হায়াচিন্থ ৱিজেৰত্নে
| হায়াচিন্থ ৱিজেৰত্নে | |
|---|---|
| স্থানীয় নাম | හයසින්ත් විජේරත්න |
| জন্ম | থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে ০৩ অক্টোবৰ, ১৯৪৬ মডৰা, চিলন ডমিনিয়ন |
| মৃত্যু | ৩০ জুলাই, ২০২১ (৭৪ বছৰ) লিণ্ডুলা, শ্ৰীলংকা |
| শিক্ষা | মেৰী মাৰ্গাৰেট কলেজ, মডৰা |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৭–২০২১ |
| দাম্পত্যসঙ্গী | ইভান ৱিজেৰত্নে |
| সন্তান | ১ |
থ্ৰীৰিচ হায়াচিন্থ ৱিজেৰত্নে (৩ অক্টোবৰ ১৯৪৬ – ৩১ জুলাই ২০২১) শ্ৰীলংকান চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।[1][2] চাৰি দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ কাৰুমাক্কাৰায়ো, তাৰকা মল আৰু হো গানা পুকুনাত কৰা বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত আছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হায়াচিন্থ ৱিজেৰত্নেৰ জন্ম ১৯৪৬ চনৰ ৩ অক্টোবৰত শ্ৰীলংকাৰ মডৰাত পৰিয়ালটোৰ তৃতীয় সন্তান হিচাপে হৈছিল। তেওঁ মডৰাৰ মেৰী মাৰ্গাৰেট কলেজত (বৰ্তমান ছেইণ্ট এন্থনী কলেজ নামেৰে পৰিচিত) শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ উচ্চ শিক্ষাৰ বাবে মডৰাৰ ছেইণ্ট জেমছ কলেজত ভৰ্তি হয়।[3][4] তেওঁৰ দুগৰাকী ডাঙৰ ভগ্নী, এজন সৰু ভাই আৰু এগৰাকী সৰু ভনী আছিল।[5] প্ৰায় ১৫ বা ১৬ বছৰ বয়সত তেওঁ আৰু তেওঁৰ সৰু ভনী নীলুকা কালা অয়াত ডুবিছিল য’ত নীলুকাৰ মৃত্যু হয় আৰু হায়াচিন্থ অতি কথমপি ৰক্ষা পৰে।[6]
তেওঁ ইভান ৱিজেৰত্নেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দম্পতীটোৰ এজন পুত্ৰ চিৰাশ ৱিজেৰত্নে আছে।[3] ২০১৯ চনত তেওঁৰ স্বামী ইভানৰ মৃত্যু হয়।[7]
কেৰিয়াৰ
[সম্পাদনা কৰক]চলচ্চিত্ৰৰ বাবে নতুন অভিনেতা নিযুক্তিৰ সন্দৰ্ভত এখন বাতৰি কাকতৰ বিজ্ঞাপনত তেওঁ আবেদন কৰিছিল। ১৯৭৭ চনত সুগথাপালা সেনৰত য়াপাৰ দ্বাৰা পৰিচালিত পেমবাৰা মধু নামৰ চিনেমাখনত তেওঁ সহযোগী মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। অৱশ্যে প্ৰথম অৱস্থাত তেওঁৰ স্বামীয়ে তেওঁক অভিনয় কৰিবলৈ অনুমতি দিয়া নাছিল। পিছলৈ শাহুৱেকৰ সহায়ত তেওঁ ছবিখনত অভিনয় কৰে। তেতিয়াৰ পৰাই তেওঁ একটেম গে, সুৰাবিদেনা, হিতা হোণ্ডা গেহেনিয়াক, একদা ৱেহি, ক্ৰিষ্টু চৰিতায়া, তাৰকা মল, হো গানা পুকুনা, গুৰু গীতায়া, আপ্পাতা চিৰি আৰু চিৰি দালাদাগমনায়াকে ধৰি কেইবাখনো ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে।[3]
১৯৮০ চনৰ শেষৰ ফালে ডি বি নিহালসিংহেৰ দ্বাৰা পৰিচালিত শ্ৰীলংকাৰ প্ৰথমখন টেলিড্ৰামা দিমুথু মুথুত "উডুকিণ্ডা মেনিকে"ৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তেতিয়াৰ পৰাই তেওঁ টেলিভিছনত মাতৃৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে; তাৰ ভিতৰত: দাদাবিমা, ইচুৰু গিৰা, কাণ্ডে গেদৰা, সংক্ৰান্তি সময়, পিটাগামকাৰায়ো, ব্ৰহ্ম মুহূৰ্তয়, বাত্তি, ভিদি পহন, চচৰা চকমনা, চথ পিয়াকু, উৰুমায়াকা অৰগলয়, চেনুৰি, ইলন্দাৰি হেনদেৱা, এমি, পদু আৰু দস্কন অন্যতম।[5] হায়াচিন্থে শেষবাৰৰ বাবে টেলিড্ৰামা দিবিথুৰাত অভিনয় কৰিছিল য’ত তেওঁ সূৰ্য দয়ৰুৱানৰ আইতাকৰ চৰিত্ৰত অভিনয় কৰিছিল।[3]
মৃত্যু
[সম্পাদনা কৰক]২০২১ চনৰ ৩০ জুলাইত ৭৪ বছৰ বয়সত লিণ্ডুলাত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁৰ মৃত্যু হয়।[8][9][10] খবৰ অনুসৰি তেওঁ নুৱাৰা এলিয়াত টেলিভিছন ধাৰাবাহিক দিবিথুৰাৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰি কলম্বোলৈ ঘূৰি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল।[11][12] দুৰ্ঘটনাটোৰ পিছতে মুখ্য অভিযুক্ত হিচাপে চিনাক্ত কৰা ভ্যানখনৰ চালকক গ্ৰেপ্তাৰ কৰা হয়।[13]
ৱাট্টালাৰ মাগোলাৰ কাটিয়াৱাট্টাৰ তেওঁৰ বাসগৃহত নশ্বৰ দেহ ৰখা হৈছিল আৰু ৪ আগষ্ট ২০২১ তাৰিখে বিয়লি ৫ বজাত মাগোলা ৰোমান কেথলিক কবৰস্থানত অন্তিম সংস্কাৰ সম্পন্ন কৰা হৈছিল।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hyacinth Wijeratne - - Sinhala Cinema Database". www.films.lk. Archived from the original on 2021-07-31. https://web.archive.org/web/20210731182258/https://www.films.lk/sinhala-cinema-artist-hyacinth-wijeratne-428.html। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Pembara Madu - පෙම්බර මදූ - Sinhala Cinema Database". www.films.lk. Archived from the original on 2021-07-31. https://web.archive.org/web/20210731185222/https://www.films.lk/pembara-madu-Sinhala-film-1124.html। আহৰণ কৰা হৈছে: 2021-07-31.
- 1 2 3 4 "Hyacinth Wijeratne: Beloved mother of the small screen who passed away forever after starring in 'Divithura'". Sarasaviya. 2021-08-04. http://www.sarasaviya.lk/features-story/2021/08/05/20835/‘-දිවිතුරා’-රඟපා-සදහටම-සමුගත්-පුංචි-තිරයේ-ආදරණීය-මාතාව। আহৰণ কৰা হৈছে: 2021-08-06.
- ↑ "Chat with Hyacinth Wijeratne". lankahotnews. 2021-08-04. https://www.gossip.lankahotnews.com/2018/10/hayisinth-wijerathne.html। আহৰণ কৰা হৈছে: 2021-08-06.
- 1 2 "Religion is useless to show to the world". Ada Derana. https://www.silumina.lk/2019/08/10/රසඳුන/ලෝකයට-පේන්න-ආගම-අදහලා-වැඩක්-නෑ। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "I remember that incident at least once a day - Veteran actress Hyacinth Wijeratne". Sarasaviya. Archived from the original on 2023-07-15. https://web.archive.org/web/20230715075610/https://archives.sarasaviya.lk/2018/09/20/?fn=sa1809209। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Hyacinth Wijeratne - The driver of the van remanded". Ada Derana. http://sinhala.adaderana.lk/news/155845/හයිසින්ත්-විජේරත්න---වෑන්-රථයේ-රියදුරු-රිමාන්ඩ්। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ Saturday, July 31, 2021 - 09:54. "Veteran actress Hyacinth Wijeratne passes away". Dailynews.lk. http://www.dailynews.lk/2021/07/31/local/255405/veteran-actress-hyacinth-wijeratne-passes-away। আহৰণ কৰা হৈছে: 2021-08-02.
- ↑ "Popular actress Hyacinth Wijeratne dies in tragic accident" (en ভাষাত). Sri Lanka News - Newsfirst. 2021-07-31. https://www.newsfirst.lk/2021/07/31/popular-actress-hyacinth-wijeratne-dies-in-tragic-accident/। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Sri Lanka : Veteran actress Hyacinth Wijeratne dies in road accident". www.colombopage.com. Archived from the original on 2021-07-31. https://web.archive.org/web/20210731110059/http://www.colombopage.com/archive_21A/Jul31_1627707401CH.php। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Veteran actress Hyacinth Wijeratne has passed away, following a road accident" (en-US ভাষাত). NewsWire. 2021-07-31. Archived from the original on 2021-07-31. https://web.archive.org/web/20210731183855/https://www.newswire.lk/2021/07/31/eratne-75-has-passed-away-following-a-road-accident-video/। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Veteran actress Hyacinth Wijeratne dies in road accident" (en ভাষাত). www.adaderana.lk. http://www.adaderana.lk/news/75788/veteran-actress-hyacinth-wijeratne-dies-in-road-accident। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Hyacinth Wijeratne: Suspect of accident remanded until 03 October". www.newsfirst.lk. Archived from the original on 2021-07-31. https://web.archive.org/web/20210731184437/https://www.newsfirst.lk/2021/07/31/hyacinth-wijeratne-suspect-of-accident-remanded-until-03-october/amp/। আহৰণ কৰা হৈছে: 2021-07-31.
- ↑ "Veteran actress Hyacinth Wijeratne's last rites tomorrow" (en-US ভাষাত). Colombo Times. 2021-08-03. http://colombotimes.lk/veteran-actress-hyacinth-wijeratnes-funeral-tomorrow/। আহৰণ কৰা হৈছে: 2021-08-06.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- হায়াচিন্থ ৱিজেৰত্নে সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।