সমললৈ যাওক

হান্না সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হান্না সেন
জন্ম ১৮৯৪
কলিকতা, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৫৭
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান প্ৰেট মেমোৰিয়েল স্কুল, ডায়োচেচান কলেজ, কলিকতা বিশ্ববিদ্যালয়, লণ্ডন বিশ্ববিদ্যালয়
পেচা সমাজকৰ্মী, ৰাজনীতিক, সমাজকৰ্মী
জনা যায় লেডি আৰউইন কলেজৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক
আত্মীয়-স্বজন ৰেজিনা গুহ

হান্না সেন (১৮৯৪–১৯৫৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ আৰু নাৰীবাদী আছিল।[1] ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ প্ৰথম ভাৰতীয় ৰাজ্যসভা (সংসদৰ উচ্চ সদন)ৰ সদস্য আৰু ১৯৫১–৫২ চনত সৰ্বভাৰতীয় মহিলা সন্মিলনৰ সভানেত্ৰী আছিল। দিল্লীৰ লেডী আৰউইন কলেজৰ তেওঁ প্ৰতিষ্ঠাপক আৰু প্ৰথম পৰিচালক। ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগ আৰু ইউনেস্কোতো ভাৰতক তেওঁ প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ ভাৰত বিভাজনৰ পিছত মহিলা আৰু শিশু শৰণাৰ্থীৰ পুনৰ্বাসনৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ উপদেষ্টা আছিল।

হান্না সেনৰ জন্ম হৈছিল হান্না গুহ নামেৰে৷ তেওঁ পিতৃ পেয়াৰেই মোহন গুহ আছিল এগৰাকী উকীল৷ আনহাতে মাতৃ আছিল বাগদাদী ইহুদী মহিলা চিমচা গুব্বাই। পিছলৈ তেওঁৰ পিতৃয়েও ইহুদী ধৰ্ম গ্ৰহণ কৰে আৰু হান্নাকে প্ৰমুখ্য কৰি তেওঁৰ তিনিজন ভাই-ভনীক ইহুদী বিশ্বাসত ডাঙৰ-দীঘল কৰে। হান্নাৰ ভগ্নী ৰেজিনা গুহইও উকীল হিচাপে প্ৰশিক্ষণ লৈছিল আৰু ভাৰতত মহিলাসকলক উকীল হিচাপে নামভৰ্তি কৰিবলৈ দিয়া প্ৰথমটো গোচৰৰ বিৰুদ্ধে যুঁজিছিল।[2][3] ১৯২৫ চনত হান্নাই মুম্বাইৰ ৰেডিঅ'লজিষ্ট সতীশ চন্দ্ৰ সেনক বিয়া কৰায়।[3] তেওঁলোকৰ এগৰাকী কন্যা শান্তা ভাৰতত আৰু পিছলৈ ব্ৰিন মাউৰ কলেজত শিক্ষা গ্ৰহণ কৰিছিল।[3]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সেনে কলিকতাত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ প্ৰাট মেম’ৰিয়েল স্কুল আৰু ডাইচেচন কলেজত অধ্যয়ন কৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিষয়ত স্নাতক আৰু আইন শাখাত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ দুয়োটা ডিগ্ৰীতে প্ৰথম শ্ৰেণীৰ সুখ্যাতি লাভ কৰে। সেনে শিক্ষা সমাপ্ত কৰাৰ পিছত কেইবাটাও শিক্ষকৰ নিযুক্তি গ্ৰহণ কৰে৷ তেওঁ কলিকতাৰ ইহুদী ছোৱালী বিদ্যালয়ত শিক্ষকতা কৰে, য'ত তেওঁৰ ভগ্নী ৰেজিনা গুহ অধ্যক্ষ আছিল৷ পিছলৈ ১৯২২ চনত মুম্বাইৰ এখন ছোৱালী বিদ্যালয়ৰ অধ্যক্ষ হয়।[1][2]

১৯২৫ চনত বিয়াৰ পিছত স্বামীৰ সৈতে তেওঁ ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু দুয়োজনে স্নাতক শিক্ষা গ্ৰহণ কৰে। সেনে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা শিক্ষক ডিপ্লমা লাভ কৰে আৰু তাত গৱেষক হিচাপে কাম কৰি মনোবিজ্ঞানী আৰু অধ্যাপক চাৰ্লছ স্পিয়াৰমেনৰ সৈতে কাম কৰে।[2]লণ্ডনত থকাৰ সময়ত সেনে ৰাজহুৱাভাৱে মহিলা শিক্ষাৰ পোষকতা কৰিছিল আৰু ব্ৰিটিছ সংসদৰ সদস্যসকলৰ আগত ভাৰতত মহিলাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু পৰিস্থিতিৰ ওপৰত ভাষণ দিছিল।[1] লণ্ডনৰ ব্ৰিটিছ কমনৱেলথ লীগৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহিলা ভোটাধিকাৰ মিত্ৰতাৰ সৈতেও তেওঁ ঘনিষ্ঠভাৱে জড়িত আছিল আৰু ১৯২৯ চনত ইণ্ডো-ব্ৰিটিছ মিউচুৱেল ৱেলফেয়াৰ লীগৰ প্ৰতিষ্ঠাপক আছিল, যিটো মহিলা সংগঠনে শিক্ষামূলক প্ৰকল্পৰ সৈতে জড়িত ব্ৰিটিছ আৰু ভাৰতীয় ভোটাধিকাৰবাদীসকলৰ নেটৱৰ্ক স্থাপন কৰিছিল।[4][5]

নাৰী শিক্ষাৰ প্ৰসাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিবলৈ ৰাজনীতিবিদ আৰু কবি সৰোজিনী নাইডুৱে সেনক ভাৰতলৈ উভতি যাবলৈ বুজাই দিছিল। ১৯৩২ চনত দিল্লীত লেডী আৰউইন কলেজ স্থাপন কৰাত সহায় কৰে আৰু ১৯৪৭ চনত অৱসৰ লোৱালৈকে কলেজখনৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[2][1] লেডী আৰউইন কলেজৰ চৌহদত থকা এটা অট্টালিকাৰ নাম হান্না সেনৰ নামেৰে ৰখা হৈছে।.[3] ভাৰত বিভাজন চলি থকাৰ সময়ত দিল্লীত দাঙ্গাৰ সময়ত তেওঁ লেডী আৰউইন কলেজৰ খেলপথাৰ মুকলি কৰিছিল যাতে মুছলমান আৰু শিখ ছাত্ৰ-ছাত্ৰীসকলক দাঙ্গাকাৰী হিন্দু গোটৰ পৰা আশ্ৰয় দিয়ে, যদিও তেনে কৰাৰ বাবে তেওঁ ভাবুকিৰ সন্মুখীন হৈছিল।[6]

১৯৪৮ চনত সেন ভাৰত চৰকাৰক দেশৰ মাধ্যমিক শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ গঠন কৰা এখন সমিতিৰ অংশ আছিল।[7] ১৯৫২ চনৰ পৰা ১৯৫৭ চনৰ ভিতৰত ভাৰতৰ সংসদৰ উচ্চ সদনৰ প্ৰথম ৰাজ্যসভাৰ সদস্য আছিল।[6]ৰাজনীতিবিদ ৰামেশ্বৰী নেহৰু আৰু মনমোহিনী জুৎছি সাহগালৰ সৈতে ভাৰত চৰকাৰৰ স্বতন্ত্ৰ সাহায্য আৰু পুনৰ্বাসন মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপেও কাম কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ভাৰত বিভাজনৰ পিছত মহিলা আৰু শিশু শৰণাৰ্থীসকলৰ প্ৰতি নিৰ্দেশিত পুনৰ্বাসন প্ৰচেষ্টাত তেওঁ মন্ত্ৰালয়ক সহায় কৰিছিল।[1] তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ ভিতৰতো সক্ৰিয় আছিল আৰু ১৯৫১ চনৰ পৰা ১৯৫২ চনলৈকে ইয়াৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8]ভাৰতীয় স্বাধীনতা আন্দোলনৰ কেইবাজনো নেতাৰ সহযোগী আছিল, আৰু মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন আৰু পৰিকল্পনাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল৷[9]

শিক্ষকতাৰ পৰা অৱসৰ লোৱাৰ পিছত সেনে আন্তঃৰাষ্ট্ৰীয় নাৰীবাদী সংগঠন আৰু পদক্ষেপতো অংশগ্ৰহণ কৰে। ১৯৪৮ চনত নিউয়ৰ্কত অনুষ্ঠিত হোৱা অল ইণ্ডিয়া কনফাৰেন্স অৱ ছ’চিয়েল ৱৰ্কত তেওঁ পৰ্যবেক্ষক আছিল আৰু ১৯৫০–৫১ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা সম্পৰ্কীয় আয়োগত ভাৰতীয় স্বাৰ্থক প্ৰতিনিধিত্ব কৰিছিল। ১৯৫০ চনত লণ্ডনত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ ভাৰতীয় প্ৰতিনিধি দলৰ তেওঁ অংশ আছিল আৰু ১৯৫১ চনত পেৰিছত ইউনেস্কোত ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য আছিল।[2][1]সেন দিল্লীৰ ইহুদী সম্প্ৰদায়ৰ সৈতেও ঘনিষ্ঠভাৱে জড়িত আছিল, আৰু দিল্লীত এটা ছিনাগগ স্থাপনৰ বাবে ধন আগবঢ়াইছিল।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Baghdadi Jewish Women in India" (en ভাষাত). Jewish Women's Archive. https://jwa.org/encyclopedia/article/baghdadi-jewish-women-in-india। আহৰণ কৰা হৈছে: 2020-11-28. 
  2. 2.0 2.1 2.2 2.3 2.4 Chakrabarti, Kaustav (2017). ""Revisiting the Educational and Literacy Activities among the Jewish Women of Calcutta"". International Journal of Social Science Studies খণ্ড 5 (3): 45–50. doi:10.11114/ijsss.v5i3.2241. https://heinonline.org/HOL/P?h=hein.journals/ijsoctu5&i=209. 
  3. 3.0 3.1 3.2 3.3 "Recalling Jewish Calcutta | Hannah Sen · 04 Women Pioneers". www.jewishcalcutta.in. http://www.jewishcalcutta.in/exhibits/show/wom_p/hannah_sen। আহৰণ কৰা হৈছে: 2020-11-28. 
  4. Sinha, Mrinalini (1999-12-01). "Suffragism and internationalism: The enfranchisement of British and Indian women under an imperial state" (en ভাষাত). The Indian Economic & Social History Review খণ্ড 36 (4): 461–484. doi:10.1177/001946469903600403. ISSN 0019-4646. https://doi.org/10.1177/001946469903600403. 
  5. Haggis, Jane; Midgley, Clare; Allen, Margaret; Paisley, Fiona (2017), Haggis, Jane; Midgley, Clare; Allen, Margaret et al., eds., "Cosmopolitan Modernity and Post-imperial Relations: Dominion Australia and Indian Internationalism in the Interwar Pacific" (en ভাষাত), Cosmopolitan Lives on the Cusp of Empire: Interfaith, Cross-Cultural and Transnational Networks, 1860-1950 (Cham: Springer International Publishing): pp. 85–105, doi:10.1007/978-3-319-52748-2_5, ISBN 978-3-319-52748-2, https://doi.org/10.1007/978-3-319-52748-2_5, আহৰণ কৰা হৈছে: 2020-11-28 
  6. 6.0 6.1 Weil, Shalva (2019-06-28) (en ভাষাত). The Baghdadi Jews in India: Maintaining Communities, Negotiating Identities and Creating Super-Diversity. Routledge. ISBN 978-0-429-53387-7. https://books.google.com/books?id=05mfDwAAQBAJ&q=%22Hannah+Sen%22&pg=PT52. 
  7. "Pamphlet No. 52: Report of the Committee on Secondary Education in India". Ministry of Education, Government of India. 1948. http://cslrepository.nvli.in/bitstream/123456789/2459/2/2340.pdf. [সংযোগবিহীন উৎস]
  8. Sahgal, Manmohini Zutshi (1994-09-14) (en ভাষাত). An Indian Freedom Fighter Recalls Her Life. M.E. Sharpe. ISBN 978-0-7656-3410-8. https://books.google.com/books?id=pnRyIMu9WioC&q=%22Hannah+Sen%22&pg=PA124. 
  9. Cookman, Claude (2015-01-19). "Margaret Bourke-White and Henri Cartier-Bresson: Gandhi's funeral" (en ভাষাত). History of Photography খণ্ড 22 (2): 199–209. doi:10.1080/03087298.1998.10443876. ISSN 0308-7298. https://www.tandfonline.com/doi/pdf/10.1080/03087298.1998.10443876?needAccess=true&.