হোৱাংহো নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হালধীয়া নৈৰ পৰা পুনঃনিৰ্দেশিত)
হোৱাংহো নদী‎ (黄河)
The Yellow River at the Hukou Falls.
দেশ চীন
প্ৰদেশসমূহ Qinghai, Sichuan, Gansu, Ningxia, Inner Mongolia, Shaanxi, Shanxi, Henan, Shandong
উপনৈ
 - বাঁওদিশত Fen River (and many smaller rivers)
 - সোঁদিশত Tao River, Wei River (and many smaller rivers)
উৎস Bayan Har Mountains
 - অৱস্থান Yushu Prefecture, Qinghai
 - উচ্চতা ৪,৮০০ মি (১৫,৭৪৮ ফুট)
 - স্থানাঙ্ক 34°29′31″N 96°20′25″E / 34.49194°N 96.34028°E / 34.49194; 96.34028
মোহনা Bohai Sea
 - অৱস্থান Kenli County, Shandong
 - উচ্চতা ০ মি (০ ফুট)
 - স্থানাঙ্ক 37°46′48″N 119°15′00″E / 37.78°N 119.25°E / 37.78; 119.25
দৈৰ্ঘ্য ৫,৪৬৪ কিমি (৩,৩৯৫ মাইল)
অৱবাহিকা ৭,৫২,০০০ বৰ্গকিমি (২,৯০,৩৪৯ বৰ্গমাইল)
প্ৰবাহ
 - গড় ২,৫৭১ ঘনমিটাৰ/ছেকেণ্ড (৯০,৭৯৪ ঘনফুট/ছেকেণ্ড)
Map of the Yellow River in northeastern China
হোৱাংহো নদী
The "Mother River" monument in Lanzhou
চীনা নাম
পৰম্পৰাগত চীনা লিপি
সৰলীকৃত চীনা লিপি
Tibetan name
Tibetan རྨ་ཆུ།
Mongolian name
Mongolian Хатан гол
Ȟatan Gol
Шар мөрөн
Šar Mörön

হোৱাংহো নদী বা হালধীয়া নৈ (ইংৰাজী: Huang He / Yellow River) এছিয়াৰ ভিতৰতে য়াংজে (Yangtze) আৰু য়েনিছেই (Yenisei) নদীৰ পিছত তৃতীয়খন সৰ্বোচ্চ দৈৰ্ঘ্যৰ নৈ। বিশ্বৰ ভিতৰত দৈৰ্ঘ্যৰ ফালৰ পৰা এই নৈৰ স্থান ষষ্ঠ। এই নৈৰ দৈৰ্ঘ্য প্ৰায় 5,464 km (3,395 মাইল)।[1] এই নৈ পশ্চিম চীনৰ 'Qinghai' অঞ্চলৰ 'বায়ান হাৰ পৰ্বতমালা' (Bayan Har Mountains) ত উৎপত্তি হৈ নখন প্ৰদেশৰ মাজেৰে বৈ গৈ শ্বেনডং প্ৰদেশ (Shandong province)-ৰ ডনজিং (Dongying) মহানগৰৰ ওচৰেদি বহাই সাগৰ (Bohai Sea)-ত পৰিছেগৈ। এই নৈৰ উপত্যকা পূবা-পশ্চিমাকৈ প্ৰায় ১,৯০০ kilometer (1,180 মাইল) আৰু উত্তৰা-দক্ষিণাকৈ 1,100 km (680 মাইল) জুৰি বিস্তৃত হৈ আছে। এই উপত্যকাৰ মুঠ মাটিকালি প্ৰায় ৭,৪২,৪৪৩ বৰ্গ কি.মি. (7.42443×1011 বৰ্গ মিটাৰ)।


হোৱাংহো নদীক চীন সভ্যতাৰ মূল হোতা (the cradle of Chinese civilization) বুলি আখ্যা দিয়া হয়, কাৰণ এই নৈৰ উপত্যকাতেই পোনপপ্ৰথমে চীনা সভ্যতা গঢ় লৈ উঠিছিল। তদুপৰি চীনৰ ইতিহাসত এই উপত্যকাই আটাইতকৈ সম্ভাৱনাপূৰ্ণ অঞ্চল হৈ পৰিছিল। অৱশ্যে ঘনাই হোৱা ধ্বংসমুখী বান আৰু নৈৰ গতিপথৰ পৰিৱৰ্তনে উপত্যকাৰ বহুতো অঞ্চল ক্ষতিগ্ৰস্ত কৰে। এই কাৰণতে হোৱাংহো নদীক 'চীনৰ দুখ' (China's Sorrow আৰু Scourge of the Sons of Han) বুলিও বহুসময়ত আখ্যা দিয়া হয়।[2]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

হোৱাংহো নদী বৰ্তমানৰ সাতখন প্ৰদেশ আৰু দুখন স্বায়ত্ত্বশাসিত অঞ্চলৰ মাজেদি বৈ গৈছে। এই নৈক মূলতঃ তিনিটা ভাগত ভগোৱা হয়- তীব্বতৰ উত্তৰ-পূব অংশ, অৰ্ডছ লুপ (Ordos Loop) আৰু উত্তৰ চীন সমতল ( North China Plain)। অৱশ্যে এই শ্ৰেণীবিভাজন সম্পৰ্কে গৱেষক আৰু বিজ্ঞানীসকলৰ মতপাৰ্থক্য দেখা পোৱা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Yellow River (Huang He) Delta, China, Asia. Geol.lsu.edu (2000-02-28). Retrieved on 2013-02-04.
  2. New York Times "A Troubled River Mirrors China's Path to Modernity". 19 November 2006 p. 4.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

Works from the National Central Library about the Yellow River