হাৰুকা আয়াসি
| হাৰুকা আয়াসি | |
|---|---|
২০২৪ চনৰ ৩৭সংখ্যক টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আয়াসি | |
| স্থানীয় নাম | 綾瀬 はるকা |
| জন্ম | আয়া টাডামাৰু ২৪ মাৰ্চ, ১৯৮৫ (৪১ বছৰ) হিলচিমা, জাপান |
| শিক্ষা | টেইকিঅ' ইউনিভাৰ্চিটি জুনিয়ৰ কলেজ |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০০–বৰ্তমান |
| উচ্চতা | ১.৬৬ মিটাৰ (U=ft}}) |
আয়া টাডামাৰু (ইংৰাজী: Aya Tademaru; জন্ম: ২৪ মাৰ্চ, ১৯৮৫) তেওঁৰ মঞ্চ নাম হাৰুকা আয়াসি নামেৰেহে অধিক পৰিচিত। তেওঁ এগৰাকী জাপানী অভিনেত্ৰী যিয়ে ২০০০ চনত এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।[1] তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]হাৰুকা আয়াসিৰ জন্ম হৈছিল ১৯৮৫ চনৰ ২৪ মাৰ্চত হিলচিমা প্ৰেফেকচাৰত আয়া টাডামাৰু হিচাপে।[3] আয়াসিৰ এজন ককায়েক আছে।[4] তেওঁৰ ককাক-আইতাক হিলচিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰপৰা ৰক্ষা পোৱা লোক আছিল।[3]
ৰাজহুৱা ছবি
[সম্পাদনা কৰক]বাতৰি কাকত দ্য জাপান টাইমছে আয়াসিক "এনী হেথাৱেৰ জাপানী সংস্কৰণ" বুলি অভিহিত কৰিছে।[5] ২০১৮ চনত আয়াসিক জাপানৰ আটাইতকৈ ধুনীয়া মুখমণ্ডল হিচাপে ঘোষণা কৰা হৈছিল।[6]
স্বাস্থ্য
[সম্পাদনা কৰক]চাইবৰ্গ চি (Cyborg She) ছবিৰ শ্বুটিং কৰি থকা সময়ত আয়াসিৰ নাক ভাগিছিল।[7]
২০২১ চনৰ ৩১ আগষ্টত আয়াসিয়ে টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে ঘোষণা কৰিছিল যে তেওঁ ক’ভিড-১৯ ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হৈছে।[8] যদিও তেওঁ প্ৰথমতে ঘৰতে সুস্থ হৈ উঠিছিল, পিছলৈ নিউমোনিয়াৰ লক্ষণ দেখা দিয়াত তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল।[8]
আইনী জটিলতা
[সম্পাদনা কৰক]২০০৬ চনত নিউজিলেণ্ডত আয়াসিক এগৰাকী চোৰাংচোৱা বুলি ভুল বুজা-বুজি হোৱাৰ পিছত আটক কৰা হৈছিল।[9]
২০২০ চনৰ বসন্তকালৰ আশে-পাশে আয়াসিৰ মাতৃয়ে পৰিচালনা কৰা তেওঁৰ ব্যক্তিগত কাৰ্যালয়ৰ এটা কোম্পানীয়ে আয়াসি পৰিয়ালৰ দীৰ্ঘদিনীয়া চিনাকি এজন হিলচিমাৰ কৰ একাউণ্টেণ্টৰদ্বাৰা সহ-পৰিচালিত এটা আঁচনিত প্ৰায় ১০ কোটি জাপানী য়েন বিনিয়োগ কৰিছিল। ২০২১ চনৰ মে' মাহত আঁচনিখনে আয়াসিৰ কোম্পানীক ধন ঘূৰাই দিয়াৰ ক্ষেত্ৰত বিফল হয় আৰু পিছলৈ একাউণ্টেণ্টজনৰ পুত্ৰই সম্পূৰ্ণ বিনিয়োগৰ ধন ওভতাই দিয়াৰ ব্যৱস্থা কৰে। ২০২২ চনৰ নৱেম্বৰ মাহত বিনিয়োগ আইন উলংঘাৰ অভিযোগত একাউণ্টেণ্টজনৰ লগতে আন তিনিজনক গ্ৰপ্তাৰ কৰা হয়। আন একাংশ বিনিয়োগকাৰীয়ে অভিযোগ উত্থাপন কৰিছিল যে একাউণ্টেণ্টজনে সেই আঁচনিখনত বিনিয়োগৰ বাবে মানুহক আকৰ্ষিত কৰিবলৈ আয়াসিৰ সৈতে থকা তেওঁৰ সম্পৰ্কক ব্যৱহাৰ কৰিছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ja:綾瀬はるか" (ja ভাষাত). Kinema-Junposha.Co.Ltd. http://www.kinenote.com/main/public/cinema/person.aspx?person_id=169666। আহৰণ কৰা হৈছে: June 21, 2015.
- ↑ "Spotlight: Documentary in Japan reveals dark history of "poison gas island"". Archived from the original on October 26, 2020. https://web.archive.org/web/20201026204907/http://www.xinhuanet.com/english/2017-08/18/c_136534333.htm। আহৰণ কৰা হৈছে: March 22, 2026. ""Haruka Ayase, a 32-year-old popular idol in Japan""
- "SK-II celebrates women with new facial treatment". Jakarta Post. http://www.thejakartapost.com/adv/2017/12/06/sk-ii-celebrates-women-with-new-facial-treatment.html. ""top Japanese actress Haruka Ayase""
- "These were Japan's most used celebrity endorsers in 2017". Campaign Asia. http://www.campaignasia.com/article/these-were-japans-most-used-celebrity-endorsers-in-2017/442155. ""Other in-demand figures included actress(es)... Haruka Ayase""
- "Japan Box Office: 'Honnoji Hotel' Bows at No. 1". Variety. January 16, 2017. https://variety.com/2017/film/asia/japan-box-office-honnoji-hotel-number-one-1201961009/. ""top model-actress Haraka Ayase"" - 1 2 "綾瀬はるか「世界平和」の夢にこめた「祖母との約束」" (Japanese ভাষাত). 女性自身エンタメニュース. February 15, 2018. https://jisin.jp/entertainment/entertainment-news/1614898/। আহৰণ কৰা হৈছে: July 22, 2023.
- ↑ "綾瀬はるか 実家ではほっかむりして農作業 腕前はプロ級(全文)" (ja ভাষাত). デイリー新潮. 2014-05-25. https://www.dailyshincho.jp/article/2014/05250900/?all=1। আহৰণ কৰা হৈছে: 2025-01-06.
- ↑ Schilling, Mark (2017-01-25). "'Honnouji Hotel': Drama on the wrong side of history" (en-US ভাষাত). The Japan Times. https://www.japantimes.co.jp/culture/2017/01/25/films/film-reviews/honnouji-hotel-drama-wrong-side-history/। আহৰণ কৰা হৈছে: 2020-06-06.
- ↑ 櫛田健介 (2018-07-09). "自信がなくても、「よーい、どん」で走り出いたら全力で ――綾瀬はるか流・女優の「続け方」". リクナビNEXTジャーナル. https://next.rikunabi.com/journal/20180709_p12/#। আহৰণ কৰা হৈছে: 2024-09-01.
- ↑ "ja:『僕の彼女はサイボーグ』綾瀬はるか 単独インタビュー ["My Girlfriend is a Cyborg" Ayase Haruka Solo Interview]". Archived from the original on 2008-05-30. https://web.archive.org/web/20080530203927/http://movie.goo.ne.jp/special/cyborg/index.html। আহৰণ কৰা হৈছে: 2026-03-22.
- 1 2 "ja:綾瀬はるかコロナ感染 26日陽性反応、自宅療養も肺炎の症状で入院 - 芸能 : 日刊スポーツ [Haruka Ayase Corona infection positive reaction on 26th, home treatment hospitalized with symptoms of pneumonia]" (ja ভাষাত). nikkansports.com. https://www.nikkansports.com/entertainment/news/202108310000775.html। আহৰণ কৰা হৈছে: 2022-12-27.
- ↑ "Haruka Ayase arrested on suspicion of spying! ?". 2008-11-08. Archived from the original on 2009-02-04. https://web.archive.org/web/20090204222110/http://sankei.jp.msn.com/entertainments/entertainers/081108/tnr0811081403003-n1.htm। আহৰণ কৰা হৈছে: 2026-03-22.
- ↑ "綾瀬はるかが広告塔に使われた40億円投資トラブル 逮捕された税理士「国民的女優を利用」の周到手口" (ja ভাষাত). NEWSポストセブン. https://www.news-postseven.com/archives/20221117_1813455.html?DETAIL। আহৰণ কৰা হৈছে: 2023-01-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Haruka Ayase সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Talent Agency official website (in Japanese)
- Victor Entertainment official website (in Japanese)
- ইনষ্টাগ্ৰামত হাৰুকা আয়াসি
- Haruka Ayase সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।