সমললৈ যাওক

হাৰমাইনী (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাৰমাইনী
স্পাৰ্টাৰ ৰাণী
নিবাস স্পাৰ্টা
সঙ্গী (১) নিঅ’প্টোলেমাছ
(২) অৰেষ্টেছ
পিতৃ-মাতৃ মেনেলাছ আৰু হেলেন

হাৰমাইনী (/hɜːrˈmaɪ.əni/;[1] প্ৰাচীন গ্ৰীক: Ἑρμιόνη, [[ইংৰাজী ভাষা|ইংৰাজী: Hermione) স্পাৰ্টাৰ ৰজা মেনেলাছ আৰু তেওঁৰ পত্নী হেলেনৰ কন্যা আছিল।[2] ট্ৰজান যুদ্ধৰ আগতে হাৰমাইনীক তেওঁৰ ককাক টিণ্ডেৰিয়াছে[3] তেওঁৰ সম্বন্ধীয় আগামেমনন তথা মাহীয়েক ক্লাইটেমনেষ্ট্ৰাৰ পুতেক অৰেষ্টেছৰ সৈতে বাগদান কৰিছিল। তেওঁৰ মাত্ৰ ন বছৰ বয়সতে ট্ৰজান ৰজা প্ৰিয়ামৰ পুত্ৰ পেৰিছে তেওঁৰ মাতৃ হেলেনক অপহৰণ কৰিছিল।

যুদ্ধৰ সময়ত মেনেলাছে তেওঁক একিলিছৰ পুত্ৰ নিওপ্টোলেমাছলৈ বিয়া দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।[4] যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ হাৰ্মাইনীক থিয়া চহৰত (পেলিয়াছ আৰু একিলিছৰ ঘৰ) থকা নিঅ'প্টোলেমাছৰ ওচৰলৈ পঠিয়াই দিয়ে। দুয়োৰে বিবাহ হৈছিল যদিও তাৰ কিছুদিন পিছতে নিঅ’প্টোলেমাছে পিতৃৰ হত্যা কৰা কাৰণে এপ’ল’ক হত্যা কৰি প্ৰতিশোধ ল’বলৈ ডেলফিলৈ যাত্ৰা কৰে। সেই যুদ্ধতে নিঅ'প্টোলেমাছৰ মৃত্যু হয় আৰু হাৰ্মাইনীয়ে অৰেষ্টেছক বিয়া কৰাবলৈ মুক্ত হয় আৰু তেওঁৰ এটি পুত্ৰ টিছামেনাছৰ জন্ম হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Hermione". Dictionary.com Unabridged. Random House. http://www.dictionary.com/browse/Hermione। আহৰণ কৰা হৈছে: 2016-01-22. 
  2. Homer, Odyssey 4.2–14
  3. "wise Tyndareus, a man of sober life and many long years gave me to you" — Ovid, Heroides 8. Hermione's letter to Orestes.
  4. Homer, Odyssey 4.5–7