হালধীয়া কাছ
| Indotestudo elongata | |
|---|---|
| ডুচিট চিৰিয়াখানাত হালধীয়া কাছ | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Reptile |
| পৰিয়াল: | Tortoise |
| উপবৰ্গ: | Cryptodira |
| পৰিয়াল: | Tortoise |
| গণ: | Indotestudo |
| প্ৰজাতি: | I. elongata |
| দ্বৈৰাশিক নামকৰণ | |
| Indotestudo elongata (Blyth, 1853) | |
| সমাৰ্থক[2] | |
| |
হালধীয়া কাছ[3] (ইংৰাজী: Elongated tortoise বা Yellow tortoise[3] , বৈজ্ঞানিক নাম - Indotestudo elongata) দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত পোৱা এবিধ কাছ।
বিতৰণ
[সম্পাদনা কৰক]এই প্ৰজাতিটো ভাৰতত (ত্ৰিপুৰা, জলপাইগুৰি, পূব বংগ, আৰু ঝাৰখণ্ডৰ সিংভূম), নেপাল, মিজোৰাম, বাংলাদেশ, বাৰ্মা (বা ম্যানমাৰ), লাওছ, থাইলেণ্ড (ফুকেটকে ধৰি), কম্বোডিয়া, ভিয়েটনাম, পশ্চিম মালয়েছিয়া, দক্ষিণ চীনত পোৱা যায়৷ প্ৰকাৰৰ স্থানীয়তা: আৰাকান, টেনাছেৰিম, বাৰ্মা।
ভিডিঅ'
[সম্পাদনা কৰক]ইউটিউবত হালধীয়া কাছৰ ভিডিঅ'ৰ লিঙ্ক -
আকাৰ
[সম্পাদনা কৰক]সাধাৰণতে হালধীয়া কাছ বা ইণ্ডোটেষ্টুডো এলোংগাটা প্ৰায় ৩০ চে.মি. (১২ ইঞ্চি) দীঘল আৰু প্ৰাপ্তবয়স্ক ওজনত প্ৰায় ৩.৫ কিলোগ্ৰাম (৭ পাউণ্ড) হয়। মাইকী হালধীয়া কাছবোৰ মতা হালধীয়া কাছতকৈ বহল আৰু অধিক ঘূৰণীয়া হোৱাৰ প্ৰৱণতা দেখা যায়। মতা হালধীয়া কাছৰ নেজডাল মাইকী হালধীয়া কাছতকৈ বহু ডাঙৰ। মতাবোৰৰ বুকুত এক অৱতল বৰ্ম থাকে আনহাতে মাইকীবোৰৰ বুকুৰ বৰ্ম সমতল। ইয়াৰ উপৰিও মাইকী হালধীয়া কাছৰ পিছফালৰ নখবোৰ মতা হালধীয়া কাছৰ নখতকৈ লক্ষণীয়ভাৱে দীঘল আৰু অধিক বক্ৰ। বাহ নিৰ্মাণৰ সুবিধাৰ বাবে এনে হৈছে বুলি বিশ্বাস কৰা হয়।[4]
ভাবুকি আৰু সংৰক্ষণ
[সম্পাদনা কৰক]হালধীয়া কাছ এক সংকটজনকভাৱে বিপন্ন প্ৰজাতি আৰু প্ৰাকৃতিক পৰিসৰত ইয়াৰ সংখ্যাৰ তীব্ৰ অৱনতি ঘটিছে।[1]
এই প্ৰজাতিটোৰ বাবে প্ৰধান ভাবুকি হৈছে চীন আৰু পূব এছিয়াৰ অন্যান্য ঠাইত বৃহৎ হাৰত বৃদ্ধি পোৱা খাদ্য বজাৰ আৰু জীয়াই থকা বন্যসংখ্যাৰ গণ চিকাৰ৷ চীনতো ভুলকৈ বিশ্বাস কৰা হয় যে কাছৰ চলং পিহি উলিওৱা মিশ্ৰণে কামোদ্দীপক হিচাপে কাম কৰে।[5]
ইয়াৰ উপৰিও অন্যান্য ভাবুকি হ'ল বাসস্থান ধ্বংস আৰু পোহনীয়া জন্তু হিচাপে ৰখাৰ ব্যৱসায়ৰ বাবে কৰা অবৈধ সংগ্ৰহ।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Rahman, S.C.; Platt, K.; Das, I.; Choudhury, B.C.; Ahmed, M.F.; Cota, M.; McCormack, T.; Timmins, R.J. et al. (2019). Indotestudo elongata. 2019. doi:10.2305/IUCN.UK.2019-1.RLTS.T10824A152051190.en.
- ↑ Uwe, Fritz; Havaš, Peter (2007). "Checklist of Chelonians of the World". Vertebrate Zoology খণ্ড 57 (2): 283–284. ISSN 1864-5755. http://www.cnah.org/pdf_files/851.pdf। আহৰণ কৰা হৈছে: 29 May 2012.
- 1 2 আহমেদ, মহম্মদ ফিৰোজ; দাস, অভিজিৎ আৰু দত্ত, সুশীল কুমাৰ (২০০৮). উত্তৰ-পূব ভাৰতৰ উভচৰ আৰু সৰীসৃপ সচিত্ৰ ক্ষেত্ৰ নিৰ্দেশিকা. আৰণ্যক, গুৱাহাটী - ২৮, অসম. পৃষ্ঠা. ৮৭. ISBN ৯৭৮-৮১-৯০৩৬৬৯-৩-৯.
- ↑ Tortoise care[usurped]. Chelonia.org. Retrieved on 2015-11-11.
- ↑ Tortoise Trust Web – A SECURE HABITAT. Tortoisetrust.org (1999-08-06). Retrieved on 2015-11-11.
- ↑ Ernst, C.H. and Barbour,R.W. (1989) Turtles of the World. Smithsonian Institution Press: Washington.