সমললৈ যাওক

হাব্বা খাতুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাব্বা খাতুন (ইংৰাজী: Habba Khatoon) জন্ম জোন ৰাথাৰ (কাশ্মীৰী উচ্চাৰণ: [zuːn])। যাক সন্মানীয় উপাধি দ্য নাইটিংগেল অফ কাশ্মীৰ বুলিও জনা যায়।[1] ষোড়শ শতিকাৰ এগৰাকী কাশ্মীৰী মুছলমান কবি আৰু তপস্বী আছিল। তেওঁ ৰজা ইউছুফ শ্বাহ চাকৰ সহধৰ্মিনী আছিল, কিন্তু গীতৰ ৰাণী হিচাপে অমৰত্ব লাভ কৰিছিল।

জীৱন বৃত্তান্ত

[সম্পাদনা কৰক]

হাব্বা খাতুন কাশ্মীৰৰ লোকজীৱন তথা মৌখিক পৰম্পৰাৰ ক্ষেত্ৰত এক চিনাকি নাম। কাশ্মীৰীৰ প্ৰজন্মৰ পাছৰ প্ৰজন্ম‌ই হাব্বা খাতুনৰ নাম জানি আহিছে। কোৱা হয় যে তেওঁৰ জন্ম কাশ্মীৰৰ পুলৱামা জিলাৰ পাম্পোৰ চহৰৰ চান্দুৰ গাঁৱত হৈছিল। তাইৰ জন্মৰ নাম আছিল জুন ৰাথাৰ বা জুনি। [2]মৌখিক পৰম্পৰা অনুসৰি তাইৰ অপৰিসীম সৌন্দৰ্যৰ বাবে তাইক জুন বুলি কোৱা হৈছিল। যদিও তেওঁ এটা সাধাৰণ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, তেওঁ গাঁৱৰ মৌলৱীৰ পৰা পঢ়িবলৈ আৰু লিখিবলৈ শিকিছিল। সৰুতে তেওঁৰ দেউতাকে তেওঁক আজিজ লোনিৰ সৈতে পৰিচয় কৰাই দিছিল।

কিছুমান সূত্ৰই যিয়ে এই সত্যটোক বিতৰ্কিত কৰিছে তেওঁলোকে তাইৰ জন্মক ঝিলাম উপত্যকাৰ উত্তৰে গুৰেজৰ সৰু গ্লেনৰ সৈতে সম্পৰ্কিত কৰে। পৰম্পৰাই গুৰেজৰ চুৰাৱানৰ ওচৰৰ এখন ঠাইক কবিৰ সৈতে সংযোগ কৰে আৰু ইয়াক এতিয়াও 'হাব্বা খাতুনৰ পাহাৰ' বুলি জনা যায়।

পিৰামিডৰ দৰে আকৃতিৰ পাহাৰটোৰ নাম হাব্বা খাতুনৰ নামেৰে ৰখা হৈছে।

কম বয়সতে, তাইৰ দেউতাকে তাইক আজিজ লোনি নামৰ এজন কৃষক লৰা সৈতে বিয়া কৰাইছিল। অৱশ্যে, প্ৰথম বিবাহ স্থায়ী হোৱা নাছিল আৰু সম্ভৱতঃ বিবাহ বিচ্ছেদত সমাপ্ত হৈছিল।

জনশ্ৰুতি অনুসৰি, এদিন ৰজা ইউছুফ শ্বাহ চাক ঘোঁৰাত উঠি চিকাৰ কৰিবলৈ ওলাইছিল। বাটত জুনে চাইনাৰ গছৰ ছাঁত গান গাই আছিল আৰু তেওঁ সেই গানটো শুনিছিল। তেতিয়া তেওঁলোক লগ পাইছিল আৰু তাই তেওঁৰ প্ৰেমত পৰিছিল। লোককাহিনী অনুসৰি জুনক ইউছুফ শ্বাহৰ সম্ৰাজ্ঞী বুলি বৰ্ণনা কৰা হৈছে, যদিও পণ্ডিতসকলে বিতৰ্ক কৰে যে বাস্তৱত তেওঁ ইউছুফ শ্বাহৰ দাসী উপপত্নী নে তেওঁৰ হৰেমৰ সদস্য আছিল তাক লৈ দ্বিধাবোধ আছে। তেওঁ ১৫৭০ চনৰ আশে পাশে প্ৰাসাদত প্ৰৱেশ কৰিছিল আৰু এটা সময়ত তেওঁৰ নাম সলনি কৰি হাব্বা খাতুন ৰাখিছিল।

হাব্বা খাতুনে ইউছুফ শ্বাহক তেওঁৰ নিয়ন্ত্ৰণত ৰাখিছিল। জনশ্ৰুতি অনুসৰি দম্পতীহাল যথেষ্ট সুখী আছিল আৰু পিছত ইউছুফ শ্বাহ কাশ্মীৰৰ শাসক হৈছিল। অৱশ্যে মোগল সম্ৰাট আকবৰে বিহাৰত ইউছুফ শ্বাহক গ্ৰেপ্তাৰ কৰে আৰু তেওঁক বন্দী কৰে। তাৰ পিছত তেওঁ ঘূৰি নাহিল। তেওঁক হত্যা কৰা হৈছিল। ফলস্বৰূপে ১৫৭৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত বিচলিত হাব্বা খাতুনে প্ৰাসাদ এৰি ঝিলাম নদীৰ পাৰত থকা এটা কুটিৰত আশ্ৰয় লয় আৰু তপস্বী হৈ পৰে। আৰু তেওঁ মৃত্যুলৈকে উপত্যকাটোৰ চাৰিওফালে ঘূৰি ফুৰিছিল,বিৰহ আৰু বেদনাৰ গান ৰচনা কৰিছিল আৰু গাইছিল।

লোককাহিনীত তেওঁৰ এক অসামান্য উপস্থিতি আছে আৰু কাশ্মীৰৰ অন্তিম স্বতন্ত্ৰ কবি ৰাণী হিচাপে ব্যাপকভাৱে প্ৰশংসিত।

সংগীত সাধনা

[সম্পাদনা কৰক]

হাব্বা খাতুনে কাশ্মীৰী ভাষাত গান ৰচনা কৰিছিল। দাবী কৰা হৈছে যে তেওঁ কাশ্মীৰী কবিতাত "লল" প্ৰৱৰ্তন কৰিছিল। "লল" প্ৰায় ইংৰাজী 'lyrics' আৰু অসমীয়া "গীতিকবিতা"ৰ দৰে একে। এই ধৰণৰ কবিতাই যিকোনো চিন্তাৰ সাৰাংশ দিয়ে। ব্ৰজ কাচৰুৱে কয়, "হাব্বা খাতুন আৰু আৰ্নিমলে (এজন প্ৰখ্যাত কাশ্মীৰী ব্ৰাহ্মণ কবি) কাশ্মীৰী কবিতাত ল'লক সম্পূৰ্ণ ৰূপ দিছিল।"

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. "Mystic Mantra: Habba Khatoon – The Nightingale of Kashmir". Deccan Chronicle. 7 September 2019. https://www.deccanchronicle.com/amp/opinion/op-ed/070919/mystic-mantra-habba-khatoon-the-nightingale-of-kashmir.html। আহৰণ কৰা হৈছে: 2022-06-27. 
  2. https://search.worldcat.org/oclc/1014524295