হান্স জিমাৰ
হান্স জিমাৰ | |
|---|---|
২০১৮ চনত জিমাৰ | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | হান্স ফ্লোৰিয়ান জিমাৰ |
| জন্ম | ১২ ছেপ্টেম্বৰ, ১৯৫৭ (৬৮ বছৰ) ফ্ৰেংকফুৰ্ট, পশ্চিম জাৰ্মানী |
| সংগীতৰ ধৰণ | চলচ্চিত্ৰ সংগীত, ইলেকট্ৰনিক সংগীত |
| পেচা |
|
| সক্ৰিয়তাৰ বছৰ | ১৯৭৭–বৰ্তমানলৈকে |
| লেবেল | ৰিমোট কন্ট্ৰ'ল প্ৰডাকচন (আমেৰিকান কোম্পানী, ব্লিডিং ফিংগাৰছ মিউজিক |
| জীৱন-সঙ্গী |
|
| সহচৰ | ডিনা ডি লুকা (২০২৩-বৰ্তমানলৈকে)[1] |
| ৱেবছাইট | hanszimmer |
হান্স ফ্লৰিয়ান জিমাৰ (ইংৰাজী: Hans Zimmer, জন্ম-১২ ছেপ্টেম্বৰ ১৯৫৭)[2][3]এজন জাৰ্মান চলচ্চিত্ৰ সুৰকাৰ আৰু সংগীত প্ৰযোজক। জিমাৰে দুটা একাডেমী বঁটা, এটা বাফটা বঁটা, পাঁচটা গ্ৰেমী বঁটা লাভ কৰাৰ লগতে ৭টা এমি বঁটা আৰু এটা টনি বঁটাৰ বাবে মনোনীত হৈছে। ২০০৭ চনত দ্য ডেইলী টেলিগ্ৰাফে প্ৰকাশ কৰা শীৰ্ষ ১০০ গৰাকী জীৱিত জিনিয়াছৰ তালিকাত জিমাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়।[4]
ইলেক্ট্ৰনিক সংগীতৰ শব্দসমূহক পৰম্পৰাগত অৰ্কেষ্ট্ৰাৰ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰাৰ বাবে তেওঁৰ ৰচনাসমূহ উল্লেখযোগ্য। ১৯৮০ চনৰ পৰা জিমাৰে ১৫০ খনতকৈও অধিক ছবিৰ সংগীত ৰচনা কৰিছে। তেওঁ দ্য লায়ন কিং (১৯৯৪), আৰু ডুন (২০২১)ৰ বাবে ৰচনা কৰা শ্ৰেষ্ঠ মৌলিক স্কোৰৰ বাবে দুটা একাডেমী বঁটা লাভ কৰিছে। তেওঁৰ ৰচনাসমূহৰ ভিতৰত গ্লেডিয়েটৰ (২০০০), দ্য লাষ্ট চামুৰাই (২০০৩), পাইৰেটছ অৱ দ্য কেৰিবিয়ান ছিৰিজ (২০০৬–২০১১), দ্য ডাৰ্ক নাইট ট্ৰাইলজী (২০০৫–২০১২), ইনচেপচন (২০১০), মেন অৱ ষ্টিল (২০১৩), ইণ্টাৰষ্টেলাৰ (২০১৪), ডানকাৰ্ক (২০১৭), ন’ টাইম টু ডাই (২০২১), আৰু ডুন ছিৰিজ (২০২১–) আদি অন্যতম।
জিমাৰে আমেৰিকালৈ যোৱাৰ আগতে নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক অংশ যুক্তৰাজ্যত কটায়। তেওঁ ড্ৰিমৱৰ্কছ পিকচাৰ্ছ আৰু ড্ৰিমৱৰ্কছ এনিমেচন ষ্টুডিঅ'ৰ চলচ্চিত্ৰ সংগীত বিভাগৰ মুৰব্বী আৰু তেওঁ প্ৰতিষ্ঠা কৰা কোম্পানী ৰিম'ট কণ্ট্ৰ'ল প্ৰডাকচনৰ জৰিয়তে অন্যান্য সুৰকাৰসকলৰ সৈতে কাম কৰে,[5] পূৰ্বতে যি মিডিয়া ভেঞ্চাৰছ নামেৰে জনাজাত। কেলিফৰ্ণিয়াৰ চাণ্টা মনিকাত থকা তেওঁৰ ষ্টুডিঅ'ত কম্পিউটাৰ সঁজুলি আৰু কিবৰ্ডৰ বিস্তৃত পৰিসৰ আছে, যাৰ ফলত ছবিৰ স্ক'ৰৰ ডেমো সংস্কৰণ দ্ৰুতভাৱে সৃষ্টি কৰিব পৰা যায়।[6]
জিমাৰে বেটমেন বিগিন্স (২০০৫)ৰ পৰা আৰম্ভ কৰি ছখন ছবিত ক্ৰিষ্টোফাৰ ন'লানৰ সৈতে সহযোগিতা কৰিছে। ৰিডলি স্কট, ৰন হাৱাৰ্ড, গোৰ ভাৰবিনস্কি, মাইকেল বে, গাই ৰিচি, ডেনিছ ভিলেনিউভ আৰু টনি স্কটৰ দৰে পৰিচালকৰ সৈতে তেওঁ একাধিক প্ৰকল্পত কাম কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]পশ্চিম জাৰ্মানীৰ ফ্ৰেংকফৰ্টত হান্স জিমাৰৰ জন্ম হৈছিল । সৰুতে তেওঁ কনিগষ্টেইন-ফালকেনষ্টেইনত বাস কৰিছিল, য'ত তেওঁ ঘৰতে পিয়ানো বজাইছিল৷ অৱশ্যে আনুষ্ঠানিক পাঠৰ অনুশাসন অপছন্দ কৰাৰ বাবে তেওঁ পিয়ানোৰ পাঠ সংক্ষিপ্ত আছিল।[7] তেওঁৰ Reddit AMA ত কৈছিল: "মোৰ আনুষ্ঠানিক প্ৰশিক্ষণ আছিল দুসপ্তাহৰ পিয়ানোৰ পাঠ। মোক আঠখন স্কুলৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। কিন্তু মই এটা বেণ্ডত যোগদান কৰিছিলোঁ। মই স্ব-শিক্ষিত। কিন্তু মই সদায় মোৰ মন-মগজুত সংগীত শুনি আহিছোঁ। আৰু মই ২০ শতিকাৰ শিশু হিচাপে কম্পিউটাৰ মোৰ ভালেমান কামত আহিছিল।"[8] জিমাৰে ইক'ল ডি'হুমানিটি, চুইজাৰলেণ্ডৰ বাৰ্নৰ কেণ্টনত থকা এখন আন্তঃৰাষ্ট্ৰীয় বৰ্ডিং স্কুলত পঢ়িছিল।[9]
কিশোৰ অৱস্থাত তেওঁ লণ্ডনলৈ গুচি যায় আৰু হাৰ্টউড হাউচ স্কুলত পঢ়ে।[10] শৈশৱত তেওঁ এননিও মৰিকোনৰ চলচ্চিত্ৰৰ সংগীতৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱিত হৈছিল৷ তেওঁক চলচ্চিত্ৰ সুৰকাৰ হ'বলৈ প্ৰেৰণা দিয়া স্কোৰ হিচাপে তেওঁ ওৱান্স আপন এ টাইম ইন দ্য ৱেষ্টৰ উল্লেখ কৰিছে.[11]
১৯৯৯ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত দিয়া ভাষণত জিমাৰে তেওঁ ইহুদী বুলি উল্লেখ কৰিছিল, আৰু ১৯৩৯ চনত জাৰ্মানীৰ পৰা ব্ৰিটেইনলৈ পলায়ন কৰাৰ ফলত তেওঁৰ মাতৃয়ে দ্বিতীয় বিশ্বযুদ্ধৰ পৰা ৰক্ষা পোৱাৰ কথা কৈছিল।২০১৪ চনৰ মে' মাহত জিমাৰে এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে যুদ্ধৰ পিছৰ জাৰ্মানীত ইহুদী হিচাপে ডাঙৰ হোৱাটো কঠিন আছিল৷ তেওঁ কৈছিল, - "মই ভাবোঁ মোৰ বিষয়ে পিতৃ-মাতৃয়ে ওচৰ-চুবুৰীয়াক কোৱাৰ পৰা সদায় সতৰ্ক আছিল।"[12]
২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত মেশ্বেবলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ পিতৃ-মাতৃৰ বিষয়ে কৈছিল: "মোৰ মা আছিল অতি সংগীতপ্ৰেমী, মূলতঃ এগৰাকী সংগীতজ্ঞ আৰু মোৰ দেউতা আছিল এজন অভিযন্তা আৰু এজন উদ্ভাৱক। গতিকে মই পিয়ানোখন সাল-সলনি কৰি ডাঙৰ হৈছিলোঁ৷ আমি ক'ব পাৰোঁ যে, ইয়াকে দেখি মোৰ মায়ে ভয়ৰ হাঁহি মাৰিছিল, আৰু মোৰ দেউতাই মই পিয়ানোত চেইনচ' আৰু তেনেকুৱা বস্তু সংলগ্ন কৰাৰ কথাক প্ৰযুক্তিৰ বিকাশ বুলি ভাবি আপ্লুত হৈছিল।"[13] ২০০৬ চনত জাৰ্মান টেলিভিছন ষ্টেচন জেডিএফৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কৈছিল: "মোৰ দেউতাৰ মৃত্যু হৈছিল যেতিয়া মই সৰু আছিলোঁ৷ মই কেনেবাকৈ সংগীতৰ মাজলৈ পলায়ন কৰিছিলো আৰু সংগীত মোৰ প্ৰিয় বন্ধু হৈ আহিছে।"[14]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]জিমাৰৰ প্ৰথম পত্নী আছিল মডেল ভিকি কেৰ'লিন, যাৰ সৈতে তেওঁৰ এগৰাকী কন্যা সন্তান আছে।[15] ১৯৯২ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হয়।[16] ২০২০ চনৰ ৩ এপ্ৰিলত জিমাৰে তেওঁৰ দ্বিতীয় পত্নী চুজেন জিমাৰৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়, যাৰ লগত তেওঁ ১৯৯৫ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকে তিনিটা সন্তান জন্ম দিয়ে।[17][16] ২০২৩ চনৰ ১৫ জুনত জিমাৰে তেওঁৰ এটা অনুষ্ঠানৰ সময়ত লণ্ডনৰ অ'২ এৰিনাত মঞ্চত তেওঁৰ সংগী ডিনা ডি লুকাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে।[18][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hans Zimmer proposes to partner during O2 Arena live show". 16 June 2023. https://www.bbc.com/news/uk-england-london-65929557.
- ↑ "Hans Zimmer – Earth" (en-GB ভাষাত). BBC Teach. https://www.bbc.co.uk/teach/ten-pieces/articles/zh4k382। আহৰণ কৰা হৈছে: 17 June 2024.
- ↑ "German film score composer Hans Zimmer at 65". DW News. https://www.dw.com/en/german-film-score-composer-hans-zimmer-the-sound-of-hollywood/a-63091653.
- ↑ "Top 100 living geniuses". The Daily Telegraph (London). 30 October 2007. https://www.telegraph.co.uk/news/uknews/1567544/Top-100-living-geniuses.html.
- ↑ "Hans Zimmer". Filmtracks. http://www.filmtracks.com/composers/zimmer.shtml। আহৰণ কৰা হৈছে: 13 September 2009.
- ↑ "Breaking the Rules – interview with Hans Zimmer". Soundtrack.net. 10 July 2006. http://www.soundtrack.net/features/article/?id=206। আহৰণ কৰা হৈছে: 12 September 2009.
- ↑ "MTV biography – Hans Zimmer (in German)". MTV Germany. Archived from the original on 11 February 2013. https://archive.today/20130211144922/http://www.mtv.de/music/20224928/bio-Hans%20Zimmer.html। আহৰণ কৰা হৈছে: 27 September 2011.
- ↑ Zimmer, Hans (11 June 2013). "I am Hans Zimmer – Ask Me Anything!". Reddit. https://www.reddit.com/r/IAmA/comments/1g4wkt/i_am_hans_zimmer_ask_me_anything/cagscgt/। আহৰণ কৰা হৈছে: 28 June 2017.
- ↑ "International Boarding School | Ecole Alumnus Hans Zimmer is on Tour | Ecole d'Humanité". www.ecole.ch. https://www.ecole.ch/en/news/detail/140/ecole-alumnus-hans-zimmer-is-on-tour/। আহৰণ কৰা হৈছে: 22 May 2020.
- ↑ "Hurtwood House Performing Arts – Hans Zimmer". Archived from the original on 21 February 2010. https://web.archive.org/web/20100221214533/http://www.hurtwoodhouseperformingarts.co.uk/#/hans-zimmer/4533716266। আহৰণ কৰা হৈছে: 27 September 2010.
- ↑ "Ennio Morricone – my inspiration, by Hans Zimmer". Gramophone. 20 February 2017. https://www.gramophone.co.uk/feature/ennio-morricone-my-inspiration-by-hans-zimmer। আহৰণ কৰা হৈছে: 8 November 2018.
- ↑ Jared Sichel (28 May 2014). "Hans Zimmer: Proud to say 'My people'". Jewish Journal. JewishJournal.com. https://jewishjournal.com/culture/arts/129526/.
- ↑ "Hans Zimmer: The Computer Is My Instrument". Mashable. 5 February 2013. http://mashable.com/2013/02/05/hans-zimmer-vjam/। আহৰণ কৰা হৈছে: 6 March 2013.
- ↑ "ZDF Infokanal interview, June 2006 (in German with English subtitles)". YouTube. 27 July 2006. https://www.youtube.com/watch?v=4voQPo6FUeo। আহৰণ কৰা হৈছে: 13 September 2009.
- ↑ Vogue: "A NEW MODEL GENERATION" Archived 4 March 2016 at the Wayback Machine 29 August 2006
- ↑ 16.0 16.1 "Lion King Composer Hans Zimmer Files for Divorce: Reports". People. https://people.com/music/composer-hans-zimmer-files-divorce/। আহৰণ কৰা হৈছে: 7 April 2020. "Hans was previously married to model Vicki Carolin before the two divorced in 1992."
- ↑ "Suzanne Zimmer, Ex-Wife of Film Composer Hans Zimmer, Lists Malibu Home for $56 Million". www.mansionglobal.com. 2 June 2022. https://www.mansionglobal.com/articles/suzanne-zimmer-ex-wife-of-film-composer-hans-zimmer-lists-malibu-home-for-56-million-01654180453.
- ↑ "Hans Zimmer proposes to partner during O2 Arena live show". BBC News. 16 June 2023. https://www.bbc.com/news/uk-england-london-65929557.
- ↑ "Hans Zimmer Biographie" (French ভাষাত). Universal Music France. 28 November 2023. https://www.universalmusic.fr/artistes/20000196885। আহৰণ কৰা হৈছে: 23 February 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিউদ্ধৃতিত হান্স জিমাৰ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
| ৱিকিমিডিয়া কমন্সত হান্স জিমাৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আধিকাৰিক ৱেবছাইট
- হান্স জিমাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Interview with Hans Zimmer in Film Score Monthly
- Interview with Hans Zimmer about Sherlock Holmes from C Music TV Archived 20 February 2012 at the Wayback Machine
- Focus.De Archived 2021-06-13 at the Wayback Machine
- Interviews with Hans Zimmer