হালে নৃত্য
হালে নৃত্য (ইংৰাজী: Halay) তুৰস্কৰ জাতীয় নৃত্য আৰু দেশখনৰ মধ্য, দক্ষিণ, পূব আৰু দক্ষিণ-পূব অঞ্চলৰ লোকনৃত্য শৈলীৰ এটা আঞ্চলিক ৰূপ। ইয়াক প্ৰধানকৈ তুৰস্ক আৰু কুৰ্দসকলে পৰিবেশন কৰে। হালে আৰু অনুৰূপ নৃত্য সমগ্ৰ মধ্যপ্ৰাচ্য আৰু ওচৰৰ অঞ্চলসমূহৰ একাধিক প্ৰাচীন লোকনৃত্য পৰম্পৰা আৰু সংস্কৃতিৰ এক অংশ।[1][2]
এই নৃত্যবোৰৰ বেছিভাগেই বিয়াত পৰিৱেশন কৰা দেখা আৰু সাধাৰণতে জুৰ্না আৰু ডাৱু বাদ্য লগত থাকে,[3] কিন্তু বৰ্তমান সময়ত ইয়াৰ ঠাইত ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সাধাৰণতে হালে নৃত্যশিল্পীসকলে ইজনে সিজনক বহু ধৰণে ধৰি ৰাখি বৃত্ত বা ৰেখা গঠন কৰে, যেনে আঙুলিৰ পৰা আঙুলিলৈ, কান্ধৰ পৰা কান্ধলৈ বা হাতৰ পৰা হাতলৈ। শেষ আৰু প্ৰথম খেলুৱৈয়ে কাপোৰৰ টুকুৰা এটা ধৰিব পাৰে। ই সাধাৰণতে লাহে লাহে আৰম্ভ হয় আৰু দ্ৰুতগতিত বৃদ্ধি পায়।[3]
তুৰস্কত ক’ভিড-১৯ মহামাৰী সম্পৰ্কীয় নিষেধাজ্ঞাৰ বাবে বিয়াত হালে নৃত্য নিষিদ্ধ কৰা হৈছিল। মহামাৰীৰ বাবে বিয়াত মানুহে হাতৰ পৰিৱৰ্তে ইজনে সিজনক এডাল লাঠিৰে সংযোগ কৰি ধৰিব লাগিছিল।[4]
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]হালে শব্দটোৰ ভাষিক উৎপত্তিৰ বিষয়ে সম্পূৰ্ণৰূপে জনা নাযায়। ইয়াৰ একাধিক তত্ত্ব আছে। Kubbealti অভিধানত দিয়া মূল ব্যুৎপত্তিটো হ'ল যে, শব্দটো "alay" শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "সম্প্ৰদায় বা ভিৰ।" "আলয়" শব্দটো পাৰ্চী ভাষাৰ পৰা তুৰ্কীলৈ পৰিৱৰ্তন কৰা হৈছিল। পাৰ্চী ভাষাত ইয়াক গ্ৰীক aláyi(on) αλάγιον "বাইজেণ্টাইন সেনাবাহিনীৰ স্বতন্ত্ৰ অশ্বাৰোহী ইউনিট (দশম শতিকা)"ৰ পৰা লোৱা হৈছে। গ্ৰীক শব্দ(aláyi) লেটিন "alae" ৰ পৰা লোৱা হৈছে। এই শব্দ(alae) লেটিন ভাষাৰ বহুবচন "ala" প্ৰথম বাহিনী, দ্বিতীয় ৰোমান সেনাবাহিনীৰ অশ্বাৰোহী ইউনিটসমূহক দিয়া নাম। লেটিন শব্দটো খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত লিপিবদ্ধ কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা কেন্দ্ৰত পদাতিক ইউনিটৰ সোঁ আৰু বাওঁফালে নিয়োজিত অশ্বাৰোহী বাহিনীৰ ইউনিটসমূহক বুজোৱা হয়। গ্ৰীক ৰূপটো প্ৰথমে ৯৫৯ চনত অষ্টম কনষ্টেণ্টাইন পৰ্ফাইৰ’জেনেটছৰ আইন সংকলনত দেখা যায়। তুৰ্কী শব্দটোৰ মূল অৰ্থ হৈছে পৰম্পৰাগত তুৰ্কী ৰেইডিং অৰ্ডাৰৰ দৰে পৰিপাটি ৰেংকত থকা অশ্বাৰোহী বাহিনীৰ ইউনিট।[5]
চেভান নিশানিয়ানৰ এটিম'লজিকেল ডিকচনেৰী অৱ কণ্টেম্পৰেৰী তুৰ্কীৰ মতে, ই কুৰ্দি (কুৰ্মানজী) ভাষাৰ হিলাই বা হালয়িৰ পৰা আহিছে যাৰ অৰ্থ হৈছে "ঠিয় হৈ থকা, খেলা।" এই শব্দটো কুৰ্দি (কুৰ্মানজী) ক্ৰিয়াৰ হিলদান বা হালদান "খেলোৱা, জঁপিয়াই পৰা, তুলি লোৱা"ৰ পৰা উদ্ভৱ হৈছে।[6] কিন্তু ২০২২ চনৰ ২৪ জুলাইত নিশানিয়ানে এই কথাত সন্দেহ প্ৰকাশ কৰি প্ৰকাশ কৰে যে, তেওঁ এই শব্দটোৰ সঠিক উৎপত্তি নাজানে।[7]
কুৰ্দি ভাষাত ইয়াক গোভেণ্ড বা ডিলান, চিৰিয়াক ভাষাত Ḥeggāʾ (ܚܓܐ), আজাৰবাইজানী ভাষাত Yallı, আৰ্মেনিয়ান ভাষাত šurǰpar (Շուրջպար), গ্ৰীক ভাষাত Chaláï (Χαλάϊ) আৰু তুৰ্কী ভাষাত Halay বুলিও জনা যায়।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Sahan, Tülay (2017-08-01) (de ভাষাত). Migration und Suchtverhalten. Ein Halay-Tanz-Forschungsprojekt. Diplomica Verlag. ISBN 978-3-96146-557-6. https://books.google.com/books?id=VqwyDwAAQBAJ&dq=halay&pg=PA8.
- ↑ Celiker, Anna Grabolle (2015-06-19) (en ভাষাত). Kurdish Life in Contemporary Turkey: Migration, Gender and Ethnic Identity. Bloomsbury Publishing. ISBN 978-0-85772-597-4. https://books.google.com/books?id=RHb3DwAAQBAJ&pg=PA166.
- ↑ 3.0 3.1 Jan Laurens Hartong (2006). Musical Terms Worldwide: A Companion for the Musical Explorer. Semar Publishers Srl. পৃষ্ঠা. 132–. ISBN 978-88-7778-090-4. https://archive.org/details/musicaltermsworl0000hart.
- ↑ "Traditional halay dances at weddings to be performed with sticks" (en ভাষাত). Hürriyet Daily News. https://www.hurriyetdailynews.com/traditional-halay-dances-at-weddings-to-be-performed-with-sticks-154637। আহৰণ কৰা হৈছে: 2021-06-05.
- ↑ "halay". Kubbealtı Lugatı. Retrieved 27 January 2024.
- ↑ [1]
- ↑ Sevan Nişanyan (24 July 2022). Pazar Sohbeti 138 - 24 Temmuz 2022. Retrieved 25 July 2022 – via YouTube.