং

হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ। তেওঁ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিৰ স্কুল অৱ কম্পিউটিংত এগৰাকী অধ্যাপক আৰু চিষ্টেম অটন’মি, ইণ্টেলিজেন্স এণ্ড ডিচিচন মেকিং বিষয়ৰ স্মাৰ্টছেট চিআৰচি চেয়াৰ হিচাপে কৰ্মৰত। তেওঁ অষ্ট্ৰেলিয়ান ৰবটিক্স এণ্ড অটোমেচন এছ’চিয়েশ্যনৰ প্ৰাক্তন সভাপতি আছিল।[1]

শিক্ষা আৰু কৰ্মজীৱন

[সম্পাদনা কৰক]

কুৰ্ণিয়াৱতী ইণ্ডোনেছিয়াত ডাঙৰ-দীঘল হৈছিল। জাপানৰ ৰবট কেন্দ্ৰিক এনিমেচন চাই তেওঁ ৰবটিক্সৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।[2] তেওঁ ২০০১ চনত ইণ্ডোনেছিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ২০০৮ চনত ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী সম্পূৰ্ণ কৰে।[3] তেওঁৰ পিএইচডিৰ উপদেষ্টা আছিল ডেভিদ চিউ।[4]

ছিংগাপুৰত পষ্টডক্টৰেল গৱেষণা কৰাৰ পিছত তেওঁ ২০১২ চনত অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে। ২০১৯ চনত তেওঁ জ্যেষ্ঠ প্ৰবক্তা হিচাপে অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিলৈ বদলি হয়। ২০২১ চনত তেওঁ সহযোগী অধ্যাপক হয় আৰু ২০২৩ চনৰ পৰা বৰ্তমানৰ অধ্যাপক পদত কাৰ্যনিৰ্বাহ কৰি আছে।[3]

২০২০ চনত তেওঁ অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্ছিটিত ৩ চশ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই থকা অৱস্থাত শৈক্ষিক অসদাচৰণ ধৰা পেলাইছিল। যদিও তেওঁ ব্যাপক প্ৰৱঞ্চনাৰ প্ৰমাণ পাইছিল, তথাপিও প্ৰকৃত অপৰাধীক চিনাক্ত কৰিব পৰা নাছিল। সেই সময়ত তেওঁ গোটেই শ্ৰেণীটোক দণ্ডিত কৰাৰ সিদ্ধান্ত লৈছিল যদিও পিছলৈ সেই সিদ্ধান্ত বাতিল কৰা হয়।[5]

স্বীকৃতি

[সম্পাদনা কৰক]

২০০৮ চনত প্ৰকাশিত গৱেষণা পত্ৰ "SARSOP: Efficient Point-Based POMDP Planning by Approximating Optimally Reachable Belief Spaces"-ৰ বাবে ২০২১ চনত ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ হান্না কুৰ্ণিয়াৱতী, ডেভিদ চিউ আৰু লী উই চানে 'ৰবটিক্স ছায়েন্স এণ্ড চিষ্টেম টেষ্ট অৱ টাইম এৱাৰ্ড' লাভ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Hanna Kurniawati", People (Australia National University School of Computing), https://comp.anu.edu.au/people/hanna-kurniawati/, আহৰণ কৰা হৈছে: 2025-05-20
  2. "E70: Hanna Kurniawati, Research Scientist in Robotics at University of Queensland – Interview", Flyover Labs, November 1, 2016, https://www.flyoverlabs.io/podcasts/e70-hanna-kurniawati-research-scientist-in-robotics-at-university-of-queensland-interview/, আহৰণ কৰা হৈছে: 2025-05-20
  3. 1 2 "Hanna Kurniawati", ORCiD, https://orcid.org/0000-0001-5053-7146, আহৰণ কৰা হৈছে: 2025-05-20
  4. 1 2 "NUS Computing professors win Robotics Science and Systems Test of Time Award 2021", NUS Computing (National University of Singapore), 21 July 2021, https://www.comp.nus.edu.sg/news/2021-rss-test-of-time-award-win/, আহৰণ কৰা হৈছে: 2025-05-20
  5. Evans, Jake (22 December 2020), "ANU apologises, reverses penalty for students after lecturer punished class of 300 for alleged plagiarism", ABC News, https://www.abc.net.au/news/2020-12-22/anu-apologises-reverses-penalty-for-students-over-plagiarism/13008274, আহৰণ কৰা হৈছে: 2025-05-20

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]