হায়দৰাবাদ নিজামৰ অলংকাৰসমূহ


হায়দৰাবাদ ৰাজ্যৰ নিজামসকলৰ অলংকাৰসমূহ (ইংৰাজী: Jewels of the Nizams) বৰ্তমানৰ ভাৰতৰ অন্যতম বৃহৎ আৰু ব্যয়বহুল অলংকাৰৰ সংগ্ৰহ।[1] এই অলংকাৰসমূহ হায়দৰাবাদ ৰাজ্যৰ শাসক নিজামসকলৰ আছিল। ভাৰতীয় সংঘৰ দ্বাৰা তেওঁলোকৰ ৰাজ্য বিলুপ্তিৰ পিছত, ভাৰত চৰকাৰে এই সংগ্ৰহটোক ৰাষ্ট্ৰীয় সম্পদ বুলি দাবী কৰি নিজাম আৰু তেওঁৰ উত্তৰাধিকাৰীসকলক এইবোৰ নিবলৈ বাধা দিছিল। বহু আইনী যুঁজৰ পিছত, ১৯৯৫ চনত ভাৰত চৰকাৰে নিজামৰ ট্ৰাষ্টৰ পৰা জেকব ডায়মণ্ড আৰু অন্যান্য অলংকাৰসমূহ প্ৰায় ১৩ নিযুত ডলাৰত ক্ৰয় কৰে আৰু বৰ্তমান মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভল্টত সুৰক্ষিত কৰি ৰখা হৈছে।
নিজামসকলৰ ৰাজকীয় এই অলংকাৰসমূহ ১৮শ শতিকাৰ আৰম্ভণিৰ পৰা ২০শ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাৰ ভিতৰত নিৰ্মিত। সোণ আৰু ৰূপৰ দ্বাৰা তৈয়াৰী এই অলংকাৰসমূহৰ বহুতো মীনাকৰীৰে সজোৱা হৈছে। এইবোৰত কলম্বিয়ান পান্না, গুণ্টুৰ জিলাৰ কোল্লুৰ হীৰা খনি আৰু কৃষ্ণা জিলাৰ হীৰা খনিৰ হীৰা, বাৰ্মিজ চুনি আৰু স্পিনেল, আৰু বছৰা তথা মান্নাৰ উপসাগৰৰ মুকুতা খটোৱা আছে।
ইয়াত মুঠ ১৭৩ বিধ অলংকাৰ আছে, য’ত প্ৰায় ২০০০ কেৰাট ওজনৰ হীৰা আৰু পান্না, আৰু ৪০,০০০তকৈ অধিক চৌ ওজনৰ মুকুতা আছে। এই সংগ্ৰহত বহুমূলীয়া ৰত্ন, পাগুৰিৰ অলংকাৰ, ডিঙিৰ হাৰ, পেণ্ডেণ্ট, পেটী, বাকল, কাণফুলি, বাহুৰ অলংকাৰ, খাৰু, ব্ৰেচলেট, খৰু, কাফলিংক, বুটাম, ঘড়ীৰ শিকলি, আঙুঠি, ভৰিৰ আঙুঠি আৰু নাকৰ ফুলি অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত সাতধাৰী বছৰা মুকুতাৰ হাৰখন অন্যতম, যাক চত্লাডা বুলি জনা যায় আৰু ইয়াত ৪৬৫টা মুকুতা আছে। এই সংগ্ৰহৰ আটাইতকৈ বহুমূলীয়া সম্পদটো হ’ল জেকব ডায়মণ্ড, যিটো বিশ্বৰ পঞ্চম বৃহত্তম হীৰা আৰু ইয়াৰ ওজন ১৮৪.৭৫ কেৰাট। ইয়াক চৌমহল্লা পেলেচত এটা জোতাৰ ভিতৰত পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত বহুদিন ধৰি কাগজ থোৱা গধুৰ বস্তু (paper weight) হিচাপে ব্যৱহাৰ কৰা হৈছিল।
অলংকাৰসমূহৰ ইতিহাস
[সম্পাদনা কৰক]

১৯৬৭ চনত হায়দৰাবাদৰ অন্তিম নিজাম মীৰ ওচমান আলী খানৰ মৃত্যুৰ বহু বছৰ পিছত, ১৯৯৫ চনত ভাৰত চৰকাৰে ২১৮ কোটি টকাত (প্ৰায় ৭০ নিযুত আমেৰিকান ডলাৰ) এই অলংকাৰসমূহ ক্ৰয় কৰে। চৰকাৰে প্ৰথমে মাত্ৰ ২৫ নিযুত ডলাৰত এই সংগ্ৰহটো ক্ৰয় কৰিবলৈ চেষ্টা কৰিছিল।[2] ১৫ বছৰৰ পিছত, ভাৰতৰ উচ্চতম ন্যায়ালয়ে অৱশেষত ইয়াৰ মূল্য প্ৰায় ৬৫ নিযুত ডলাৰ নিৰ্ধাৰণ কৰে, যিটো চotheby'চৰ ৩৫০ নিযুত ডলাৰৰ আনুমানিক মূল্যতকৈ বহু কম আছিল।[3] ইয়াৰ আটাইতকৈ ডাঙৰ অংশটো (২০ নিযুত ডলাৰ) নিজামৰ প্ৰথম নাতি মুকাৰম জাহে লাভ কৰিছিল।[3]
এই সংগ্ৰহটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে আৰু মুম্বাইত অৱস্থিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়ৰ ভল্টত জমা ৰখা হৈছে। ইয়াক কেইবাবাৰো প্ৰদৰ্শনীৰ বাবে উলিয়াই অনা হৈছে; ২০০১ আৰু ২০০৬ চনত নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু হায়দৰাবাদৰ ছালাৰ জং সংগ্ৰহালয়ত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল।[4][5]
১৯৭০-ৰ দশকত ভাৰত চৰকাৰে প্ৰথমে এই অলংকাৰসমূহ ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত, নিজাম জুৱেলাৰী ট্ৰাষ্টৰ বিষয়াসকলে নিজামৰ ৬৫ বিধ অলংকাৰৰ ভিতৰত ৩৭ বিধ ভাৰতীয় আৰু বিদেশী প্ৰতিষ্ঠানৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে নিজামৰ নাতিনী ৰাজকুমাৰী ফাতিমা ফৌজিয়াই ইয়াত হস্তক্ষেপ কৰে। তেওঁ হায়দৰাবাদ চিটি চিভিল ক’ৰ্টত গোচৰ তৰে আৰু জনায় যে এই বিক্ৰীৰ বাবে সকলো ট্ৰাষ্টী সন্মত হোৱা নাই, লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই নিবিদা পৰ্যাপ্তভাৱে প্ৰচাৰ কৰা হোৱা নাই যাতে উত্তৰাধিকাৰীসকলে অলংকাৰসমূহৰ সঠিক মূল্য লাভ কৰে।[6]
ইয়াৰ পিছত হায়দৰাবাদ উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ত ধাৰাবাহিকভাৱে কেইবাটাও গোচৰ চলে।[7]
১৯৯০-ৰ দশকৰ আৰম্ভণিত অলংকাৰসমূহৰ প্ৰকৃত মূল্যতকৈ বহু কম মূল্যত ব্যক্তিগত পক্ষৰ ওচৰত নিলাম কৰাৰ কথা আছিল। নিজামৰ আজো-নাতি হিমায়ত আলী মিৰ্জাৰ মাতৃ ফাতিমা ফৌজিয়াই ব্যক্তিগত পক্ষৰ ওচৰত অলংকাৰসমূহ বিক্ৰী কৰাত বাধা দিবলৈ এখন আবেদন দাখিল কৰিছিল।[8]
ৰাজকুমাৰ মুফাক্কাম জাহ, নাজাফ আলী খান, দিলশ্বাদ জাহ, হিমায়ত আলী মিৰ্জা আৰু নিজাম জুৱেলাৰী ট্ৰাষ্টৰ অন্যান্য ট্ৰাষ্টীসকলে অলংকাৰসমূহ ভাৰত চৰকাৰক অৰ্পণ কৰে।[9]
নিজামৰ আজো-নাতি হিমায়ত আলী মিৰ্জাই কয় যে নিজামৰ এই একচেটিয়া অলংকাৰসমূহ বিশ্বৰ আটাইতকৈ মাৰ্জিত সংগ্ৰহসমূহৰ ভিতৰত অন্যতম। তেওঁ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীক চহৰখনত এটা সংগ্ৰহালয় স্থাপন কৰি নিজামৰ অলংকাৰসমূহ হায়দৰাবাদলৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে।[8]
নিজামৰ অলংকাৰসমূহৰ লগতে দুটা বাৰী সোণৰ মুদ্ৰা আছে যাৰ মূল্য কেইবাশ কোটি টকা। হিমায়ত আলী মিৰ্জাই কেন্দ্ৰীয় চৰকাৰক আৰবী লিপিত নিৰ্মিত এই মুদ্ৰাসমূহ হায়দৰাবাদলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ National Museum, New Delhi. "Exhibitions at National Museum of India, New Delhi (India) - Nizams' Jewellery". nationalmuseumindia.gov.in. Archived from the original on 2 April 2009. https://web.archive.org/web/20090402032500/http://nationalmuseumindia.gov.in/press_release.html। আহৰণ কৰা হৈছে: 15 December 2013.
- ↑ "Nizam's Heirs End Wrangle for Treasure Archived 8 February 2018 at the Wayback Machine" The Independent
- 1 2 "The Prince's Ransom Archived 9 February 2018 at the Wayback Machine" The Guardian
- ↑ "King's Ransom: The jewels of the Nizams of Hyderabad, finally on display, include the fifth-largest diamond in the world " India Today
- ↑ "Hyderabad misses glitter of Nizam’s priceless jewels Archived 14 April 2023 at the Wayback Machine" The Hindu
- ↑ Amarnath K. Menon (April 30, 1988). "Precious collection of Nizam's jewels lies buried in a bank vault" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/society-the-arts/story/19880430-precious-collection-of-nizam-jewels-lies-buried-in-a-bank-vault-797202-1988-04-30। আহৰণ কৰা হৈছে: 2021-10-10.
- ↑ "Jewel of the Nizams". https://archive.org/download/jewelsofnizams00bala/jewelsofnizams00bala.pdf.
- 1 2 Syed Akbar (Jun 13, 2021). "Keep jewels in Hyderabad, Nizam's kin Himayat Ali Mirza writes to PM Modi | Hyderabad News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/hyderabad/keep-jewels-in-hyd-nizams-kin-write-to-pm/articleshow/83469934.cms। আহৰণ কৰা হৈছে: 2021-10-02.
- ↑ Kumar, V. Rishi (15 June 2021). "Royal scion writes to PM seeking suitable setting for Nizam's jewellery" (en ভাষাত). @businessline. https://www.thehindubusinessline.com/news/variety/royal-scion-writes-to-pm-seeking-suitable-setting-for-nizams-jewellery/article34824578.ece। আহৰণ কৰা হৈছে: 2021-10-02.
- ↑ "Clipping of Sakshi Telugu Daily - Hyderabad Constituencies". epaper.sakshi.com. Archived from the original on 2022-07-15. https://web.archive.org/web/20220715082626/https://epaper.sakshi.com/c/68985858। আহৰণ কৰা হৈছে: 2022-07-15.
আৰু পঢ়ক
[সম্পাদনা কৰক]- Jewels of the Nizams (Hardcover) by Usha R. Krishnan, আই.এচ.বি.এন. 81-85832-15-3.
- History of Nizams trust, Nizams will for Jewels of Nizam, Victoria Diamond, and Jacob Diamond[সংযোগবিহীন উৎস]