হালিমা ছাদাম কৰিমী
অৱয়ব
| হালিমা ছাদাম কৰিমী Halima Sadaf Karimi | |
|---|---|
| জন্ম | জৌজজান প্ৰদেশ, আফগানিস্তান |
| শিক্ষা | অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত ডিগ্ৰী |
| পেচা | আফগানিস্তানৰ ৰাজনীতিক, সংসদৰ প্ৰাক্তন সদস্য |
| জনা যায় | মহিলাৰ অধিকাৰ কৰ্মী আৰু ৰাজনৈতিক সক্ৰিয়তা |
হালিমা ছাদাফ কৰিমি (ইংৰাজী: Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য।
হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।[1]
২০২১ চনত তেওঁক 'বিবিচি ১০০ মহিলা'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়৷ আফগানিস্তানৰ উজবেক সংখ্যালঘু আৰু মহিলাৰ অধিকাৰৰ পক্ষত থিয় হোৱাৰ বাবে তেওঁ পৰিচিত আৰু এই পৰিচিতিয়ে তেওঁক উক্ত সন্মান দিয়াত বিশেষ ভূমিকা লয়৷।[1]
তেওঁ তালিবানৰ পৰা বহুবাৰ মৃত্যুৰ ভাবুকি পাইছে৷ ভাবুকিৰ পৰা পৰিত্ৰাণাৰ্থে অৱশেষত কৰিমীয়ে সীমান্ত পাৰ হৈ উজবেকিস্তানলৈ পলায়ন কৰে।[2] ২০২০ চনত তেওঁৰ সৰু ভাতৃক তালিবানে হত্যা কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "BBC 100 Women 2021: Who is on the list this year?" (en-GB ভাষাত). BBC News. 7 December 2021. https://www.bbc.com/news/world-59514598.
- ↑ "Fleeing the Taliban across land". amp.dw.com. Archived from the original on 8 March 2024. https://web.archive.org/web/20240308160621/https://amp.dw.com/en/escaping-the-taliban-politician-halima-sadaf-karimi/av-59092627। আহৰণ কৰা হৈছে: 8 March 2024.
- ↑ https://www.bbc.co.uk/news/world-59514598